ETV Bharat / sports

টি-২০ শৃংখলাত হোৱাইট ৱাশ্ব শ্ৰীলংকা; ৩-০ ব্যৱধানত শৃংখলা দখল ভাৰতৰ - IND vs SL T20I series 2024

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 1:37 PM IST

Sri Lanka Tour of Team India : ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ মেচত ভাৰতে ছুপাৰ অ'ভাৰত জয়লাভ কৰে । এই বিজয়েৰে ভাৰতে টি-20 শৃংখলাত নিৰংকুশ বিজয় সাব্যস্ত কৰে ।

Sri Lanka Tour of Team India
শ্ৰীলংকাৰ বিৰুদ্ধে ৩-০ ব্যৱধানত শৃংখলা দখল ভাৰতৰ (ETV Bharat Assam)

স্পৰ্টছ ডেস্ক, ৩১ জুলাই : মঙলবাৰে অনুষ্ঠিত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ অন্তিমখন টি-২০ মেচ আকৰ্ষণীয়ভাৱে সমাপ্ত হয় । মেচখনত ভাৰতে ছুপাৰ অভাৰত শ্ৰীলংকাক পৰাস্ত কৰি শৃংখলাটো ৩-০ ব্যৱধানত দখল কৰে । মেচখনত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৱাশ্বিংটন সুন্দৰক 'প্লেয়াৰ অব দ্য মেচ'ৰ সন্মান প্ৰদান কৰা হয় । তেওঁ বেটেৰে 25 ৰাণ সংগ্ৰহ কৰাৰ উপৰি দুটা উইকেট দখল কৰি সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন কৰে ।

উল্লেখ্য যে শৃংখলাৰ অন্তিম মেচখনত টছত জয়ী হয় ভাৰতে প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজত নামি নিৰ্ধাৰিত 20 অ'ভাৰত 9 উইকেটৰ বিনিময়ত 137 ৰাণ সংগ্ৰহ কৰে । এই বিজয় লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকান দলেও নিৰ্ধাৰিত অ'ভাৰত 8 উইকেটৰ বিনিময়ত সমান সংখ্যক ৰাণ সংগ্ৰহ কৰে । ফলত মেচখনৰ ফলাফল ছুপাৰ অ'ভাৰৰ দ্বাৰা নিৰ্ণয় কৰা হয় । ছুপাৰ অ'ভাৰত শ্ৰীলংকাই 4 টা বলত দুটা উইকেট হেৰুৱাই মাত্ৰ ২ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ভাৰতে প্ৰত্যুত্তৰত প্ৰথম বলতে বিজয় লক্ষ্যত উপনীত হয় ।

মেচখনত অৱশ্যে ভাৰত বেটিং বিপৰ্যয়ৰ সন্মুখীন হ'বলগা হয় । শুভমন গিল, ৰিয়ান পৰাগ আৰু ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । শুভমান গিলে 37 টা বলত সৰ্বাধিক 39 ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ইনিংছটোত আছিল 3 টা চাৰি । ইয়াৰ উপৰি ৰিয়ান পৰাগে ১৮ টা বলত ২৫ ৰাণ আৰু ৱাশ্বিংটন সুন্দৰেও সমসংখ্যক বলতে ২৫ ৰাণ সংগ্ৰহ কৰে ।

সঞ্জু ছেমচন পুনৰ এবাৰ ব্যৰ্থ হয় আৰু নিজৰ একাউণ্টত কোনো ৰাণ সংখ্যা যোগ নিদিয়াকৈয়ে ৪ টা বল খেলি পেভিলিয়নলৈ উভতি যায় । পূৰ্বৰ মেচখনতো সঞ্জু ছেমচনক সুযোগ দিয়া হৈছিল যদিও তাতো তেওঁ এটাও ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হৈছিল । আনহাতে, যশস্ৱী জয়ছোৱালে ৯ টা বলত ১০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰি ৰিংকু সিং (১), সূৰ্যকুমাৰ যাদৱ (৮) আৰু শিৱম দুবেৰ (১৩) বেটৰ পৰাও বিশেষ অৱদান নাছিল ।

আনহাতে, শ্ৰীলংকাৰ হৈ কুশল পেৰেৰাই ৩৪ টা বলত ৪৬ ৰাণ আৰু কুশল মেণ্ডিছে ৪১ টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰে । পাথুম নিশাংকাই 26 ৰাণ সংগ্ৰহ কৰে । এই তিনিগৰাকী বেটছমেনৰ বাহিৰে শ্ৰীলংকাৰ কোনো খেলুৱৈয়ে উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম নহ'ল । আনহাতে, বলিং বিভাগক ভাৰতৰ হৈ ৰিংকু সিং, সূৰ্যকুমাৰ যাদৱ, ৰবি বিষ্ণো আৰু ৱাশ্বিংটন সুন্দৰে ২ টাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক :আজিৰ খেলত লাভলীনা সফল হ’ব বুলি আশাবাদী আদিগুৰু প্ৰশান্ত কুমাৰ দাস - Paris Olympics 2024
লগতে পঢ়ক :কোৱাৰ্টাৰ ফাইনেলৰ দুৱাৰদলিত ভাৰতীয় হকী দল : আয়াৰলেণ্ডৰ বিৰুদ্ধে 2 গ'লত জয়লাভ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.