স্পৰ্টছ ডেস্ক, 9 মে’ : হকী ইণ্ডিয়াই বৃহস্পতিবাৰে বেলজিয়ামৰ এণ্টৱাৰ্প আৰু লণ্ডনত অনুষ্ঠিত হ'বলগীয়া এফ আই এইচ হকী প্ৰ' লীগ 2023-24ত অংশগ্ৰহণ কৰিব লগা 24 জনীয়া ভাৰতীয় পুৰুষ হকী দলটো ঘোষণা কৰে ৷ বেলজিয়ামৰ লেগ 22 মে'ত আৰম্ভ হ'ব আৰু 30 মে'ত শেষ হ'ব আনহাতে ইংলেণ্ডৰ লেগ 1 জুনত আৰম্ভ হ'ব আৰু 12 জুনত সমাপ্ত হ'ব ৷
হকী ইণ্ডিয়াৰ সংবাদ মাধ্যমৰ বিবৃতিত কোৱা হৈছে যে ভাৰতে আৰ্জেণ্টিনা, বেলজিয়াম, জাৰ্মানী আৰু গ্ৰেট বৃটেইনৰ বিৰুদ্ধে দুয়োখন লেগত দুবাৰকৈ খেলিব আৰু 22 মে’ৰ পৰা আৰ্জেণ্টিনাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ৷ হকী ইণ্ডিয়াৰ এক সংবাদ মাধ্যমৰ বিবৃতিত অনুসৰি ভাৰত বৰ্তমান আঠখন খেলৰ পৰা 15 পইণ্ট লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে ৷
দলটোৰ দায়িত্ব ল'ব কেপ্টেইন হৰমনপ্ৰীত সিঙে ৷ ইফালে ডায়নেমিক মিডফিল্ডাৰ হাৰ্দিক সিঙক সহ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে ৷ গ'লকিপিঙৰ দায়িত্ব পি আৰ শ্ৰীজেশ আৰু কৃষ্ণ বাহাদুৰ পাঠকক দিয়া হৈছে ৷ আনহাতে ডিফেনছিভ লাইন-আপত আছে জাৰ্মানপ্ৰীত সিং, অমিত ৰোহিদাস, হৰমনপ্ৰীত সিং, সুমিত, সঞ্জয়, জগৰাজ সিং আৰু বিষ্ণুকান্ত সিং ৷
মিডফিল্ডত গতিশীল খেলুৱৈ যেনে বিবেক সাগৰ প্ৰসাদ, নীলকান্ত শৰ্মা, মনপ্ৰীত সিং, চমছেৰ সিং, হাৰ্দিক সিং, ৰাজকুমাৰ পাল আৰু মহম্মদৰ দায়িত্ব চম্ভালিব ৷ ফৰৱাৰ্ড লাইনত মনদীপ সিং, অভিষেক, সুখজিৎ সিং, ললিত কুমাৰ উপাধ্যায়, গুৰজন্ত সিং, আকাশদীপ সিং, আৰাইজিৎ সিং হুণ্ডাল আৰু ববি সিং ধামীক লৈ গঠন কৰা হৈছে ৷
দল নিৰ্বাচন সন্দৰ্ভত বক্তব্য ৰাখি মুখ্য প্ৰশিক্ষক ক্ৰেইগ ফুলটনে কয়, "আমি শিবিৰত কঠোৰ প্ৰশিক্ষণ লৈ আছো আৰু ইজনে সিজনৰ গেম প্লেনৰ বিষয়ে এক বুজাবুজি গঢ়ি তুলিছো ৷ পেৰিছ অলিম্পিকৰ আগতে, আমি শীৰ্ষ মানদণ্ডৰ দলবোৰৰ বিৰুদ্ধে খেলিম যি আমাক আমাৰ খেল তৈয়াৰ কৰাত আৰু উন্নত হোৱাত সহায় কৰিব ৷ এইটো এটা সুযোগ হ'ব আৰু আমি এটা দল হিচাপে আৰু ব্যক্তিগত খেলুৱৈ হিচাপে ক'ত থিয় হৈ আছো তাৰ মূল্যাংকন কৰাত বহুদূৰ আগবাঢ়িব ৷ আমাৰ শক্তি আৰু আমি কি ক্ষেত্ৰৰ ওপৰত স্পৰ্শ কৰিব লাগিব তাক জানিবলৈ এইটো এক উত্তম উপায় হ'ব ৷"
ইফালে কেপ্টেইন হৰমনপ্ৰীত সিঙে কয়- "আমি অলিম্পিক বৰ্ষত এফ আই এইচ হকী প্ৰ' লীগৰ সৈতে ছিজনটো তৈয়াৰ কৰিবলৈ বাট চাই আছো, য'ত আমি শীৰ্ষ মানদণ্ডৰ দলৰ সৈতে খেলিম ৷ আমি খেলুৱৈসকলক এক্সপোজাৰ দিবলৈ এটা দল বাছনি কৰিছো আৰু ই মোক পেৰিছ অলিম্পিকৰ আগতে কিছুমান খেলুৱৈক প্ৰতিযোগিতাৰ মোডত চাবলৈ অনুমতি দিব ৷ আমাৰ বাংগালুৰুৰ এছ এ আই.-ত এটা শিবিৰ আছিল য'ত আমি কঠোৰ প্ৰশিক্ষণ কৰিছিলো আৰু যিবোৰ ক্ষেত্ৰত আমি উন্নতি কৰিব লাগিব বুলি অনুভৱ কৰিছিলোঁ সেইবোৰত উন্নতি কৰিছিলো ৷ আমি খেলসমূহৰ বাবে অপেক্ষা কৰি আছো আৰু মই আশা কৰোঁ যে আমি ফলাফলবোৰ আমাৰ পক্ষত পাম ৷"
ভাৰতীয় পুৰুষ হকী দল-
গ'লৰক্ষক:
1/ শ্ৰীজেশ পৰট্টু ৰবীন্দ্ৰন
2/ কৃষণ বাহাদুৰ পাঠক
ডিফেণ্ডাৰ:
3/ জৰ্মানপ্ৰীত সিং
4/ অমিত ৰোহিদাস
5/ হৰমনপ্ৰীত সিং
6/ সুমিত
7/ সঞ্জয়
8/ যুগৰাজ সিং
9/ বিষ্ণুকান্ত সিং
মিডফিল্ডাৰ:
10/ বিবেক সাগৰ প্ৰসাদ
11/ নীলকান্ত শৰ্মা
12/ মনপ্ৰীত সিং
13/ শ্বমশ্বেৰ সিং
14/ হাৰ্দিক সিং
15/ ৰাজকুমাৰ পাল
16\মহম্মদ ৰাহিল মাউছিন
ফৰৱাৰ্ডছ:
17/মনদ্বীপ সিং
18/অভিষেক
19/সুখজীত সিং
20/ললিত কুমাৰ উপাধ্যায়
21/ গুৰজন্ত সিং
22/আকাশদীপ সিং
23/অৰৈজীত সিং হুণ্ডল
24/ববী সিং ধামী
লগতে পঢ়ক : জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা জনালে দল-সংগঠনসহ, আত্ম-সহায়ক গোটে - Windsurfing Championship In Goa