ETV Bharat / sports

জেঠালালক সাক্ষাৎ ভাৰতীয় মল্লযোদ্ধা অমন চেহৰাৱতৰ: উপহাৰত পালে ফাফড়া-জিলাপী - AMAN SEHRAWAT MET JETHALAL

author img

By ETV Bharat Sports Team

Published : Aug 22, 2024, 7:36 PM IST

Paris Olympics 2024: পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী অমন চেহৰাৱতে শেহতীয়াকৈ প্ৰকাশ কৰিছিল যে, তেওঁ টেলিভিছনৰ জনপ্ৰিয় অনুষ্ঠান "তাৰক মেহতা কা উল্টা চশমা" ৰ এগৰাকী অনুৰাগী । চেহৰাৱতে এই ধাৰাবাহিকখনৰ জনপ্ৰিয় চৰিত্ৰ জেঠালালক অলপতে সাক্ষাৎ কৰে ৷ বিজয় উৎসৱ পালন কৰিবলৈ দুয়োগৰাকীয়ে মিলি গুজৰাটৰ প্ৰসিদ্ধ মুখৰোচক খাদ্য ফাফড়া-জিলাপী পৰিৱেশন কৰে ৷

AMAN SEHRAWAT MET JETHALAL
ফাফড়া-জিলাপী পৰিৱেশন (Aman Sehrawat Instagram account)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: শেহতীয়াকৈ পেৰিছ অলিম্পিক 2024 ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মল্লযোদ্ধা অমন চেহৰাৱতে "তাৰক মেহতা কা উল্টা চশমা" নামৰ টেলিভিছনত প্ৰচাৰিত ধাৰাবাহিকখনত জেঠালাল চৰিত্ৰত অভিনয় কৰা টেলিভিছন আইকন দিলীপ যোশীক সাক্ষাৎ কৰে ৷

AMAN SEHRAWAT MET JETHALAL
জেঠালালৰ সৈতে অমন চেহৰাৱত (Aman Sehrawat Instagram account)

21 বছৰীয়া মল্লযোদ্ধাগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ অনুগামীসকলৰ সৈতে এই বাৰ্তালাপৰ সময়ৰ ফটো শ্বেয়াৰ কৰে ৷ এই ফটোত অমন আৰু দিলীপ যোশীক ফাফড়া আৰু জিলাপীৰ হাতত লৈ থকা পৰিলক্ষিত হৈছিল ৷

পোষ্ট কৰা ছবিবোৰত চেহৰাৱতে তেওঁৰ প্ৰিয় অভিনেতাগৰাকীৰ সৈতে গৌৰৱেৰে অলিম্পিক পদক প্ৰদৰ্শন কৰা দেখা যায় ৷ ইয়াৰোপৰি যোশীয়ে গুজৰাটৰ বিখ্যাত মুখৰোচক খাদ্য ফাফড়া-জিলাপী পৰিৱেশন কৰি অমনক আদৰণি জনায় ৷ অলিম্পিয়ান আৰু দূৰদৰ্শন তাৰকাৰ মাজৰ এই বৈঠকখনে অনুৰাগীসকলৰ হৃদয় স্পৰ্শ কৰে ৷ যিয়ে পাৰস্পৰিক সন্মান আৰু প্ৰশংসা লাভ কৰে নেটিজেনৰ পৰা ৷ ক্ৰীড়া আৰু মনোৰঞ্জনৰ জগতক একত্ৰিত কৰে বুলিও একাংশ নেটিজেনে মন্তব্য কৰে ।

AMAN SEHRAWAT MET JETHALAL
পেৰিছ অলিম্পিকত লাভ কৰা পদক প্ৰদৰ্শন (Aman Sehrawat Instagram account)

ভাৰতীয় মল্লযোদ্ধা অমন হৈছে দেশৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী ৷ অমনে ইতিহাস সৃষ্টি কৰাৰ পিছত এক সাক্ষাৎকাৰত এটা ভাৰতীয় টিভি চেনেলৰ প্ৰতি তেওঁৰ মৰম আৰু প্ৰশংসাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল ।

21 বছৰীয়া যুৱকজনে কৈছিল, "আজৰি সময়ত তেওঁ তাৰক মেহতা কা উল্টা চশমা উপভোগ কৰিবলৈ ভালপায়" ৷ অৱশেষত অভিনেতা দিলীপ যোশীৰ দ্বাৰা অভিনীত ধাৰাবাহিকখনৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ "জেঠালাল"ৰ সৈতে ফাফড়া-জিলাপী বাৰুকৈয়ে উপভোগ কৰে । দুয়োগৰাকী তাৰকাৰ এই বিশেষ মুহূৰ্তটোৱে অনুৰাগীসকলৰ মাজত আনন্দৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ: বি চি চি আইয়ে প্ৰকাশ কৰিলে টেষ্ট শৃংখলাৰ সময়সূচী - INDIA TOUR OF ENGLAND 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.