ETV Bharat / sports

পূৰণ হ’ল দীৰ্ঘদিনীয়া সপোন : ভাৰতৰ হৈ T-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটিল ৰিয়ান পৰাগৰ - ZIMBABWE TOUR OF INDIAN TEAM

IND vs ZIM playing 11 : ভাৰত বনাম জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মেচত ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ মেচত ভাৰতৰ মূল একাদশত স্থান লাভ কৰিছে ৰিয়ান পৰাগে ৷ পঢ়ক সম্পূৰ্ণ খবৰ..

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 5:13 PM IST

IND VS ZIM 1ST T20I
T-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটালে ৰিয়ান পৰাগে (BCCI X ACCOUNT)

স্পৰ্টছ ডেস্ক, 6 জুলাই : শুভমান গীলৰ অধিনায়কত্বত ভাৰত আৰু জিম্বাব’ৱেৰ 5খনীয়া মেচৰ T-২০ শৃংখলাৰ প্ৰথমখন T-২০ মেচ হাৰাৰে স্প’ৰ্টছ ক্লাবত আজি অনুষ্ঠিত হৈছে ৷ এই মেচখনত অপেক্ষাৰ অন্ত পেলাই অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় T-20 দলৰ হৈ অভিষেক ঘটাইছে ৷ ইতিমধ্যে আজিৰ মেচখনৰ বাবে ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰিছে ৰিয়ান পৰাগে ৷ ইফালে এই মেচখনত ৰিয়ান পৰাগৰ ওপৰিও বাওহতীয়া উদীয়মান বেটছমেন অভিষেক শৰ্মা আৰু উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ভাৰতৰ হৈ অভিষেক ঘটায় ৷ এই তিনিগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় T-20 ফৰ্মেটত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে ৷ এতিয়া ভাৰতৰ জাতীয় দলৰ হৈ জিম্বাবুৱেৰ বিৰুদ্ধে অভিষেক মেচত নিজৰ উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱাৰ সুযোগ পাব এই তিনিগৰাকী প্ৰতিভাধৰ যুৱ ক্ৰিকেটাৰে ৷

জিম্বাবুৱেৰ বিৰুদ্ধে অভিষেক ঘটালে ৰিয়ান পৰাগ, অভিষেক আৰু জুৰেলে :

2019ত আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ অভিষেক ঘটোৱা অসম সন্তান ৰিয়ান পৰাগে 2024ৰ আই পি এলত বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল ৷ ধাৰাবাহিক বিফলতাৰ অন্তত তেওঁ চলিত বৰ্ষৰ আই পি এলত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত আন্তঃৰাষ্ট্ৰীয় T-20ত ভাৰতীয় জাতীয় দলৰ হৈ অভিষেক ঘটাবলৈ সুযোগ পাই ৷

লগতে পঢ়ক : জাতীয় দলৰ পোছাকত দেখা যাবনে ৰিয়ান পৰাগক ? আজি জিম্বাব'ৱেৰ বিৰুদ্ধে প্ৰথম টি-২০ত ভাৰত - IND ZIM T20 SERIES

2024ৰ আই পি এলত নিজৰ বিস্ফোৰক তথা দায়িত্বশীল বেটিঙৰে বহু সময়ত ৰাজস্থান ৰয়েলছ দলৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হোৱা ৰিয়ান পৰাগে 15 খন মেচত 149.22 ষ্ট্ৰাইক ৰেটেৰে, চাৰিটা অৰ্ধ শতকেৰে 573 ৰাণ সংগ্ৰহ কৰে ৷ 2024 বৰ্ষৰ আই পি এলত তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত ৰাণ আছিল 84 (অপৰাজিত) ৷

আনহাতে অভিষেক শৰ্মা আই পি এল 2023ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ভিতৰত আছিল, তেওঁ নিজৰ বিস্ফোৰক প্ৰদৰ্শনেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক ফাইনেললৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ 2024ৰ আই পি এলত অভিষেকে 16 খন মেচত 3 টা অৰ্ধশতকৰে 484 ৰাণ সংগ্ৰহ কৰে ৷ এই উজ্জ্বল প্ৰদৰ্শনৰ পিচত তেওঁ ভাৰতীয় দলত স্থান লাভ কৰে ৷ এতিয়া তেওঁ 2024 চনৰ 6 জুলাইত জিম্বাবুৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 ত অভিষেক ঘটাইছে ৷

ইতিমধ্যে আজিৰ মেচত টছত জিকি ভাৰতে প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছে ৷

ভাৰতৰ মূল একাদশ-

শুভমন গীল (অধিনায়ক), অভিষেক শৰ্মা, ৰুতুৰাজ গায়কোৱাড, ৰিয়ান পৰাগ, ৰিংকু সিং, ধ্ৰুৱ জুৰেল (উইকেট কীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, আবেশ খান, মুকেশ কুমাৰ, খলিল আহমেদ ৷

লগতে পঢ়ক : জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - ZIMBABWE TOUR OF INDIAN TEAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.