ETV Bharat / sports

ভাৰত এ বনাম অষ্ট্ৰেলিয়া এ টেষ্ট; ভাৰতীয় খেলুৱৈসকলৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ - BALL TEMPERING

Ball tempering by India A: ভাৰত এ আৰু অষ্ট্ৰেলিয়া এ-ৰ মাজত প্ৰথম অনানুষ্ঠানিক টেষ্টৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন ৷

BALL TEMPERING
ভাৰতীয় খেলুৱৈসকলৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 3, 2024, 12:23 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগৰ মাজতে দলটোৰ এগৰাকী উইকেটকীপাৰ-বেটছমেন ঈশান কিষাণৰ বিৰুদ্ধে অমাৰ্জিত আচৰণৰ অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে মেকেত ভাৰত এ আৰু অষ্ট্ৰেলিয়া এ-ৰ মাজত অনুষ্ঠিত হোৱা অনানুষ্ঠানিক টেষ্ট মেচৰ অন্তিম দিনটোৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে এই অভিযোগ উত্থাপিত হয় ৷

যদি বিষয়াসকলে তেওঁক খেলপথাৰত "ভিন্নমত"ৰ অভিযোগ আৰোপ কৰে, তেন্তে ঈশান সমস্যাত পৰাৰ সম্ভাৱনা আছে ৷

BALL TEMPERING
ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰা প্ৰতিবেদন (Snapshot from X handle)

স্থানীয় সংবাদ মাধ্যমৰ মতে, আম্পায়াৰ শ্বন ক্ৰেগৰ সৈতে হোৱা বিবাদৰ শাস্তিস্বৰূপে ঈশান কিষাণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হ’ব পাৰে ৷ যাৰ বাবে খেল আৰম্ভ হোৱাৰ ক্ষেত্ৰতো বিলম্ব হৈছিল ৷ আম্পায়াৰসকলে পূৰ্বৰ বলটোত স্ক্ৰেচ মাৰ্ক থকাৰ কথা উল্লেখ কৰি বলটো সলনি কৰিছিল ৷

এই ঘটনাৰ পিছতে ভাৰতীয় খেলুৱৈসকলে আম্পায়াৰৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা যায় ৷ আম্পায়াৰ ক্ৰেগে ষ্টাম্প মাইকত কোৱা শুনা গৈছিল যে, বলটোৰ আঁচোৰৰ বাবে ভাৰতীয়সকল দায়বদ্ধ ।

BALL TEMPERING
বল টেম্পাৰিঙৰ অভিযোগ (ETV Bharat)

ঈশান কিষাণে বল পৰিৱৰ্তনৰ সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰি আম্পায়াৰ শ্বনৰ সৈতে এক বাদানুবাদত লিপ্ত হৈছিল । "আপুনি ইয়াত স্ক্ৰেচ কৰিছে, আমি বলটো সলনি কৰিছো । আৰু কোনো আলোচনা নহ'ব, খেলিবলৈ আহক । এয়া কোনো আলোচনা নহয়, আপুনি সেই বলটোৰ সৈতেই খেলিব," আম্পায়াৰ শ্বনে ভাৰতীয় খেলুৱৈগৰাকী উদ্দেশ্যি কোৱা বুলি দ্য এজে প্ৰকাশ কৰিছে ৷

ঈশানে এই সিদ্ধান্তটোক "বিবেকবিহীন" বুলি অভিহিত কৰিছিল, যিয়ে আম্পায়াৰক অধিক বিৰক্ত কৰি তুলিছিল । "ক্ষমা কৰিব, ভিন্নমতৰ বাবে আপোনাক শাস্তি প্ৰদান কৰা হ’ব ৷ সেয়া হৈছে অনুপযুক্ত আচৰণ, আপোনাৰ কামৰ বাবেই আমি বলটো সলনি কৰিছিলো," আম্পায়াৰ শ্বনে প্ৰত্যুত্তৰ দিছিল ।

ইফালে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে, কেইঘণ্টামানৰ খেলৰ পিছত ভাৰত এ খেলুৱৈসকলৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ কোনো নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰা হোৱা নাই । আম্পায়াৰ ক্ৰেগে বল পৰিৱৰ্তনৰ কাৰণ বা মূল বলটোৰ সৈতে কি ঘটিছিল বুলি বিশ্বাস কৰিছিল সেই সম্পৰ্কে অতিৰিক্ত বিৱৰণ প্ৰদান কৰা নাছিল ।

লগতে পঢ়ক: ক্ৰিকেট ইতিহাসৰ 10 টা সৰ্বাধিক চৰ্চিত বিবাদৰ ঘটনা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.