ETV Bharat / sports

কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে সৰৱ ভাৰতীয় ক্ৰিকেটাৰ বুমৰাহ-আয়াৰ - TRAINEE DOCTOR RAPE MURDER CASE

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 12:41 PM IST

Cricketers React on Trainee Doctor Rape Murder Case: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ভাৰতীয় ক্ৰিকেটাৰসকল ৷ এই হত্যাৰ প্ৰতিবাদত খেলুৱৈসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমত ৷ পঢ়ক বিতং খবৰ...

TRAINEE DOCTOR RAPE MURDER CASE
ভাৰতীয় ক্ৰিকেট দল (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ তথা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়ছ আয়াৰে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ সৈতে হোৱা ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে প্ৰকাশ কৰিছে ক্ষোভ ৷ এই দুয়োজন ক্ৰিকেটাৰে মহিলা চিকিৎসকগৰাকীৰ ধৰ্ষণ-হত্যাৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমত ৷ যাৰ দ্বাৰা এই ঘটনা সন্দৰ্ভত খেলুৱৈ দুগৰাকী কিমান হতাশ হৈছে, সেয়া স্পষ্ট হৈ পৰিছে ৷

মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ হকে ন্যায়ৰ দাবী আয়াৰৰ

এই সন্দৰ্ভত ভাৰতীয় বেটছমেন শ্ৰেয়ছ আয়াৰে ইনষ্টাগ্ৰামত এনেদৰে উল্লেখ কৰিছে "ইমান বছৰে একো সলনি হোৱা নাই । কলকাতাত সংঘটিত এই বৰ্বৰ ঘটনাটোত আমি সম্পূৰ্ণৰূপে হতবাক হৈছো । এয়া গুৰুত্বপূৰ্ণ যে, এই গোচৰটোৰ প্ৰতিজন অপৰাধীক যাতে দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি বিহা হয় । আমি ন্যায় বিচাৰো" ৷

বুমৰাহে প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ বাবে ন্যায় বিচাৰে

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভাৰতীয় দ্ৰুতবলাৰ যশপ্ৰীত বুমৰাহে নিজৰ ইনষ্টাগ্ৰাম ষ্টোৰীত লিখিছিল এনেদৰে, "মহিলাসকলক তেওঁলোকৰ পথ সলনি কৰিবলৈ নক’ব, বিপৰীতে পথটো নিজেই সলনি কৰিব লাগিব । প্ৰতিগৰাকী মহিলাই উচিত প্ৰাপ্যৰ দাবীদাৰ" ৷

ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ এই পোষ্টটো বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷

মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল

উল্লেখ্য যে, বিগত 9 আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক প্ৰথমে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷ মাটিত পৰি থকা অৱস্থাত চিকিৎসকগৰাকীৰ অৰ্ধ উলংগ মৃতদেহ পোৱা গৈছিল চিকিৎসালয়খনৰে চেমিনাৰ হলত ৷ দেশজুৰি এই ধৰ্ষণ-হত্যা কাণ্ডৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ ৷

লগতে পঢ়ক: ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি মৰ্ণে মৰ্কেল - Indian team New Bowling Coach

ভাৰতীয় ক্ৰিকেট দলৰ সম্পূৰ্ণ সূচী, চেম্পিয়নছ ট্ৰফী পূৰ্বে এই দেশসমূহৰ বিৰুদ্ধে খেলিব শৃংখলা - Indian Cricket Team Schedule

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.