ETV Bharat / sports

অন্তিমখন T-20ত জিম্বাব’ৱেৰ বিৰুদ্ধে 42 ৰাণত জয়লাভ ভাৰতৰ, 4-1 ব্যৱধানত শৃংখলা দখল - INDIA VS ZIMBABWE

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 6:50 PM IST

Updated : Jul 14, 2024, 9:17 PM IST

IND VS ZIM T20 : অন্তিমখন T-২০ মেচত ভাৰতে জিম্বাব’ৱেৰ বিৰুদ্ধে 42 ৰাণত জয়লাভ কৰি শৃংখলা দখল কৰিছে ৷ ৱাশ্বিংটন সুন্দৰ প্লেয়াৰ অব দ্য ছিৰিজ বিবেচিত হয় ৷

IND VS ZIM T20
ভাৰতে-জিম্বাব’ৱেৰ অন্তিমখন T-২০ (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 14 জুলাই : পাঁচখনীয়া মেচৰ T-২০ শৃংখলাৰ অন্তিমখন মেচত ভাৰতে জিম্বাব’ৱেক 42 ৰাণত পৰাস্ত কৰিছে ৷ এই জয়েৰে ভাৰতে পাঁটখনীয়া শৃংখলাটো 4-1 ব্যৱধানত দখল কৰিছে ৷ প্ৰথমখন T-২০ মেচত জয়লাভ কৰাৰ পিচত জিম্বাব’ৱেৰ দলটোৱে বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাত ব্যৰ্থ হয় ৷

168 ৰাণৰ লক্ষ্য আগত লৈ জিম্বাব’ৱে দলটোৱে 18.3 অভাৰতে, আটাইকেইটা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰি আত্মসমৰ্পণ কৰে ৷ দলৰ হৈ ডিয়ন মেয়াৰ্ছে সৰ্বাধিক 34 ৰাণৰ বৰঙণি আগবঢ়াই ৷ টাদিৱানাশে মাৰুমণি আৰু ফৰজ আক্ৰামে 27 ৰাণ সংগ্ৰহ কৰে ৷ এই তিনিজন বেটছমেনৰ বাহিৰে দলটোৰ বাকীকেইজন বেটছমেন ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ ভাৰতৰ হৈ মুকেশ কুমাৰে 3.3 অভাৰত 22 ৰাণ খৰচ কৰি 4 টা উইকেট দখল কৰে ৷ শিভম ডুবেই দুটা উইকেট দখল কৰাৰ বিপৰীতে তুষাৰ দেশপাণ্ডে, অভিষেক শৰ্মা আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে ৷ এই শৃংখলাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰা ৱাশ্বিংটন সুন্দৰ প্লেয়াৰ অব দ্য ছিৰিজ বিবেচিত হোৱাৰ বিপৰীতে শিৱম ডুবে প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

টছত জিকি জিম্বাব’ৱে দলে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে ৷ নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথম অভাৰতে যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱাই বিপদত পৰে ৷ চতুৰ্থখন মেচত দুৰ্দান্ত বেটিঙেৰে 93 ৰাণৰ অপৰাজিত ইনিংছ খেলা জয়ছোৱাল আজিৰ মেচখনত ব্যৰ্থ হয় ৷ জয়ছোৱালে 5 টা বলত ব্যক্তিগত 12 ৰাণত পেভিলিয়নমুখী হয় ৷

ইয়াৰ পিচতেই অধিনায়ক শুভমন গীল (13) আৰু অভিষেক শৰ্মা (14)ৰ উইকেট পতনৰ পিচত উইকেটকীপাৰ বেটছমেন সঞ্জু ছেমচনে দলক আগুৱাই নিয়ে ৷ ছেমচনে 45 টা বলৰ সন্মুখীন হৈ 58 ৰাণৰ এক ইনিংছ খেলে ৷ ইফালে এই শৃংখলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় T-20 শৃংখলাত অভিষেক ঘটোৱা ৰিয়ান পৰাগ তৃতীয় আৰু চতুৰ্থ মেচত সুযোগ পোৱা নাছিল যদিও আজি পুনৰ দলৰ মূল একাদশত অন্তৰ্ভূক্ত হয় তেওঁ ৷ ৰিয়ান পৰাগে 24 টা বলৰ সন্মুখীন হৈ 22 ৰাণৰ এক ইনিংছ খেলি আউট হয় ৷ আনহাতে শিৱম ডুবেই 26 ৰাণৰ বৰঙণি আগবঢ়াই দলীয় ভেটি শক্তিশালী কৰে ৷ ৰিংকু সিং (11) আৰু ৱাশ্বিংটন সুন্দৰ (1) ৰাণত অপৰাজিত হৈ থাকে ৷ জিম্বাব’ৱেৰ হৈ ব্লেছিং মুজাৰাবানীয়ে সৰ্বাধিক 2 টা উইকেট দখল কৰে ৷ আনহাতে ৰিচাৰ্ড নাগাৰ্ভা, ব্ৰেণ্ডন মাভুটা আৰু অধিনায়ক ছিকন্দৰ ৰাজাই 1 টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : পাকিস্তান চেম্পিয়নক পৰাস্ত কৰি বিশ্ব চেম্পিয়নশ্বিপ অফ লেজেণ্ডচ 2024 দখল ইণ্ডিয়া চেম্পিয়নছৰ - World Championship of Legends 2024

Last Updated : Jul 14, 2024, 9:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.