ETV Bharat / sports

আই চি চি এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানা - ICC WOMENS RANKING

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 7:24 AM IST

Smriti Mandhana Ranking : ৰেটিং তালিকাত উন্নীত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সহ অধিনায়ক স্মৃতি মন্ধানাৰ স্থান ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা তালিকা অনুসৰি, খেলুৱৈগৰাকীয়ে লাভ কৰিছে তৃতীয় স্থান ৷ পূৰ্বে ৰেটিং তালিকাৰ পঞ্চম স্থানত আছিল মন্ধানা ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

ICC WOMENS RANKING
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানা (IANS Photos)

স্প‘ৰ্টছ ডেস্ক, 19 জুন : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সহ অধিনায়ক স্মৃতি মন্ধানাৰ স্থান উন্নীত ৷ আই চি চি য়ে প্ৰকাশ কৰা শেহতীয়া তালিকাত খেলুৱৈগৰাকীয়ে লাভ কৰিছে তৃতীয় স্থান ৷ তেওঁ দুটা স্থান আগুৱাই ৰেটিং তালিকাত এই স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

বাওঁহতীয়া বেটছমেনগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ষষ্ঠটো শতক অৰ্জন কৰাৰ পিছতে ৰেটিং তালিকাত তৃতীয় স্থান লাভ কৰে ৷ উক্ত মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক 143 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 143 ৰাণৰ বিশাল জয়ৰে অভিযান আৰম্ভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - INDW vs SAW

মন্ধানাই ৰেটিং তালিকাত 715 পইণ্ট লাভ কৰি দুটা স্থান আগুৱায় ৷ পূৰ্বে চামাৰি আথাপাথু এই তালিকাৰ শীৰ্ষস্থানত আছিল ৷ কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত দুৰ্বল প্ৰদৰ্শনে তেওঁৰ এই ধাৰা অব্যাহত ৰখাত বিফল কৰে ৷

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লৰা ৱ'লভাৰ্ডে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মাত্ৰ 4 ৰাণ সংগ্ৰহ কৰাৰ পিছত দুটা স্থান অৱনমিত হৈ পঞ্চম স্থান লাভ কৰে ৷

আনহাতে, বলাৰসকলৰ ভিতৰত ভাৰতৰ দীপ্তি শৰ্মাই 50 অভাৰৰ ফৰ্মেটৰ মেচত ছয় অভাৰত 2/10 উইকেট দখলৰ পিছত ৰেটিং তালিকাৰ চতুৰ্থ স্থানত উপনীত হৈছে । খেলুৱৈগৰাকীয়ে লাভ কৰে 664 পইণ্ট ৷ এই তালিকাৰ তৃতীয় স্থানত থকা খেলুৱৈ কেট ক্ৰছৰ সৈতে তেওঁৰ পইণ্টৰ ব্যৱধান মাত্ৰ 12 ৷ ইংলেণ্ডৰ বাওঁহতীয়া স্পিনাৰ ছফি একলেষ্টোন ৰেটিং তালিকাৰ প্ৰথম স্থানত আছে ।

লগতে পঢ়ক: ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীক বোকাখাতত সম্বৰ্ধনা অতুল বৰাৰ - WOMEN CRICKETER Uma Chetry

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনকৈ এদিনীয়াৰ শৃংখলাটোৰ প্ৰথমখন মেচত জয় লাভ কৰি ভাৰতীয় বেটছমেন স্মৃতি মন্ধানাই কয় যে, তেওঁৰ শতকে দলটোক জয়ী হোৱাত সহায় কৰিছে ৷ এয়া নিসন্দেহে গৌৰৱৰ কথা ৷

ভাৰতে 19 জুনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ সৈতে মুখামুখি হ’ব ৷ সম্প্ৰতি 1-0 ৰ দখলৰে শৃংখলাটোত অগ্ৰগতি লাভ কৰিছে ভাৰতে ৷ প্ৰথমখন এদিনীয়াত 143 ৰাণৰ বিশাল ব্যৱধানত ভাৰতৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৱে ৷ ভাৰতে প্ৰথমে বেটিং কৰি দলটোক 265 ৰাণৰ লক্ষ্য বান্ধি দিছিল যদিও দক্ষিণ আফ্ৰিকাই মাত্ৰ 122 ৰাণতে সীমাবদ্ধ থাকে ৷

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা - Ind SA Womens Cricket Series

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.