ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা : স্মৃতি মন্ধানা-শ্বেফালি বাৰ্মাৰ দৰ্শনীয় শতক - INDW vs SAW Test Match

INDW vs SAW Test Match : ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ অপেনিং যুটি স্মৃতি মন্ধানা আৰু শ্বেফালী দৰ্শনীয় উজ্জ্বল শতক অৰ্জন কৰে । যুটিটোৱে ২৫০ ৰাণতকৈ অধিক ৰাণৰ যুটি বান্ধি ইতিহাস সৃষ্টি কৰে ।

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 4:28 PM IST

INDW vs SAW Test Match
শতক অৰ্জনৰ পিচত স্মৃতি-শ্বেফালী (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২৮ জুন : ভ্ৰমণৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ একমাত্ৰ টেষ্ট মেচখন শুকুৰবাৰৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । ভাৰতৰ অধিনায়ক ৰমণপ্ৰীত সিঙে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্ত টীম ইণ্ডিয়াৰ প্ৰাৰম্ভিক যুটিটোৰ বাবে সফল প্ৰমাণিত হয় । স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাই অপেনিং যুটিত আৰম্ভণিৰে পৰা উৎকৃষ্ট বেটিং কৰে ।

ভাৰতৰ তাৰকা বেটাৰ স্মৃতি মন্ধানাই নিজৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখি টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰে । মন্ধানাই ১৯ টা চাৰিৰ সহায়ত ১২২ টা বলত শতক সম্পূৰ্ণ কৰে । এই শতকৰ সৈতে মন্ধানা ভাৰতৰ হৈ যুটীয়াভাৱে দ্বিতীয় সৰ্বাধিক শতক সংগ্ৰহকাৰী হয় । মন্ধানাই দুটা শতক অৰ্জন কৰা হেমলতা কালাৰ সৈতে সমতা স্থাপন কৰে । উল্লেখ্য, সন্ধ্যা আগৰৱালে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰিছে । তেওঁৰ নামত আছে ৪ টা শতক ।

মন্ধানাৰ সুন্দৰ ফৰ্ম অব্যাহত

ভাৰত ভ্ৰমণৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে স্মৃতি মন্ধানাৰ সুন্দৰ ফৰ্ম অব্যাহত আছে । মন্ধানাই বাংগালুৰুত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা প্ৰথম আৰু দ্বিতীয় এদিনীয়া মেচতো শতক অৰ্জন কৰিছিল । অৱশ্যে তেওঁ তৃতীয় এদিনীয়াত মাত্ৰ 10 ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হয় আৰু 90 ৰাণত আউট হয় । এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে একমাত্ৰ টেষ্টৰ প্ৰথম ইনিংছতো মন্ধানাই এক সুন্দৰ শতক অৰ্জন কৰে ।

শ্বেফালী বাৰ্মাৰ প্ৰথম শতক

আনহাতে, ভাৰতৰ সোঁহতীয়া বেটাৰ শ্বেফালী বাৰ্মাই তেওঁৰ চিৰপৰিচিত শৈলীৰে বিস্ফোৰক বেটিং কৰি শতক অৰ্জন কৰে । বাৰ্মাই আফ্ৰিকাৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি খেলপথাৰৰ চাৰিওফালে ছয় আৰু চাৰিৰ বৰষুণ আনে । তেওঁ মাত্ৰ ১১৩ টা বলত টেষ্টৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰে । তেওঁৰ শতকটো 15 টা চাৰি আৰু 2 টা আকাশচুম্বী ছয়েৰে সজায় ।

মন্ধানা-শ্বেফালীৰ ইতিহাস সৃষ্টি

স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাৰ অপেনিং যুটিয়ে চেন্নাইত ইতিহাস সৃষ্টি কৰে । দুয়োগৰাকীৰ মাজত অভিলেখ সৃষ্টিকাৰী পাৰ্টনাৰশ্বিপ হয় । স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মা মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত ২৫০ তকৈ অধিক ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়া প্ৰথম প্ৰাৰম্ভিক যুটি হিচাপে পৰিগণিত হৈছে ।

ভাৰতৰ দৃঢ় আৰম্ভণি

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত একমাত্ৰ টেষ্টখনত ভাৰতে এক সুন্দৰ আৰম্ভণি কৰিছে । বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে এটা উইকেট হেৰুৱাই 298 ৰাণ সংগ্ৰহ কৰিছে । স্মৃতি মন্ধানাই ১৪৯ ৰাণ কৰি আউট হয় । আনহাতে, শ্বেফালী বাৰ্মা ১৪৩ আৰু আশা শোভানাই ৫ ৰাণ কৰি ক্ৰীজত আছে ।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.