ETV Bharat / sports

অসাধ্য সাধনত ব্যৰ্থ ভাৰতীয় বলাৰ; 36 বছৰৰ পিছত ঘৰৰ মাটিত লজ্জাজনক পৰাজয় ভাৰতৰ

Ind vs Nz test series: বেংগালুৰু টেষ্টত 8 উইকেটত জয়লাভ নিউজিলেণ্ডৰ ৷ 36 বছৰৰ পিছত ঘৰৰ মাটিতে পৰাজয় ভাৰতৰ ৷

author img

By ETV Bharat Sports Team

Published : 5 hours ago

IND VS NZ 1ST TEST
বেংগালুৰু টেষ্টত টীম ইণ্ডিয়াৰ পৰাজয় (AP Photo)

স্প’ৰ্টছ ডেস্ক, 20 অক্টোবৰ: বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ইতিহাস সৃষ্টি নিউজিলেণ্ডৰ । 36 বছৰীয়া পৰম্পৰা ভংগ কৰি ঘৰৰ মাটিতে 8 উইকেটত ভাৰতক পৰাস্ত কৰে নিউজিলেণ্ডে ৷

দলটোৰ এই পৰাজয় অত্যন্ত লজ্জাজনক, কিয়নো মেচখনৰ প্ৰথম ইনিংছত মাত্ৰ 46 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল ভাৰতে ৷

8 উইকেটত পৰাস্ত ভাৰত

দেওবাৰে হোৱা বৰষুণেও ভাৰতৰ পৰাজয়ত বাধা দিব নোৱাৰিলে ৷ কিয়নো বেংগালুৰু টেষ্টৰ অন্তিম দিনটোত জয়ৰ বাবে নিউজিলেণ্ডক প্ৰয়োজন আছিল মাত্ৰ 107 ৰাণৰ ৷ আনহাতে, ভাৰতক প্ৰয়োজন আছিল 10 উইকেটৰ ।

ভাৰতৰ হৈ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম অভাৰত নিউজিলেণ্ডৰ অধিনায়ক টাল লাথামক শূন্য ৰাণত আউট কৰি দলটোৰ জয়ৰ আশা কিছু পৰিমাণে সজীৱ কৰি ৰাখিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত উইল ইয়ঙে অপৰাজিত 48 ৰাণ আৰু ৰাচিন ৰবীন্দ্ৰই অপৰাজিত 39 ৰাণ সংগ্ৰহ কৰি নিউজিলেণ্ডক ঐতিহাসিক জয় প্ৰদান কৰে ।

টছত জিকি আৰু প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তটো ভুল

টছত জয়ী হোৱাৰ পিছত ভাৰতীয় দলটোৱে প্ৰতিকূল বতৰ স্বত্বেও প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ প্ৰথমে বেট ধৰি কিৱি বাহিনীৰ ফাষ্ট বলাৰৰ সন্মুখত তচ-নচ হৈ পৰে ভাৰতীয় বেটছমেনসকল ৷ মেট হেনৰী আৰু উইলিয়াম অৰোৰ্কে ক্ৰমান্বয়ে 5 টা আৰু 4 টা উইকেট দখল কৰি ভাৰতক মাত্ৰ 46 ৰাণতে সীমাবদ্ধ কৰি ৰাখে । প্ৰত্যুত্তৰত ৰাচিন ৰবীন্দ্ৰৰ 134 ৰাণৰ শতকীয় ইনিংছৰ সহায়ত নিউজিলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰে 402 ৰাণ আৰু মেচখনত 356 ৰাণৰ অগ্ৰগতি লাভ কৰে ।

দ্বিতীয় ইনিংছত ভাৰতৰ দৰ্শনীয় প্ৰত্যাৱৰ্তন

প্ৰথম ইনিংছত 356 ৰাণত পিছ পৰাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছত ঘটাই প্ৰত্যাৱৰ্তন ৷ দ্বিতীয় ইনিংছত ভাৰতৰ অ’পেনিং যুটিটোৱে দলক প্ৰদান কৰে এক সুন্দৰ আৰম্ভণি ৷ ৰোহিত শৰ্মা (52), বিৰাট কোহলী (70) ৰ পিছত চৰফৰাজ খানে (150) চাপ স্বত্বেও সুন্দৰ বেটিং কৰি অৰ্জন কৰে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক ৷

অৱশ্যে, দুৰ্ভাগ্যজনকভাৱে 99 ৰাণ সংগ্ৰহ কৰাৰ পিছত পেভিলিয়নলৈ ওভতে ঋষভ পন্ত ৷ চতুৰ্থ দিনা, নিউজিলেণ্ডে দ্বিতীয়টো নতুন বল লৈ উভতি আহে খেলপথাৰলৈ । অৱশ্যে ভাৰতে 54 ৰাণৰ ব্যৱধানত তেওঁলোকৰ শেষৰ 6 টা উইকেট হেৰুৱায় ।

1-0 ব্যৱধানত নিউজিলেণ্ডৰ অগ্ৰগতি

ভাৰতে আলহী দলটোক মাত্ৰ 107 ৰাণৰ লক্ষ্য বান্ধি দিছিল । নিউজিলেণ্ডে মাত্ৰ দুটা উইকেট হেৰুৱাই সহজে এই লক্ষ্যত উপনীত হয় ৷ এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট 24-28 অক্টোবৰলৈ পুনেত অনুষ্ঠিত হ'ব । তদুপৰি অন্তিমখন টেষ্ট মুম্বাইত 1-5 নৱেম্বৰৰ ভিতৰত খেলা হ'ব ।

লগতে পঢ়ক: ৩৬ বছৰৰ পাছত পৰাজয়ৰ পৰা হাত সাৰিবলৈ বৰষুণৰ ওপৰত ভৰসা টীম ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.