ETV Bharat / sports

হতাশ অনুৰাগী : অভিষেক মেচত ব্যৰ্থ ৰিয়ান পৰাগ, শূণ্যতে আউট অভিষেক - India Vs Zimbabwe

IND vs ZIM : ভাৰত আৰু জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন T-২০ মেচত ভাৰতৰ হৈ অভিষেক ঘটোৱা তিনিগৰাকী খেলুৱৈ অভিষেক শৰ্মা, ৰিয়ান পৰাগ আৰু ধ্ৰুৱ জুৰেল সম্পূৰ্ণ ব্যৰ্থ হয় ৷ দলটোৰ বাবে কঠিন সময়ত ৰাণ সংগ্ৰহত ব্যৰ্থ হয় তিনিওজন বেটছমেন ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:56 PM IST

INDIA VS ZIMBABWE
ব্যৰ্থ ৰিয়ান পৰাগ, অভিষেক আৰু ধ্ৰুৱ (ETV BHARAT DELHI DESK)

স্পৰ্টছ ডেস্ক, 6 জুলাই : পাঁচখনীয়া মেচৰ T-২০ শৃংখলাৰ প্ৰথমখন খেলত হাৰাৰেত জিম্বাবুৱেৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল ৷ এই মেচত ভাৰতীয় অধিনায়ক শুভমন গীলে টছত জয়লাভ কৰি জিম্বাব’ৱেক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ শক্তিশালী বলিং আক্ৰমণেৰে 20 অভাৰত 9 টা উইকেটৰ বিনিময়ত জিম্বাব’ৱেক 115 ৰাণত সীমাবদ্ধ কৰি ৰাখিছিল ভাৰতে ৷ কিন্তু বেটিং ব্যৰ্থতাৰ বাবে 116 ৰাণৰ লক্ষ্য খেদি খেদি টিম ইণ্ডিয়াই 13 ৰাণত পৰাজয় স্বীকাৰ কৰিবলগা হয় ৷ এই মেচত ভাৰতৰ হৈ তিনিগৰাকী সম্ভাৱনাময় খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় T-২০ ত অভিষেক ঘটায় আৰু এই মেচত তিনিওজন খেলুৱৈয়ে চূড়ান্ত ব্যৰ্থ হয় ৷

ভাৰতৰ অ’পেনিং বেটছমেন অভিষেক শৰ্মা, মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগ আৰু উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে আজিৰ মেচত অভিষেক ঘটাইছিল ৷ কিন্তু জিম্বাব’ৱেৰ বিৰুদ্ধে তিনিওজন সম্পূৰ্ণ ব্যৰ্থ হৈ অনুৰাগীক হতাশ কৰে ৷

লগতে পঢ়ক : পূৰণ হ’ল দীৰ্ঘদিনীয়া সপোন : ভাৰতৰ হৈ T-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটিল ৰিয়ান পৰাগৰ - ZIMBABWE TOUR OF INDIAN TEAM

অভিষেক মেচত নচলিল ৰিয়ান পৰাগৰ যাদু :

2024ৰ আই পি এলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতীয় T-20 জাতীয় দলত স্থান লাভ কৰা অসমৰ খেলুৱৈ ৰিয়ান পৰাগ এই মেচখনত চূড়ান্ত ব্যৰ্থ হয় ৷ আই পি এলত বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ৰিয়ানে অভিষেক মেচত মাত্ৰ 2 ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নমুখী হয় ৷ আই পি এলত কৰা প্ৰদৰ্শনৰ পাচত প্ৰতিভাৱান যুৱ খেলুৱৈজনৰ ওপৰত সকলোৰে দৃষ্টি আছিল ৷ অনুৰাগী সকলে যুৱ ক্ৰিকেটাৰজনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰি আছিল ৷ কিন্তু অনুৰাগীক হতাশ কৰি 4 নম্বৰত বেটিং কৰিবলৈ অহা ৰিয়ানে 3 টা বলৰ সন্মুখীন হৈ ব্যক্তিগত 2 ৰাণতে পেভিলিয়নৰ বাট বুলে৷

অভিষেক মেচত শূণ্যতে আউট হ’ল অভিষেক শৰ্মা :

জিম্বাব’ৱেই নিৰ্দ্ধাৰণ কৰি দিয়া 116 ৰাণৰ লক্ষ্য খেদি ইনিংছ মুকলি কৰিবলৈ আহিছিল অভিষেক শৰ্মা ৷ কিন্তু সময়ত 4 টা বলৰ মুখামুখি হৈ একাউণ্ট (০) নোখোলাকৈ পেভিলিয়নলৈ উভতি যায় আই পি এলৰ বিস্ফোৰক বেটছমেন অভিষেক শৰ্মা ৷ ব্ৰায়ান বেনেটৰ এটা বলত মাছাকাডজাৰ হাতত কেচ পেলাই পেভিলিয়নৰ বাট বুলে অভিষেকে ৷

ধ্ৰুৱ জুৰেলেও কৰিলে হতাশ :

ভাৰতৰ হৈ অভিষেক ঘটোৱা তৃতীয়জন খেলুৱৈ তথা উইকেট কীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলেও বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰি দলক কঠিন পৰিস্থিতিলৈ এৰি পেভিলিয়নলৈ উভতি আহে ৷ আজিৰ মেচত আন্তঃৰাষ্ট্ৰীয় T-২০ত অভিষেক ঘটোৱাৰ ধ্ৰুৱ জুৰেলে 14টা বলত ব্যক্তিগত 6 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷ এই সময়ত ধ্ৰুৱৰ বেটৰ পৰা এটা বাউণ্ডেৰী আহে ৷

উল্লেখ্য যে, আজিৰ মেচত অভিষেক ঘটোৱা তিনিওজন খেলুৱৈৰ লগতে যুৱ ভাৰতীয় দলটোৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছিল দেশবাসীৰ ৷ বলাৰৰ উন্নত প্ৰদৰ্শন স্বত্বেও বেটিং ব্যৰ্থতাৰ বাবে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ বুলি গণ্য কৰা খেলুৱৈ সকলৰ প্ৰদৰ্শনে হতাশ কৰে অনুৰাগীক ৷

লগতে পঢ়ক : জিম্বাব’ৱেৰ বিৰুদ্ধে 13 ৰাণত আত্মসমৰ্পণ গীল বাহিনীৰ, ব্যৰ্থ ৰিয়ান পৰাগ - India vs zimbabwe

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.