ETV Bharat / sports

কোনোৱে ঢোল বজাইছে আন কোনোৱে নাচিছে : ভাৰতীয় পেৰালিম্পিক খেলুৱৈক দিল্লীত উষ্ম আদৰণি - Paris Paralympics 2024

author img

By ANI

Published : Sep 10, 2024, 12:32 PM IST

Indian players of Paris Paralympics: পেৰিছ পেৰালিম্পিকত দেশৰ নাম উজলাই স্ব-ভূমিত উপস্থিত হ’ল ভাৰতীয় খেলুৱৈৰ দলটো ৷ দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত যথেষ্ট সংখ্যক লোকে উষ্ম আদৰণি জনায় ভাৰতীয় খেলুৱৈসকলক ৷ সবিশেষ পঢ়ক...

PARIS PARALYMPICS 2024
ভাৰতীয় পেৰালিম্পিক খেলুৱৈক দিল্লীত উষ্ম আদৰণি (ANI)

স্প’ৰ্টছ ডেস্ক, 10 ছেপ্টেম্বৰ: মঙলবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’ল পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটো ৷ কেবাটাও পদক জয়েৰে দেশৰ নাম উজলাই তোলা খেলুৱৈৰ দলটোক আদৰণি জনাবলৈ বিমান বন্দৰৰ চৌহদত বহু সংখ্যক লোকে ভিৰ কৰা দেখা যায় ৷ ঢোল বজাই, নৃত্য কৰি খেলুৱৈৰ দলটোক উষ্ম আদৰণি জনায় লোকসকলে ৷

পেৰালিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় দলক উষ্ম আদৰণি (ANI)

নতুন দিল্লীত মঙলবাৰে উপস্থিত হোৱা খেলুৱৈৰ দলটোত বাকীসকল খেলুৱৈৰ লগতে আছে পেৰা-জেভেলিন থ্ৰ’ৱাৰ সুমিত আন্টিল আৰু পেৰা-আৰ্চাৰ হৰবিন্দৰ সিং ৷

29 টা পদক বিজয়েৰে যোৱা দেওবাৰে পেৰিছত পেৰালিম্পিকৰ অভিযানৰ সামৰণি পেলায় ভাৰতীয় খেলুৱৈৰ দলটোৱে ৷ খেলুৱৈসকলে ক্ৰমে 7 টা সোণ, 9 টা ৰূপ আৰু 13 টা ব্ৰঞ্জৰ পদক লাভ কৰে ৷ পেৰালিম্পিকৰ ইতিহাসত এই 29 টা পদক বিজয় ভাৰতৰ বাবে এক অভিলেখত পৰিণত হয় ৷

ইয়াৰ পূৰ্বে 2020 চনৰ টকিঅ’ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে লাভ কৰিছিল 19 টা পদক ৷ পেৰিছ অলিম্পিকৰ পদক তালিকাত 18 সংখ্যক স্থানত আছে ভাৰত ৷

লগতে পঢ়ক: পেৰা আৰ্চাৰীত এটা বিশেষ সোণ... প্ৰধানমন্ত্ৰীয়ে কাক অভিনন্দন জনাই লিখিলে এনেদৰে - PARIS PARALYMPICS 2024

পেৰিছত ভংগ টকিঅ’ পেৰালিম্পিকৰ অভিলেখ: সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন - PARIS PARALYMPICS 2024

পেৰিছ পেৰালিম্পিকত ভাৰতে কেবাটাও অভিলেখ ৰচনা কৰাৰ লগতে কেইটামান খেলত প্ৰথমবাৰলৈ পদক জয় কৰিবলৈ সক্ষম হৈছে ৷ পেৰা-শ্বুটাৰ অৱনী লেখাৰা পেৰালিম্পিকত দুটাকৈ সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ SH1 শাখাত অৱনীয়ে বিশ্ব অভিলেখ ৰচনা কৰি মুঠ 249.7 পইন্ট অৰ্জনেৰে সোণৰ পদক লাভ কৰে ৷

ভাৰতে প্ৰথমবাৰৰ বাবে পেৰা এথলেটিকছ প্ৰতিযোগিতাত ৱান-টু ফিনিছিঙৰ অভিলেখ স্থাপন কৰে ৷ ধৰমবীৰ আৰু প্ৰণৱ সুৰমাই মেনছ ক্লাব থ্ৰ’ প্ৰতিযোগিতাত ক্ৰমে সোণ আৰু ৰূপৰ পদক লাভ কৰে ৷ এই প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ 34.92 মিটাৰ থ্ৰ’ৰে এছিয়ান অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় ধৰমবীৰ ৷

T64 হাই জাম্প প্ৰতিযোগিতাত প্ৰবীণ কুমাৰে সোণৰ পদক অৰ্জন কৰে ৷ 2.08 মিটাৰ জাম্পেৰে এছিয়ান ৰেকৰ্ড ভংগ কৰি ভাৰতৰ হৈ ষষ্ঠটো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় প্ৰবীণে ৷ এই পেৰালিম্পিকত ভাৰতে মুঠ সাতটা সোণৰ পদক অৰ্জন কৰে ৷

ভাৰতে সমগ্ৰ অলিম্পিক আৰু পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে এগৰাকী ধনুৰ্বিদ চেম্পিয়ন লাভ কৰে ৷ হৰবিন্দৰ সিঙে পোলেণ্ডৰ লুকাছ চিচেকৰ বিৰুদ্ধে ব্যক্তিগত ৰিকাৰ্ভ পেৰা আৰ্চাৰীত সোণৰ পদক লাভ কৰে ।

পেৰালিম্পিকত জেভেলিন থ্ৰ’ত ভাৰতৰ হৈ প্ৰথমবাৰলৈ সোণৰ পদক অৰ্জন কৰা পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয় সুমিত আন্টিল ৷ F64 ইভেন্টত অভিলেখ ভংগকাৰী 70.59 মিটাৰ থ্ৰ’ৰে নতুন অভিলেখ ৰচিলে সুমিতে ৷ সুমিতে টকিঅ’ পেৰাঅলিম্পিক 2020 ত স্থাপন কৰা নিজৰেই অভিলেখ এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ ভংগ কৰিলে পেৰিছ পেৰালিম্পিকত ৷ (ANI)

লগতে পঢ়ক: দুভৰি হেৰুওৱাৰ পিছতো পেৰিছত ব্ৰঞ্জৰ পদক অৰ্জনকাৰী হোকাটো হোটোঝে চেমা কোন - PARIS PARALYMPICS 2024

পেৰিছ পেৰালিম্পিকত স্বৰ্ণজয় ভাৰতীয় হাই জাম্পাৰ প্ৰবীণ কুমাৰৰ - Paris Paralympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.