ETV Bharat / sports

একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা স্মৃতি মন্ধানা - INDIA VS SOUTH AFRICA ODIS

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:45 PM IST

Updated : Jun 19, 2024, 10:09 PM IST

Smriti Mandhana: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত মহিলা এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় উপ-অধিনায়ক স্মৃতি মন্ধানা । ইয়াৰ উপৰিও ৫০ অভাৰৰ ফৰ্মেটত ৪০০ বাউণ্ডেৰী অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় মন্ধানা ।

Smriti Mandhana
একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা স্মৃতি মন্ধানা (Etv Bharat Assam)

স্পৰ্টছ ডেস্ক, ১৯ জুন: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাই বুধবাৰে একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ৷ ইয়াৰ লগতে তেওঁ ৫০ অভাৰৰ ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰি প্ৰাক্তন ভাৰতীয় বেটাৰ মিতালী ৰাজৰ অভিলেখ স্পৰ্শ কৰে । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰতৰ মহিলা আৰু দক্ষিণ আফ্ৰিকাৰ মহিলাৰ মাজত অনুষ্ঠিত হোৱা তিনিখন খেলৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়াৰ সময়ত এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় দলৰ উপ-অধিনায়কগৰাকীয়ে ।

লগতে পঢ়ক: আই চি চি এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানা - ICC WOMENS RANKING

মন্ধানাই ১০৩টা বলত একেৰাহে দ্বিতীয়টো শতক আৰু এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক অৰ্জন কৰে । এই শতকৰ সৈতে মন্ধানাই মাত্ৰ ৮৪ ইনিংছত ৭ শতক লাভ কৰাৰ বিপৰীতে মিতালীৰ ২৩২খন মেচত ৭ শতক কৰিছিল । বাওঁহতীয়া ভাৰতীয় মহিলা বেটছমেনগৰাকীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪০০ টা চাৰি সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয় । তেওঁ আজি নিজৰ ইনিংছত সপ্তম অভাৰৰ দ্বিতীয় বলত প্ৰথম বাউণ্ডেৰীৰে এই কৃতিত্ব অৰ্জন কৰে ।

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 143 ৰাণৰ বিশাল জয়ৰে অভিযান আৰম্ভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - INDW vs SAW

ইফালে আজি খেলখনত মন্ধানা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনি উইকেটৰ বিনিময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩২৫ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । মন্ধানাই ১৮টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ১২০টা বলত ১৩৬ ৰান সংগ্ৰহ কৰি ১১৩ ৰান ষ্ট্ৰাইক ৰেটত ৰান কৰে । ইয়াৰ বিপৰীতে বিপৰীতে হৰমনপ্ৰীতে ৮৮ বলত অপৰাজিত ১০৩ ৰান সংগ্ৰহ কৰে । আলহী দলৰ হৈ ননকুলুলেকো ম্লাবাই (২/৫১) দুটা উইকেট দখল কৰে ।

Last Updated : Jun 19, 2024, 10:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.