স্পৰ্টছ ডেস্ক, ২৫ মাৰ্চ: ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক সংস্কৰণৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে । আই পি এলৰ এই সংস্কৰণটো মুঠ ৬৬ দিনৰ বাবে চলিব, ইয়াৰে তিনিদিনৰ খেল ইতিমধ্যে অনুষ্ঠিত হৈছে । গোটেই সংস্কৰণটোত মুঠ ৭৪খন মেচ অনুষ্ঠিত হ’ব, য’ত মুঠ ১১খন ডাবল হেডাৰ (১ দিনত দুখন মেচ) হ’ব । ইতিমধ্যে শনিবাৰ আৰু দেওবাৰে ২টা ডাবল হেডাৰ হৈছে । চেন্নাইৰ চেপাউক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ।
২৬ মে'ত চেন্নাইত অনুষ্ঠিত হ’ব ফাইনেল মেচ:
অহা ২৬ মে'ত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই পি এল ২০২৪ৰ ফাইনেল ৷ অহা ২১ মে’ত প্ৰথমখন কোৱালিফায়াৰ আৰু ২২ মে’ত এলিমিনেটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । আনহাতে, দ্বিতীয়খন কোৱালিফায়াৰ ২৪ মে’ত চেন্নাইত অনুষ্ঠিত হ’ব।
অহা ১৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ‘দ্য গ্ৰেটেষ্ট ৰাইভেলৰী’:
- " class="align-text-top noRightClick twitterSection" data="">
আই পি এলৰ ইতিহাসৰ সফল দল দুটা মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত একমাত্ৰ লীগ মেচ ১৪ এপ্ৰিল অৰ্থাৎ দেওবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা খেলখনক আই পি এলৰ ‘দ্য গ্ৰেটেষ্ট ৰিভালৰী’ আৰু ‘এল ক্লাছিক’ বুলি কোৱা হয় ।
১৮ মে’ত আৰচিবি বনাম চেন্নাই:
১৮ মে’ শনিবাৰে আৰচিবিৰ ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বৰ লাখ লাখ অনুৰাগী থকা আইপিএলৰ দুটা দল চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত দ্বিতীয়খন লীগ মেচ । এইখন এই সংস্কৰণৰ অন্তিমখন লীগ মেচো হ’ব । চেন্নাইৰ চেপাউক ষ্টেডিয়ামত এই দুটা দলৰ মাজত অনুষ্ঠিত হোৱা আই পি এল ২০২৪ৰ উদ্বোধনী মেচত চি এছ কেয়ে ৮টা বল বাকী থকা অৱস্থাত আৰ চি বিক ৬ উইকেটত পৰাস্ত কৰিছিল ।
আই পি এল ২০২৪ৰ সম্পূৰ্ণ সূচী:
২২ মাৰ্চ : চি এছ কে বনাম আৰ চি বি (চেন্নাই) নিশা ৮ বজাত
২৩ মাৰ্চ : পি বি কে এছ বনাম ডি চি (মুল্লানপুৰ) বিয়লি ৩:৩০ বজাত
কে কে আৰ বনাম এছ আৰ এইচ (কলকাতা) বিয়লি ৭:৩০ বজাত
২৪ মাৰ্চ: আৰ আৰ বনাম এল এছ জি (জয়পুৰ) বিয়লি ৩:৩০ বজাত
জি টি বনাম এম আই (আহমেদাবাদ) সন্ধিয়া ৭:৩০ বজাত
২৫ মাৰ্চ: আৰ চি বি বনাম পি বি কে এছ (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
২৬ মাৰ্চ: চি এছ কে বনাম জি টি (চেন্নাই) সন্ধিয়া ৭:৩০ বজাত
২৭ মাৰ্চ: এছ আৰ এইচ বনাম এম আই (হায়দৰাবাদ) সন্ধিয়া ৭:৩০ বজাত
২৮ মাৰ্চ: আৰ আৰ বনাম ডি চি (জয়পুৰ) বিয়লি ৭:৩০ বজাত
২৯ মাৰ্চ: আৰ চি বি বনাম কে কে আৰ (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
৩০ মাৰ্চ: এল এছ জি বনাম পি বি কে এছ (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০ বজাত
৩১ মাৰ্চ: জি টি বনাম এছ আৰ এইচ (আহমেদাবাদ) বিয়লি ৩:৩০ বজাত
ডি চি বনাম চি এছ কে (বিশাখাপট্টনম) সন্ধিয়া ৭:৩০ বজাত
১ এপ্ৰিল: এম আই বনাম আৰ আৰ (মুম্বাই) সন্ধিয়া ৭:৩০ বজাত
২ এপ্ৰিল : আৰ চি বি বনাম এল এছ জি (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
৩ এপ্ৰিল: ডি চি বনাম কে কে আৰ (বিশাখাপট্টনম) সন্ধিয়া ৭:৩০ বজাত
৪ এপ্ৰিল: জিটি বনাম পিবিকেএছ (আহমেদাবাদ) বিয়লি ৭:৩০ বজাত
৫ এপ্ৰিল: এছ আৰ এইচ বনাম চি এছ কে (হায়দৰাবাদ) সন্ধিয়া ৭:৩০ বজাত
৬ এপ্ৰিল: আৰ আৰ বনাম আৰ চি বি (জয়পুৰ) সন্ধিয়া ৭:৩০ বজাত
৭ এপ্ৰিল: এম আই বনাম ডি চি (মুম্বাই) বিয়লি ৩:৩০ বজাত
এল এছ জি বনাম জিটি (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০ বজাত
৮ এপ্ৰিল: চি এছ কে বনাম কে কে আৰ (চেন্নাই) সন্ধিয়া ৭:৩০ বজাত
৯ এপ্ৰিল: পি বি কে এছ বনাম এছ আৰ এইচ (মুল্লানপুৰ) সন্ধিয়া ৭:৩০ বজাত
১০ এপ্ৰিল: আৰ আৰ বনাম জি টি (জয়পুৰ)
১১ এপ্ৰিলৰ সন্ধিয়া ৭:৩০ বজাত : এম আই বনাম আৰ চি বি (মুম্বাই) সন্ধিয়া ৭:৩০ বজাত
১২ এপ্ৰিল: এল এছ জি বনাম ডি চি (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০ বজাত
১৩ এপ্ৰিল: পি বি কে এছ বনাম আৰ আৰ (মুল্লানপুৰ) সন্ধিয়া ৭:৩০ বজাত
১৪ এপ্ৰিল: কে কে আৰ বনাম এল এছ জি (কলকাতা) বিয়লি ৩:৩০ বজাত
এম আই বনাম চি এছ কে (মুম্বাই) সন্ধিয়া ৭:৩০ বজাত
১৫ এপ্ৰিলঃ আৰ চি বি বনাম এছ আৰ এইচ (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
১৬ এপ্ৰিল: জি টি বনাম ডি চি (আহমেদাবাদ) সন্ধিয়া ৭:৩০ বজাত
১৭ এপ্ৰিল: কে কে আৰ বনাম আৰ আৰ (কলকাতা) সন্ধিয়া ৭:৩০
১৮ এপ্ৰিল: পিবিকেএছ বনাম এমআই (মুল্লানপুৰ) সন্ধিয়া ৭:৩০ বজাত
১৯ এপ্ৰিল: এল এছ জি বনাম চি এছ কে (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০ বজাত
২০ এপ্ৰিল: ডি চি বনাম এছ আৰ এইচ (দিল্লী) সন্ধিয়া ৭:৩০ বজাত
২১ এপ্ৰিল: কে কে আৰ বনাম আৰ চি বি (কলকাতা) ৩:৩০ বজাত সন্ধিয়া
পিবিকেএছ বনাম জিটি (মুল্লনপুৰ) সন্ধিয়া ৭:৩০ বজাত
২২ এপ্ৰিল: আৰ আৰ বনাম এম আই (জয়পুৰ) সন্ধিয়া ৭:৩০ বজাত
২৩ এপ্ৰিল: চি এছ কে বনাম এল এছ জি (চেন্নাই) সন্ধিয়া ৭:৩০ বজাত
২৪ এপ্ৰিল: ডি চি বনাম জি টি (দিল্লী) সন্ধিয়া ৭:৩০ বজাত
২৫ এপ্ৰিল : এছ আৰ এইচ বনাম আৰ চি বি (হায়দৰাবাদ) সন্ধিয়া ৭:৩০ বজাত
২৬ এপ্ৰিল : কে কে আৰ বনাম পি বি কে এছ (কলকাতা) সন্ধিয়া ৭:৩০ বজাত
২৭ এপ্ৰিল : ডি চি বনাম এম আই (দিল্লী) বিয়লি ৩:৩০ বজাত
এল এছ জি বনাম আৰ আৰ (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০
২৮ এপ্ৰিল: জিটি বনাম আৰচিবি (আহমেদাবাদ) বিয়লি ৩:৩০ বজাত
চিএছকে বনাম এছআৰএইচ (চেন্নাই) বিয়লি ৭:৩০ বজাত
২৯ এপ্ৰিল: কেকেআৰ বনাম ডিচি (কলকাতা) সন্ধিয়া ৭:৩০ বজাত
৩০ এপ্ৰিল: এলএছজি বনাম এমআই (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০ বজাত
১ মে’: চি এছ কে বনাম পি বি কে এছ (চেন্নাই) সন্ধিয়া ৭:৩০ বজাত
২ মে’: এছ আৰ এইচ বনাম আৰ আৰ (হায়দৰাবাদ) সন্ধিয়া ৭:৩০ বজাত
৩ মে’: এম আই বনাম কে কে আৰ (মুম্বাই) সন্ধিয়া ৭:৩০ বজাত
৪ মে’: আৰ চি বি বনাম জি টি (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
৫ মে’: পি বি কে এছ বনাম চি এছ কে (ধৰমশালা) বিয়লি ৩:৩০ বজাত
এল এছ জি বনাম কে কে আৰ (লক্ষ্ণৌ) সন্ধিয়া ৭:৩০ বজাত
৬ মে’: এম আই বনাম এছ আৰ এইচ (মুম্বাই) সন্ধিয়া ৭:৩০ বজাত
৭ মে’: ডি চি বনাম আৰ আৰ (দিল্লী) সন্ধিয়া ৭:৩০ বজাত
৮ মে’: এছ আৰ এইচ বনাম এল এছ জি (হায়দৰাবাদ) সন্ধিয়া ৭:৩০ বজাত
৯ মে’: পি বি কে এছ বনাম আৰ চি বি (ধৰমশালা) সন্ধিয়া ৭:৩৩০ বজাত
১০ মে’: জি টি বনাম চি এছ কে (আহমেদাবাদ) সন্ধিয়া ৭:৩০ বজাত
১১ মে’: কে কে আৰ বনাম এম আই (কলকাতা) সন্ধিয়া ৭:৩০ বিয়লি
১২ মে’: চি এছ কে বনাম আৰ আৰ (চেন্নাই) বিয়লি ৩:৩০ বজাত
আৰ চি বি বনাম ডি চি (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
১৩ মে’: জি টি বনাম কে কে আৰ (আহমেদাবাদ) সন্ধিয়া ৭:৩০ বজাত
১৪ মে’: ডি চি বনাম এল এছ জি (দিল্লী) সন্ধিয়া ৭:৩০ বজাত
১৫ মে’: আৰ আৰ বনাম পি এন কে এছ (গুৱাহাটী) সন্ধিয়া ৭:৩০ বজাত
১৬মে’ : এছ আৰ এইচ বনাম জি টি (হায়দৰাবাদ) সন্ধিয়া ৭:৩০ বজাত
১৭ মে’: এম আই বনাম এল এছ জি (মুম্বাই) সন্ধিয়া ৭:৩০ বজাত
১৮ মে’: আৰ চি বি বনাম চি এছ কে (বেংগালুৰু) সন্ধিয়া ৭:৩০ বজাত
১৯ মে’: এছ আৰ এইচ বনাম পি বি কে এছ (হায়দৰাবাদ) ৩:৩০ বজাত সন্ধিয়া
আৰ আৰ বনাম কে কে আৰ (গুৱাহাটী) সন্ধিয়া ৭:৩০ বজাত
২১ মে’: কোৱালিফায়াৰ ১ (আহমেদাবাদ) সন্ধিয়া ৭:৩০ বজাত
২২ মে’: এলিমিনেটৰ (আহমেদাবাদ) সন্ধিয়া ৭:৩০ বজাত
২৪ মে’: কোৱালিফায়াৰ ২ (চেন্নাই) সন্ধিয়া ৭:৩০ বজাত
২৬ মে’: ফাইনেল (চেন্নাই) সন্ধিয়া ৭:৩০ বজাত
লগতে পঢ়ক: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 177 ৰাণৰ লক্ষ্য বান্ধি দিলে পঞ্জাব কিংছে - IPL 2024