ETV Bharat / sports

ভাৰতীয় ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ: বি চি চি আইয়ে প্ৰকাশ কৰিলে টেষ্ট শৃংখলাৰ সময়সূচী - INDIA TOUR OF ENGLAND 2025

author img

By ETV Bharat Sports Team

Published : Aug 22, 2024, 6:29 PM IST

IND vs ENG Test Series 2025: পাঁচখন মেচৰ টেষ্ট শৃংখলাৰে আগন্তুক বৰ্ষত ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলটোৱে ৷ বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ভ্ৰমণৰ সূচী প্ৰকাশ কৰে ৷

INDIA TOUR OF ENGLAND 2025
ভাৰত বনাম ইংলেণ্ড ফাইল ফটো (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলটোৱে টেষ্ট শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে আগন্তুক বৰ্ষত ইংলেণ্ড ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণৰ সময়ত দলটোৱে ইংলেণ্ডত পাঁচখন টেষ্ট মেচত অংশ ল’ব ৷ বৃহস্পতিবাৰে দুমহীয়া এই ভ্ৰমণ শৃংখলাৰ বাবে প্ৰকাশ কৰিছে খেলৰ সময়সূচী ৷

ভাৰতে 2007 চনৰ পৰা ইংলেণ্ডত অনুষ্ঠিত এখনো টেষ্ট শৃংখলা জিকিব পৰা নাই । তিনি বছৰ আগতে ভাৰতে 2021 চনত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পৰা বঞ্চিত হৈছিল আৰু শৃংখলাটো 2-2 ত অমীমাংসিতভাৱে সামৰণি পৰিছিল ।

ৰোহিত শৰ্মাই ইংলেণ্ডৰ বিৰুদ্ধে 2025 চনত অনুষ্ঠিত হ’বলগীয়া এই টেষ্ট শৃংখলাৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰা হৈছে ৷ ৰোহিত শৰ্মাই ইতিমধ্যে ঘৰুৱা শৃংখলাত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডক পৰাস্ত কৰিছে ৷

20 জুনৰ পৰা 4 আগষ্টলৈ অনুষ্ঠিত হ’ব এই শৃংখলা

ভাৰতে 20 জুনত হেডিঙলিত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলিব । দ্বিতীয়খন টেষ্ট এসপ্তাহ পিছত অৰ্থাৎ 2-6 জুলাইলৈ বাৰ্মিংহামৰ এজবাষ্টন ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব । ইয়াৰ চাৰিদিনৰ পিছত তৃতীয় টেষ্টখন ক্ৰিকেটৰ মক্কা সদৃশ লণ্ডনৰ মাজমজিয়াত থকা আইক’নিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব । শৃংখলাটোৰ পঞ্চম আৰু অন্তিমখন মেচ 31 জুলাইৰ পৰা 4 আগষ্টলৈ লণ্ডনৰ অ’ভেলত অনুষ্ঠিত হ’ব ।

ভাৰতৰ মাটিত ধূলিসাৎ ইংলেণ্ড

ভাৰতে ফেব্ৰুৱাৰী-মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হৈছিল । হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত পৰাজিত হোৱাৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে 4-1 ৰ ব্যৱধানত নিশ্চিত বিজয় সাব্যস্ত কৰে ৷ এই সময়চোৱাত ভাৰতৰ ধ্ৰুৱ জুৰাইল, চৰফৰাজ খান, দেৱদত্ত পডিক্কাল, আকাশদীপ আৰু ৰজত পাতিদাৰে ভাৰতীয় দলৰ হৈ টেষ্ট অভিষেক কৰে ।

লগতে পঢ়ক: শ্ৰেয়ছ আয়াৰৰ ব্যৱহাৰে জিনিলে অনুৰাগীৰ হৃদয়: ৰোহিত শৰ্মাক এৰি দিলে নিজৰ আসন - CEAT CRICKET AWARDS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.