স্পৰ্টছ ডেস্ক,৭ মাৰ্চ : ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । প্ৰথম দিনাই ভাৰতীয় স্পিনাৰ সন্মুখত বিধ্বাস্ত ইংলেণ্ডৰ বেটছমেন । প্ৰথম দিনৰ খেল সমাপ্ত হোৱাৰ পূৰ্বেই মাত্ৰ ২১৮ ৰাণতে অলআউট হয় আলহী দলটো । একপ্ৰকাৰ ভাৰতীয় স্পিনাৰৰ দপদপনি দেখা গ'ল ধৰ্মশালাত । কিয়নো কুলদীপ যাদৱে ইংলেণ্ডৰ ৫ টাকৈ উইকেট দখল কৰে । একেদৰে আৰ অশ্বিনেও ৪ টা উইকেট লাভ কৰে আৰু জাদেজাই ১ টা উইকেট লাভ কৰে ।
উল্লেখ্য যে ইংলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল । ইংলেণ্ডৰ হৈ ক্ৰাউলিয়ে সৰ্বাধিক ৭৯ ৰাণ কৰে । বেন ডাকেটে ২৭ ৰাণ, অলি পোপে ১১ ৰাণ আৰু জো ৰুটে ২৬ ৰাণ কৰিবলৈ সক্ষম হয় । একেদৰে জনি বেয়াৰষ্টোই ২৯ ৰাণ, ফ'কছে ২৪ ৰাণ, এছ বছিৰে ১১ ৰাণ আৰু হাৰ্টলিয়ে ৬ ৰাণ কৰে ।
ইয়াৰ বিপৰীতে প্ৰথম দিনাই ভাৰতে বেটিং কৰিবলৈ আহি দুয়োগৰাকী অপেনাৰ ক্ৰমে ৰোহিত শৰ্মা আৰু জয়ছোৱালে ব্যক্তিগত অৰ্ধশতক কৰিবলৈ সক্ষম হয় । অৱশ্যে জয়ছোৱালে ৫৮ টা বলত ৫৭ ৰাণ কৰি আউট হয় । প্ৰথম দিনৰ শেষলৈ ক্ৰীজত ৰোহিত শৰ্মাই ৫২ ৰাণ আৰু শুভমন গিলে ২৬ ৰাণত বেটিং কৰি আছে । ভাৰতে এটা উইকেট হেৰুৱাই ১৩৫ ৰাণ সংগ্ৰহ কৰিছে ।
ধৰ্মশালাত চলি থকা পঞ্চম তথা শৃংখলাৰ অন্তিমখন টেষ্টত ভাৰতীয় দলত ১ টা পৰিৱৰ্তন আছে । এই খেলখনত ৰোহিত শৰ্মাই দেৱদত্ত পাডিক্কলক প্লেয়িং ১১ত সুযোগ দিছে । ভাৰতৰ হৈ দেৱদত্ত পাডিক্কলৰ এইখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট অভিষেক মেচ । এই খেলখনত ৰজত পাতিদাৰৰ স্থানত পদিক্কলক সুযোগ দিয়া হৈছে । এই শৃংখলাত বেয়া প্ৰদৰ্শনৰ বাবে পাতিদাৰ দলৰ পৰা বাহিৰ হোৱাৰ অনুমান কৰা হৈছে । এই শৃংখলাটোত পাডিক্কল ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰা পঞ্চম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।
এই খেলখন ভাৰতীয় দলৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ বাবেও অতি গুৰুত্বপূৰ্ণ । তেওঁৰ এয়া ১০০ নম্বৰ টেষ্ট মেচ । যাৰ বাবে অশ্বিনৰ পৰিয়ালক ষ্টেডিয়ামত দেখা গৈছে । আনহাতে এইখন ইংলেণ্ডৰ জনি বেয়াৰষ্টোৰো ১০০ নম্বৰ টেষ্ট মেচ । ইফালে ভাৰতে খেলখনত জয়ী হৈ শৃংখলাটো ৪-১ত শেষ কৰাৰ বাবে চেষ্টা কৰিব ।
ভাৰতৰ প্লেয়িং-১১: ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, দেৱদত্ত পাডিক্কল, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।
ইংলেণ্ড প্লেয়িং ১১ : বেন ডাকেট, জেক ক্ৰাউলি, অলি পোপ, জো ৰুট, জনি বেয়াৰষ্টো, বেন ষ্টকছ (অধিনায়ক), বেন ফক্স, টম হাৰ্টলি, ছোয়েব বছিৰ, মাৰ্ক উড, জেমছ এণ্ডাৰছন ।
লগতে পঢ়ক :ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ ভাৰতীয় স্পিনাৰ শ্বাহবাজ নাদিমৰ