ETV Bharat / sports

ৰেফাৰীৰ পক্ষপাতমূলক ভূমিকাত স্বপ্নভংগ ভাৰতীয় ফুটবল দলৰ - India in FIFA WC Qualifier

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 1:53 PM IST

INDIA VS QATAR : ফিফা বিশ্বকাপৰ যোগ্য়তা নিৰ্ণয়কাৰী খেলত ভাৰতে কাটাৰৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ৰ পথত আগবঢ়াৰ সময়তেই ৰেফাৰীৰ আশ্চৰ্যজনক সিদ্ধান্তই স্তব্ধ কৰিলে গতিপথ । চাওক প্ৰকৃততে কি হৈছিল ?

poor Refereeing from South Korean match officials
ফিফা বিশ্বকাপৰ যোগ্য়তা নিৰ্ণয়কাৰী খেল (IANS Pictures)

স্প’ৰ্টছ ডেস্ক, ১২ জুন : ফিফা বিশ্বকাপৰ যোগ্য়তা নিৰ্ণয়কাৰী খেলত ৰেফাৰীৰ দুৰ্বল ভূমিকাৰ বাবে পৰাজিত হ'ল ভাৰত । ভাৰতীয় ফুটবল দলটোৱে মঙলবাৰে কাটাৰৰ হাতত ২-১ গ'লত পৰাজিত হৈ বিশ্বকাপৰ যোগ্য়তা অৰ্জনৰ পৰা বঞ্চিত হ'ল ।

দক্ষিণ কোৰিয়াৰ মেচ ৰেফাৰীৰ দুৰ্বল খেল পৰিচালনাৰ বাবে এই বিতৰ্কৰ সূত্ৰপাত ঘটে । খেলখনৰ ৭৩ মিনিটলৈকে ভাৰতে বিশ্বকাপ কোৱালিফায়াৰৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হ'ব বুলি নিশ্চিত হৈছিল ভাৰতীয় সমৰ্থকসকল । কিয়নো তেতিয়ালৈকে ভাৰতে লালিয়াঞ্জুৱালা চাংটেৰ গ'লৰ সহায়ত কাটাৰৰ বিৰুদ্ধে ১-০ গ'লৰ ব্য়ৱধানত আগবাঢ়ি আছিল ।

এইদৰে খেল চলি থকাৰ সময়তেই ৰেফাৰীয়ে কাটাৰক ফ্ৰী কিক প্ৰদান কৰাৰ ফলত ভাৰতীয় ফুটবল দলটো দুৰ্যোগৰ সন্মুখীন হয় । গ'লৰক্ষক গুৰপ্ৰীত সিং সান্ধুৱে য়ুচেফ আয়মেনৰ এটা হেডাৰ ৰক্ষা কৰে, যদিও বলটো তেওঁৰ মাজেৰে পাৰ হৈ যোৱাত কাটাৰে এটা কৰ্ণাৰ কিক লাভ কৰে ।

অৱশ্যে আলহাছমী মহিলদিনে বলটো বেকহিলৰে ঘূৰাই অনাৰ পচতেই য়ুচেফ আয়মেনে ইয়াক গ'লপোষ্টত আঘাত কৰে । ইফালে বলটো সীমাৰ বাহিৰলৈ যোৱাৰ কথা বিবেচনা কৰি ভাৰতীয় দলটোৱে খেলা বন্ধ কৰে । ভাৰতীয় দলটোৱে এই গ'লটোৰ পিছত সমস্বৰে প্ৰতিবাদ কৰে । কিন্তু ভি এ আৰ নোহোৱাকৈ ৰেফাৰীয়ে নিজৰ সিদ্ধান্তত অটল থাকে ।

ভাৰতীয় দলটোৱে তাৰপিছত ছন্দ হেৰুৱাই পেলায় । ইয়াৰ কেইমিনিটমান পিছত কাটাৰে আন এটা গ'ল দিয়ে । ফলত ভাৰতে মেচখনত ২-১ গ'লত পৰাজিত হয় । লগে লগে ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ দৌৰৰ পৰা বাহিৰ হয় । ইয়াৰ পিচতেই উক্ত বিষয়টোক লৈ বহুতেই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখ্য় যে, প্ৰথমাৰ্ধত ভাৰতীয় দলটোৱে খেলখনত আধিপত্য় বিস্তাৰ কৰিছিল । কিন্তু অন্তিম 30 মিনিটত ভাৰতীয় দলটোৱে এই ধাৰা অব্য়াহত ৰখাত ব্য়ৰ্থ হোৱাত বিশ্বকাপৰ যোগ্য়তা অৰ্জনৰ পৰা বঞ্চিত হয় ।

লগতে পঢ়ক:ফিফা বিশ্বকাপ কোৱালিফায়াৰত কাটাৰৰ বিৰুদ্ধে ভাৰত; আশাবাদী ভাৰতীয় প্ৰশিক্ষক ষ্টিমাক - India in FIFA WC Qualifier

অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সুনীল ছেত্ৰীৰ - Sunil Chhetri Farewell Match

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.