ETV Bharat / sports

চেন্নাইত বলিং প্ৰশিক্ষকৰ সৈতে নেট অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ - IND VS BAN TEST

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 5:44 PM IST

Team india practice: ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই টেষ্টৰ পূৰ্বে চেন্নাইত আৰম্ভ কৰিছে নেট অনুশীলন ৷ বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেলেও যোগদান কৰিছে দলটোত ৷

IND VS BAN TEST
নেট অনুশীলনত ব্যস্ত টীম ইণ্ডিয়া (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: 19 ছেপ্টেম্বৰৰ পৰা ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব দুখন মেচৰ টেষ্ট শৃংখলা ৷ তাৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়া চেন্নাইত উপস্থিত হৈছে টীম ইণ্ডিয়াৰ একাংশ সদস্য ৷ চেন্নাইত উপস্থিত হোৱাৰ পিছত এম এ চিদাম্বৰম ষ্টেডিয়ামত নেট অনুশীলন কৰে দলটোৰ সদস্যসকলে ৷ যাৰ ফটো বি চি চি আইয়ে নিজৰ অফিচিয়েল এক্স একাউণ্টত আপলোড কৰিছে ৷

টীম ইণ্ডিয়াৰ কঠোৰ অনুশীলন

এই ফটোসমূহত টীম ইণ্ডিয়াৰ সদস্যসকলে কঠোৰ অনুশীলন কৰি থকা দেখা গৈছে ৷ অনুশীলনত উপস্থিত আছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ আৰু বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেল ৷ দলটোৱে ফিল্ডিং, বেটিং আৰু বলিং অনুশীলন কৰা এক্সত শ্বেয়াৰ কৰা ফটোসমূহত দেখা গৈছে ৷

ফটোসমূহত ৰোহিত শৰ্মাক ফিল্ডিঙৰ বাবে খেলপথাৰলৈ যোৱা দেখা গৈছে । ইয়াৰ লগতে বিৰাট কোহলীয়ে যশপ্ৰীত বুমৰাহৰ সৈতে আৰু গৌতম গম্ভীৰক কে এল ৰাহুলৰ সৈতে বাৰ্তালাপ কৰি থকা দেখা যায় ৷ তদুপৰি ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, আকাশদ্বীপ আৰু যশ দয়ালক নেটত বলিং অনুশীলন কৰা দেখা গৈছিল । দলটোৰ সদস্যসকলৰ সৈতে বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেল উপস্থিত থকা দেখা যায় ৷

পন্ত আৰু ধ্ৰুৱৰ নেটত বেটিং অনুশীলন

ভাৰতৰ দুজন উইকেটকীপাৰ বেটছমেন ক্ৰমে পন্ত আৰু ধ্ৰুৱে নেটত অনুশীলন কৰি যথেষ্ট ঘাম বাহিৰ কৰে ৷ এখন ফটোত ঋষভ পন্তক অক্ষৰ পেটেলৰ সৈতে বেটিং কৰা দেখা যায় । আনহাতে, ধ্ৰুৱ জুৰেলক বেটিং প্ৰশিক্ষক অভিষেক নায়াৰৰ সৈতে খেলৰ সূক্ষ্ম তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা দেখা যায় । এই সকলোবোৰৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মায়ো দলটোৰ সদস্যসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱা দেখা যায় ৷

লগতে পঢ়ক: জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছতে এইখন দেশত নিষিদ্ধ ক্ৰিকেট - BAN ON CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.