ETV Bharat / sports

অৱশেষত বিমানত উঠিল ভাৰতীয় দল : বৃহস্পতিবাৰে পুৱা অৱতৰণ কৰিব দিল্লীত - T20 WC 2024 Champion India

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 12:56 PM IST

Updated : Jul 3, 2024, 4:38 PM IST

Team India To Fly From Barbados To Delhi : ভাৰতীয় ক্ৰিকেট দলটো বুধবাৰে সন্ধিয়া দিল্লীত উপস্থিত হোৱাৰ কথা আছিল । কিন্তু এতিয়া সেইটো সম্ভৱ নহ'ব । কিয়নো বেয়া বতৰৰ বাবে বিমানখনৰ উৰণত বিলম্ব হয় । আনহাতে, ভাৰতীয় খেলুৱৈসকলক বিমানত উঠি থকা দৃশ্য পোহৰলৈ আহিছে ।

Team India To Fly From Barbados To Delhi
বিশ্বকাপ বিজয়ী ভাৰতীয় দল (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, ৩ জুলাই : সমগ্ৰ দেশে টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটো স্বদেশলৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে । কিন্তু দলটোৰ এই ওভতনিৰ সময়ৰ অপেক্ষা নিৰন্তৰভাৱে বাঢ়ি আহিছে । টীম ইণ্ডিয়াই বুধবাৰে সন্ধিয়া দিল্লী আহি পোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ব । কিয়নো বেয়া বতৰৰ বাবে দলটোৰ বাৰ্বাডোজৰ পৰা প্ৰস্থানৰ সময় আৰু বিলম্ব হৈছে । এতিয়া বৃহস্পতিবাৰে পুৱা ৬ বজাত তেওঁলোকৰ বিশেষ বিমানখনে নতুন দিল্লীত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে ।

আনহাতে, এএনআয়ে প্ৰকাশ কৰা এটা ভিডিঅ'ত ভাৰতীয় দলটোক বিশেষ চাৰ্টাৰ্ড বিমানখনত উঠি থকা দেখা গৈছে ।

অৱশেষত প্ৰতীক্ষাৰ অন্ত পেলাই টীম ইণ্ডিয়াই বাৰ্বাডোজৰ পৰা দিল্লীলৈ এক বিশেষ 'চেম্পিয়ন' এয়াৰ ইণ্ডিয়া ব'য়িঙেৰে উৰা মাৰিব । বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত ৰাজধানী দিল্লীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে । বিশেষ চাৰ্টাৰ ফ্লাইট ব'য়িং 777-232 (কে আৰ) বিমানখনৰ বিশেষ নাম দিয়া হৈছে- AIC24WC, অৰ্থাৎ 'এয়াৰ ইণ্ডিয়া চেম্পিয়নছ 24 বিশ্বকাপ' (Air India Champions 24 World Cup) ৷

এই বিমানখনে ২ জুলাইত নিউ জাৰ্চীৰ নেৱাৰ্ক লিবাৰ্টী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰে আৰু স্থানীয় সময় অনুসৰি পুৱা ২.০৩ বজাত বাৰ্বাডোজত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে । আনহাতে, তাৰ পৰা দিল্লী পাবলৈ 16 ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব ৷

উল্লেখ্য যে, বিচিচিআইৰ সচিব জয় শ্বাহে টি 20 বিশ্বকাপ বিজয়ী দলটো, বিচিচি আইৰ বিষয়া আৰু ইয়াৰ সৈতে থকা ভাৰতীয় সংবাদ মাধ্যমৰ দলৰ বাবে বিশেষ চাৰ্টাৰ বিমানৰ ব্যৱস্থা কৰিছিল । জয় শ্বাহে আবদ্ধ হৈ থকা দলটোক অতি সোনকালে ঘৰলৈ উভতি অহাত সহায় কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাইছিল ।

বিমানবন্দৰকে ধৰি বাৰ্বাডোজত ঘূৰ্ণীবতাহৰ বাবে বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৱে তিনিদিন পূৰ্বে ট্ৰফী জয় কৰাৰ পিচতো বহু প্ৰতীক্ষিত ঘৰুৱা বিজয় উদযাপনৰ বাবে আহিব পৰা নাই । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক সৌহাৰ্দমূলক আৰু আদৰণি বৈঠকলৈও অপেক্ষা কৰি আছে ।

সাগৰীয় ঘূৰ্ণীবতাহ বেৰিলৰ ফলত অনুৰাগী, পৰ্যটক আৰু ভাৰতীয় দলটোক ওভতাই আনিবলগা বহুকেইখন বিমান বাতিল কৰা হয় । আনহাতে, ভাৰতীয় দলটোৱে বিমানবন্দৰ পুনৰ স্বাভাৱিক হোৱাৰ বাবে ধৈৰ্য সহকাৰে অপেক্ষা কৰিছে । আনকি জয় শ্বাহে দলটোৰ এই বিশেষ ওভতনি যাত্ৰাৰ বাবে সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলাইছে আৰু অতিৰিক্ত সময় কাম কৰিছে ।

উল্লেখ্য যে, ভাৰতীয় দলটো ৪ জুলাইৰ পুৱা দিল্লীত উপস্থিত হ'ব । তাৰ পৰা দলটোৰ সদস্যসকলে নিজ নিজ গন্তব্যস্থানলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ কথা আছে । লগতে ঘৰলৈ বিশ্বকাপ অনাৰ বাবে এক বিশাল অনুষ্ঠানো উদযাপন কৰাৰ আশা আছে ।

লগতে পঢ়ক : তীব্ৰ উৎকণ্ঠাৰ অৱসান; চাৰ্টাৰ্ড বিমানেৰে উভতিব ভাৰতীয় দল - Indian team stuck in Barbados
লগতে পঢ়ক : ট্ৰফী লৈ বাৰ্বাডোছৰ খেলপথাৰত ৰোহিত শৰ্মা ফটোশ্বুট; ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে পোষ্ট - T20 World Cup 2024
লগতে পঢ়ক : টীম ইণ্ডিয়ালৈ গীত উচৰ্গা এ আৰ ৰহমানৰ - AR Rahman song to Team India

Last Updated : Jul 3, 2024, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.