ETV Bharat / sports

কানপুৰ টেষ্টে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰক দিব অভিলেখ স্থাপনৰ সুযোগ - IND VS BAN 2ND TEST

author img

By ETV Bharat Sports Team

Published : 4 hours ago

Ravindra Jadeja on Kanpur test: আজিৰে পৰা আৰম্ভ হৈছে কানপুৰ টেষ্ট ৷ এই টেষ্ট সাক্ষী হ’ব পাৰে একাধিক অভিলেখ ভংগ-স্থাপনৰ ৷ ভাৰতৰ অন্যতম বেটছমেন ৰবিচন্দ্ৰন অশ্বিনৰো সন্মুখত আছে অভিলেখ ভংগৰ বাবে একাধিক সুযোগ ৷ পিছে ক্ৰিকেটাৰগৰাকীয়ে পাৰিবনে এই অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰিব ? জানিবলৈ পঢ়ক সবিশেষ খবৰ...

IND VS BAN 2ND TEST
ৰবীন্দ্ৰ জাদেজাৰ ফাইল ফটো (AP Photos)

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: ভাৰতৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই বাংলাদেশৰ বিৰুদ্ধে চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত 86 ৰাণ সংগ্ৰহ কৰাৰ লগতে দ্বিতীয় ইনিংছত দখল কৰিছিল 5 টা উইকেট ৷ অসাধাৰণ প্ৰদৰ্শন আগবঢ়োৱাৰ পিছতো জাদেজাই অভিলেখ গঢ়াৰ ক্ষেত্ৰত হেৰুৱাই সুযোগ ।

অৱশ্যে কানপুৰ টেষ্টে ক্ৰিকেটাৰগৰাকীক প্ৰদান কৰিব সেই সুযোগ ৷ পিছে খেলুৱৈগৰাকীয়ে পাৰিবনে সেই সুযোগৰ লাভালাভ উঠাবলৈ ?

3000 ৰাণ সংগ্ৰহ কৰাৰ লগতে 300 উইকেট দখল কৰা দ্বিতীয়গৰাকী দ্ৰুততম খেলুৱৈ

এই অভিলেখ স্থাপনৰ ক্ষেত্ৰত মাথো এখোজ দূৰতহে আছে ভাৰতৰ তাৰকা বেটছমেন ৰবীন্দ্ৰ জাদেজা ৷ এই দূৰত্ব অতিক্ৰম কৰিব পাৰিলেই জাদেজা পৰিণত হ’ব 3000 ৰাণ আৰু 300 উইকেট সম্পূৰ্ণ কৰা তৃতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰত ৷

জাদেজাৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছে কপিলদেৱ আৰু ৰবিচন্দ্ৰন অশ্বিনে ৷ এই ভাৰতীয় যুটিৰ বাহিৰেও এই মাইলৰ খুঁটি অৰ্জন কৰা তালিকাত আছে আন আঠজন ক্ৰিকেটাৰ ৷ তেওঁলোক হৈছে ক্ৰমে- ইয়ান বোথাম, শ্বেন ৱাৰ্ণ, ইমৰাণ খান, ষ্টুৱাৰ্ট ব্ৰড, ৰিচাৰ্ড হেডলী, ডেনিয়েল ভেট্টৰী, শ্বাউন পলক আৰু চামিণ্ডা ভাছ আদি ৷

উল্লেখযোগ্য যে, মাথো এটা উইকেট দখল কৰিব পাৰিলেই জাদেজা হ’ব ইয়ান বোথামৰ পিছৰগৰাকী দ্বিতীয় দ্ৰুততম বলাৰ ৷ জাদেজাই 74 খন মেচত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে বোথামে 72 খন মেচত এই অভিলেখ স্থাপন কৰে ৷

300 টেষ্ট উইকেট দখল কৰা সপ্তমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

এটা উইকেট দখল কৰিব পাৰিলেই ৰবীন্দ্ৰ জাদেজা হ’ব টেষ্ট ক্ৰিকেটত 300 উইকেট দখল কৰা সপ্তমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৷ এই তালিকাত থকা আন আন ভাৰতীয় বলাৰসকলৰ ভিতৰত আছে অনিল কুম্বলে, ৰবিচন্দ্ৰন অশ্বিন, কপিলদেৱ, হৰভজন সিং, ঈশান্ত শৰ্মা আৰু জাহিৰ খানৰ নাম ।

73 খন টেষ্ট মেচত জাদেজাই 4 টা শতক আৰু 21 টা অৰ্ধশতকসহ সংগ্ৰহ কৰিছে 3,122 ৰাণ ৷ লগতে ৰেড বল ক্ৰিকেটত 13 বাৰকৈ 5 উইকেট দখলৰে মুঠ 299 টা উইকেট দখল কৰিছে । এদিনীয়াত জাদেজাই 2,756 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে দখল কৰিছে 299 টা উইকেট ৷

লগতে পঢ়ক: ভাৰত-বাংলাদেশ কানপুৰ টেষ্ট; টছত জিকি বাংলাদেশক বেটিঙৰ বাবে আমন্ত্ৰণ ৰোহিত শৰ্মাৰ - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.