ETV Bharat / sports

চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে 2-1 গ’লত বিজয়ী ভাৰত - ASIAN HOCKEY CHAMPIONS TROPHY 2024

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 3:53 PM IST

IND vs PAK hockey: শনিবাৰে এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 ৰ এখন মেচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে 2-1 গ’লৰ ব্যৱধানত জয় লাভ ভাৰতৰ ৷ প্ৰতিযোগিতাখনত এয়া ভাৰতৰ ক্ৰমাগত পঞ্চমটো বিজয় ৷

ASIAN HOCKEY CHAMPIONS TROPHY 2024
ভাৰত বনাম পাকিস্তান (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: এছিয়ান চেম্পিয়নছ ট্ৰফীৰ এখন মেচত শনিবাৰে ভাৰতে মুখামুখি হৈছিল পাকিস্তানৰ বিৰুদ্ধে ৷ এই ৰোমাঞ্চকৰ মেচখনত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে পাকিস্তানক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে । অধিনায়ক হৰমনপ্ৰীত সিঙে (13 আৰু 19 মিনিটত) ভাৰতৰ হৈ মেচখনত গ’ল প্ৰদান কৰে । পাকিস্তানৰ হৈ আহমেদ নাদিমে (8 মিনিটত) গ’ল দিয়ে ।

দুয়োটা দলৰে চমকপ্ৰদ আৰম্ভণি

ভাৰত আৰু পাকিস্তান দুয়োটা দলে আক্ৰমণাত্মক শৈলীৰে মেচখন আৰম্ভ কৰে । পাকিস্তানৰ তাৰকা খেলুৱৈ আহমেদ নাদিমে পেৰিছ অলিম্পিক 2024 ৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতক মেচখনৰ 8 মিনিটত প্ৰথমটো গ’ল প্ৰদান কৰি চমক সৃষ্টি কৰে ৷ ভাৰতীয় গ’লৰক্ষক কৃষ্ণ পাঠকৰ প্ৰচেষ্টা ব্যৰ্থ প্ৰতিপন্ন কৰে নাদিমে ৷

অৱশ্যে ইয়াৰ পিছত ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত সিঙে 13 মিনিটত পেনাল্টি কৰ্ণাৰত এটা সুন্দৰ গ’ল কৰি প্ৰথম কোৱাৰ্টাৰলৈকে মেচখনত স্থাপন কৰে সমতা(1-1) ৷

হাফ টাইমলৈকে 2-1 ত ভাৰতৰ অগ্ৰগতি

মেচখনৰ দ্বিতীয় কোৱাৰ্টাৰটো অত্যন্ত ৰোমাঞ্চকৰ আছিল । মেচৰ 19 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, য’ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে যাক 'সাৰামপাচ' বুলি জনা যায়, গ’ল প্ৰদান কৰে ৷ হাফ টাইমলৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে 2-1 ৰ অগ্ৰগতি লাভ কৰে ।

তৃতীয় কোৱাৰ্টাৰত ভাৰতীয় গ’লৰক্ষকৰ সুন্দৰ প্ৰদৰ্শন

হাফ টাইমত ভাৰতৰ বিৰুদ্ধে 2-1 গ’লৰ ব্যৱধানত পিছ পৰাৰ পিছত পাকিস্তানে তৃতীয় কোৱাৰ্টাৰত প্ৰত্যাৱৰ্তন কৰিবলৈ যথাসাধ্য চেষ্টা কৰে । পাকিস্তানী দলটোৱে এটাৰ পিছত এটাকৈ ভাৰতৰ ওপৰত কেইবাটাও আক্ৰমণ চলাই যদিও ভাৰতৰ তাৰকা গ’লৰক্ষক কৃষ্ণবাবু পাঠকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে দলটোৰ সকলো প্ৰচেষ্টা বিফলে যায় ৷ পাকিস্তানে লাভ কৰা তিনিওটা পেনাল্টি কৰ্ণাৰে ভাৰতীয় গ’লৰক্ষকগৰাকীয়ে বিনষ্ট কৰে । তৃতীয় কোৱাৰ্টাৰটো 2-1 গ’লৰ সৈতে সমাপ্ত হয় ৷

চতুৰ্থ কোৱাৰ্টাৰত দুয়োটা দলৰ মাজত হতাহতি

দুয়োটা দলৰ মাজৰ চতুৰ্থ কোৱাৰ্টাৰটো আছিল অতি ৰোমাঞ্চকৰ । মেচখনৰ 50 মিনিটত পাকিস্তানৰ ৰাণা ৱাহিদ আশ্ৰাফে ভাৰতৰ জগৰাজ সিঙক নীতি বহিৰ্ভূতভাৱে ঠেলি দিয়ে । যাক লৈ দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত বাক-বিতণ্ডা সৃষ্টি হয় ৷

ৰেফাৰীয়ে এই কামৰ বাবে হালধীয়া কাৰ্ড দেখুৱাই আশ্ৰাফক 10 মিনিটৰ বাবে খেলৰ পৰা নিলম্বন কৰে ৷ ফলস্বৰূপে পাকিস্তানে মেচখনৰ অন্তিম 10 মিনিটত মাত্ৰ 10 জন খেলুৱৈৰ সৈতে খেলত অংশ লয় ।

মেচৰ 57 মিনিটত ভাৰতৰ মনপ্ৰীত সিঙকো হালধীয়া কাৰ্ড দেখুৱাই 5 মিনিটৰ বাবে নিলম্বন কৰে ৰেফাৰীয়ে ৷ ভাৰতীয় দলটোৱে চতুৰ্থ কোৱাৰ্টাৰত পাকিস্তানৰ ওপৰত কেইবাটাও আক্ৰমণ কৰিছিল । অৱশ্যে পাকিস্তানৰ শক্তিশালী প্ৰতিৰক্ষাই গ’ল কৰাৰ বাবে কৰা এই প্ৰচেষ্টাক বিফল কৰে ৷ অৱশ্যে হৰমনপ্ৰীত সিঙৰ দুটা গ’লৰ বাবেই ভাৰতে পাকিস্তানক 2-1 গ'লত মেচত পৰাস্ত কৰে ।

লগতে পঢ়ক: আজি সমুখ সমৰত ভাৰত-পাকিস্তান: কেনে আছিল এৰি অহা সময় - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.