ETV Bharat / sports

টি 20 বিশ্বকাপ : সৰ্বকালৰ সৰ্বাধিক সফল অধিনায়কত পৰিণত ৰোহিত শৰ্মা - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 11:20 AM IST

India vs England : সৰ্বাধিক সফল অধিনায়কৰূপে অভিলেখ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ৷ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে 49 খন মেচত জয় লাভ কৰি পূৰ্বে বাবৰ আজমৰ নামত থকা এই অভিলেখ ভংগ কৰে ৷

India vs England
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা (AP)

স্পৰ্টছ ডেস্ক, ২৮ জুন : দেশবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ৷ কিয়নো 2022 ৰ প্ৰতিশোধ পূৰ্ণ কৰিবলৈ সক্ষম হ’ল ৰোহিত শৰ্মা নেতৃত্বাধীন মেন ইন ব্লুৱে ৷ ইতিমধ্যে টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই ৷

এই জয়ৰ লগে লগে টি 20 কেৰিয়াৰৰ সৰ্বাধিক সফল অধিনায়কৰূপে অভিলেখ স্থাপন কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ অধিনায়ক হিচাপে দলক সন্মুখৰ পৰা নেতৃত্ব দি এই সীমিত অভাৰৰ ফৰ্মেটত সৰ্বাধিক মেচত জয় লাভ কৰাৰ বাবে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় দলৰ অধিনায়কগৰাকী ৷

লগতে পঢ়ক : ভাৰত-ইংলেণ্ডৰ মাজৰ টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত বৰষুণৰ বিধি-পথালি - T20 World Cup 2024

ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে 49 খন মেচত জয় লাভ কৰি বাবৰ আজমৰ নামত থকা এই অভিলেখ ভংগ কৰে ৷ পূৰ্বে পাকিস্তান দলৰ অধিনায়ক হিচাপে বাবৰ আজমৰ নামত আছিল এই অভিলেখ ৷ বাবৰে 85 খন মেচ খেলি 48 খনত জয় লাভ কৰি স্থাপন কৰিছিল এই অভিলেখ ৷

বিধ্বংসী বলিঙৰ বাবেই শনিবাৰৰ মেচখনত ভাৰতে প্ৰতিপক্ষ ইংলেণ্ডৰ বিৰুদ্ধে 68 ৰাণত জয় লাভ কৰে ৷

দলৰ অধিনায়ক হিচাপে ৰোহিতৰ আছে আন এক অভিলেখ । খেলুৱৈগৰাকীয়ে 61 খন মেচৰ 49 খনতে জয় লাভ কৰিছে ৷ ভাৰতীয় অধিনায়কগৰাকীৰ ষ্ট্ৰাইক ৰেট হৈছে 78.68 শতাংশ । উৎকৃষ্ট প্ৰদৰ্শনেৰে ভাৰতীয় দলক নেতৃত্ব দি অহা ৰোহিত গড়ে 41.33 শতাংশ ৰাণৰে 7 ইনিংছত 248 ৰাণ সংগ্ৰহ কৰি চলিত বিশ্বকাপৰ তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিগণিত হৈছে । ইয়াৰ বাহিৰেও মেচখনত আন বহু অভিলেখ ভংগ হৈছিল ।

টি 20 বিশ্বকাপত ক্ৰীছ জৰ্ডান আৰু আদিল ৰছিদে ক্ৰমে তিনিটা আৰু এটা উইকেটৰে ইংলেণ্ডৰ হৈ যুটীয়া সৰ্বাধিক উইকেট দখলকাৰীত পৰিগণিত হয় । দুয়োজনে নিজৰ উইকেটৰ সংখ্যা 31 লৈ বৃদ্ধি কৰে । প্ৰথমগৰাকীয়ে 23 খন মেচত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে দ্বিতীয়গৰাকীয়ে 30 খন মেচত এই কৃতিত্ব লাভ কৰে ।

লগতে পঢ়ক : আফগানিস্তানৰ স্বপ্নভংগ, টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

দুয়োজন ক্ৰিকেটাৰে ষ্টুৱাৰ্ট ব্ৰডক অতিক্ৰম কৰে আৰু আদিলেও ৬.৯ ইকনমিক ৰেটৰে (economy of 6.9) এই কৃতিত্ব অৰ্জন কৰে । লগতে ভাৰতৰ অধিনায়ক হিচাপে 5000 আন্তঃৰাষ্ট্ৰীয় ৰাণৰ সীমা অতিক্ৰম কৰি ৰোহিত শৰ্মা, পঞ্চমগৰাকী খেলুৱৈত পৰিগণিত হয় ।

লগতে, 2012 চনৰ ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলৰ পিছত টি 20 বিশ্বকাপৰ নকআউট মেচত ই দ্বিতীয় সৰ্ববৃহৎ জয়ৰ ব্যৱধান আছিল ৷

  • ভাৰতৰ অধিনায়ক হিচাপে 5000+ ৰাণ

12883 - বিৰাট কোহলী

11207 - এম এছ ধোনী

8095 - মহম্মদ আজহাৰুদ্দিন

7643 - সৌৰভ গাংগুলী

5013* - ৰোহিত শৰ্মা

  • T20 বিশ্বকাপত ইংলেণ্ডৰ হৈ সৰ্বাধিক উইকেট

31 - আদিল ৰছিদ (ই আৰ: 6.9)

31 - ক্ৰীছ জৰ্ডান (ই আৰ: 8.06)

30 - ষ্টুয়াৰ্ট ব্ৰড (ই আৰ: 7.72)

22 - গ্ৰেম শ্বোৱান (ই আৰ: 6.5)

  • পুৰুষৰ T20 বিশ্বকাপত 1000+ ৰাণ

1216 - বিৰাট কোহলী (ষ্ট্ৰাইক ৰেট: 128.81)

1211 - ৰোহিত শৰ্মা (ষ্ট্ৰাইক ৰেট: 132.78)

1016 - মাহেলা জয়ৱৰ্ধনে (ষ্ট্ৰাইক ৰেট: 134.74)

1013 - জছ বাটলাৰ (ষ্ট্ৰাইক ৰেট: 147.23)

  • T20 বিশ্বকাপত নকআউটত সৰ্বাধিক জয়ৰ মাৰ্জিন (ৰাণৰ দ্বাৰা)

74 ৰাণ - WI vs AUS, কলম্বো আৰ পি এছ, 2012 এছ এফ

68 ৰাণ - IND vs ENG, প্ৰভিডেন্স, 2024 এছ এফ

57 ৰাণ - SL vs WI, দ্য অভেল, 2009 এছ এফ

36 ৰাণ - WI vs SL, কলম্বো আৰ পি এছ, 2012 চনৰ ফাইনেল

  • ভাৰতৰ হৈ T20 বিশ্বকাপ সংস্কৰণত সৰ্বাধিক উইকেট

15 - অৰ্শদীপ সিং (2024)

13 - জছপ্ৰীত বুমৰাহ (2024)

12 - আৰ পি সিং (2007)

11 - ৰবিচন্দ্ৰন অশ্বিন (2014)

লগতে পঢ়ক : 2022 ৰ মধুৰ প্ৰতিশোধ পূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ফাইনেলত মেন ইন ব্লু - T 20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.