স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ: দেশজুৰি বিজয়া দশমীৰ আনন্দ ৷ কিন্তু তাৰমাজতে এক চাঞ্চল্যকৰ খবৰ ৷ এন চি পি নেতা বাবা ছিদ্দিকীক শনিবাৰে নিশা মুম্বাইত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ৷ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ছিদ্দিকীক নিয়া হৈছিল লীলাৱতী চিকিৎসালয়লৈ ৷ কিন্তু চিকিৎসকে চিকিৎসালয়ত মৃত ঘোষণা কৰে ব্যক্তিগৰাকীক ৷
ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাবা ছিদ্দিকীয়ে পুত্ৰ আৰু বিধায়ক জিশান ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত দশেৰাৰ কাৰ্যসূচী উপভোগ কৰি আছিল ।
বাবা ছিদ্দিকী মহাৰাষ্ট্ৰৰ এজন ডাঙৰ নেতা আৰু ৰাজনীতিবিদ ৷ বলীউডৰ চেলিব্ৰিটীসকলৰ সৈতে তেওঁৰ আছিল সু-সম্পৰ্ক । ছিদ্দিকীক গুলীওৱাৰ খবৰ লাভ কৰা মাত্ৰকে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী লীলাৱতী চিকিৎসালয়ত উপস্থিত হয় । প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙেও তেওঁৰ হত্যাৰ খবৰ শুনি হতবাক হৈ পৰে । যুৱৰাজে এই কাণ্ডৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে ।
যুৱৰাজ সিঙে কি কৈছিল
যুৱৰাজ সিঙে বাবা ছিদ্দিকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে মাজনিশা দুই বজাত সামজিক মাধ্যমত পোষ্ট কৰি শোক প্ৰকাশ কৰে । যুৱৰাজ সিঙে লিখিছিল এনেদৰে, "বাবা ছিদ্দিকীৰ অকাল মৃত্যুত মই হতবাক হৈছো । তেওঁ এজন প্ৰকৃত নেতা আছিল, যিয়ে জনসাধাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল ৷ তেওঁৰ সততা আৰু জনসাধাৰণৰ প্ৰতি থকা মৰম সদায় স্মৰণীয় হৈ থাকিব । মই এই কঠিন সময়ত তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক" ।
Shocked and deeply saddened by the untimely passing of Baba Siddique. A true leader who worked tirelessly for the people, his sincerity and large-heartedness will be remembered by all who knew him. My condolences to his family during this incredibly difficult time. May his soul…
— Yuvraj Singh (@YUVSTRONG12) October 12, 2024
বাবা ছিদ্দিকী কোন ?
বাবা ছিদ্দিকীয়ে প্ৰতি বছৰে ঈদত আয়োজন কৰিছিল ইফতাৰ পাৰ্টী ৷ তেওঁৰ দলটো বহু চৰ্চিত দল হোৱাৰ লগতে ইয়াত জড়িত আছিল বহু নামী-দামী তাৰকা । ৰাজনীতিত সক্ৰিয় হোৱাৰ উপৰিও তেওঁ আছিল এজন পেছাদাৰী নিৰ্মাতা ৷ বাবা ছিদ্দিকীয়ে মুম্বাইত এজন ছাত্ৰ নেতা হিচাপে আৰম্ভ কৰিছিল কৰ্মজীৱন ৷
ইয়াৰ পিছত তেওঁ দুবাৰকৈ পাৰিষদ নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰিছিল । তেওঁ 1999, 2004 আৰু 2009 চনত তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । মুম্বাই কংগ্ৰেছত সংখ্যালঘু সম্প্ৰদায়ৰ এক পৰিচিত ব্যক্তিত্ব আছিল বাবা ছিদ্দিকী । অৱশ্যে তেওঁ 48 বছৰ বয়সত অজিত পাৱাৰৰ এন চি পিত যোগদান কৰে ।
লগতে পঢ়ক: এছিয়া কাপৰ বাবে দল ঘোষণা বি চি চি আইৰ; তিলক বাৰ্মাৰ ওপৰত ভাৰতৰ দায়িত্ব