ETV Bharat / sports

পেৰিছত ভংগ টকিঅ’ পেৰালিম্পিকৰ অভিলেখ: সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 4:09 PM IST

Indian break Tokyo recoed: ভাৰতে ভংগ কৰিছে টকিঅ’ পেৰালিম্পিকৰ পদক অৰ্জনৰ অভিলেখ ৷ দেশখনৰ পেৰা খেলুৱৈসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে ভংগ কৰে পূৰ্বৰ সকলো অভিলেখ ৷ টকিঅ’ পেৰালিম্পিকত ভাৰতে অৰ্জন কৰিছিল 19 টাকৈ পদক ৷ আনহাতে, বৰ্তমানলৈকে পেৰিছত ভাৰতে অৰ্জন কৰা পদকৰ সংখ্যা হৈছে 20 টা ৷

PARIS PARALYMPICS 2024
পেৰিছ পেৰালিম্পিক 2024 (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: পেৰিছত অব্যাহত আছে ভাৰতীয় খেলুৱৈসকলৰ জয়যাত্ৰা ৷ মঙলবাৰৰ দিনটোত দেশৰ পেৰা-এথলীটসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি অৰ্জন কৰে 5 টাকৈ পদক ৷ মাত্ৰ এদিনৰ দুৰ্দান্ত প্ৰদৰ্শনৰে ভাৰতে ভংগ কৰে টকিঅ’ পেৰালিম্পিকৰ সকলো অভিলেখ ৷ বৰ্তমানলৈকে ভাৰতে পেৰিছ পেৰালিম্পিকত লাভ কৰিছে 20 টাকৈ পদক ৷

ভাৰতে মঙলবাৰে পুৰুষৰ হাই জাম্প টি 63 আৰু জেভলিন থ্ৰ’ এফ 46 ত ক্ৰমান্বয়ে অৰ্জন কৰে ৰূপ আৰু ব্ৰঞ্জৰ পদক ৷ তদুপৰি, দীপ্তি জীয়ানজীয়ে মহিলাৰ 400 মিটাৰ টি-20 শাখাত ব্ৰঞ্জৰ পদক জয় কৰে ।

ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিক অৰ্জন কৰিছে 20 টাকৈ পদক ৷ ইয়াৰে 3 সোণ, 7 টা ৰূপ আৰু 10 টা ব্ৰঞ্জ । এইবছৰ ভাৰতে খেলুৱৈসকলৰ পৰা যথেষ্ট পদক অৰ্জনৰ আশা ৰাখিছে ৷ পৰৱৰ্তী সময়ত দেশখনে অধিক পদক লাভৰ অপেক্ষাত আছে ৷ পেৰিছৰ তুলনাত টকিঅ’ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনৰ মান আছিল নিম্ন ৷

পেৰিছ পেৰালিম্পিকত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকল

1. অৱনী লেখাৰা - মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ 1 - সোণ

2. নিতেশ কুমাৰ – পুৰুষৰ একক এছ এল 3 (বেডমিণ্টন) – সোণ

3. সুমিত এণ্টিল - জেভলিন থ্ৰ’ এফ 64 (এথলেটিকছ) - সোণ

পেৰিছ পেৰালিম্পিকত ভাৰতৰ ৰূপৰ পদক বিজয়ীসকল

1. মনীষ নাৰৱাল - পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল এছ এইচ1 (শ্বুটিং) - ৰূপ

2. নিশাদ কুমাৰ - পুৰুষৰ হাই জাম্প টি 47 (এথলেটিকছ) - ৰূপ

3. যোগেশ কাথুনিয়া - পুৰুষৰ ডিচকাচ থ্ৰ’ এফ 56 (এথলেটিকছ) - ৰূপ

4. থুলাচিমাথি মুৰুগেচন – মহিলা একক এছ ইউ 5 (বেডমিণ্টন) – ৰূপ

5. সুহাস যথিৰাজ – পুৰুষৰ একক এছ এল 4 (বেডমিণ্টন) – ৰূপ

6. শৰদ কুমাৰ - পুৰুষৰ হাই জাম্প টি 6 ফাইনেল - ৰূপ

7. অজিত সিং - পুৰুষৰ জেভলিন থ্ৰ’ এফ 46 ইভেণ্ট - ৰূপ

পেৰিছ পেৰালিম্পিক ভাৰতৰ ব্ৰঞ্জ পদক বিজয়ীসকল

1. মোনা আগৰৱাল - মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ 1 (শ্বুটিং) - ব্ৰঞ্জ

2. প্ৰীতি পাল - মহিলাৰ 100 মিটাৰ টি 35 (এথলেটিকছ) - ব্ৰঞ্জ

3. প্ৰীতি পাল - মহিলাৰ 200 মিটাৰ টি 35 (এথলেটিকছ) - ব্ৰঞ্জ

4. ৰুবিনা ফ্ৰান্সিছ – মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল এছ এইচ 1 (শ্বুটিং) – ব্ৰঞ্জ

5. মনীষা ৰামদাস – মহিলা একক এছ ইউ এছ (বেডমিণ্টন) – ব্ৰঞ্জ

6. ৰাকেশ কুমাৰ-শীতল দেৱী - মিক্সড টিম কম্পাউণ্ড অ’পেন (এথলেটিকছ) - ব্ৰঞ্জ

7. নিত্য শ্ৰী শিৱান - মহিলা একক এছ এইচ 6 (বেডমিণ্টন) - ব্ৰঞ্জ

8. মাৰিয়াপ্পান থাংগেভেলু - পুৰুষৰ হাই জাম্প টি 6 ফাইনেল - ব্ৰঞ্জ

9. দীপ্তি জীৱনজী – মহিলাৰ 400 মিটাৰ টি-20 ফাইনেল – ব্ৰঞ্জ

10. সুন্দৰ সিং গুৰ্জাৰ – পুৰুষৰ জেভলিন থ্ৰ’ এফ 46 ইভেণ্ট – ব্ৰঞ্জ

লগতে পঢ়ক: পত্নী মিছেছ ইণ্ডিয়া, স্বামী আই এ এছ বিষয়া: ব্যস্ততাৰ মাজতো পেৰিছ পেৰালিম্পিকত ৰূপৰ পদক অৰ্জন - PARIS PARALYMPIC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.