ETV Bharat / sports

বাংলাদেশক ধূলিস্যাৎ কৰি টি 20 শৃংখলা দখল ভাৰতৰ

IND vs BAN 2nd T20I : নতুন দিল্লীত অনুষ্ঠিত টি 20 শৃংখলাৰ দ্বিতীয়খন মেচত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয় ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IND VS BAN 2ND T20 SERIES
টীম ইণ্ডিয়া (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ: ৰাজধানী চহৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টি 20 মেচত ভাৰতে জয় লাভ কৰে ৷ ইয়াৰ লগে লগে ভাৰতে তিনিখন মেচৰ টি 20 শৃংখলাটোও দখল কৰে ৷

বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত মেচখনত বাংলাদেশে টছত জিকি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ ভাৰতৰ হৈ সঞ্জু ছেমছনৰ লগতে অভিষেক শৰ্মাই মুকলি কৰে ইনিংছ ৷ দলীয় 17 ৰাণত ভাৰতে হেৰুৱাই সঞ্জু ছেমছনৰ ৰূপত প্ৰথমটো উইকেট ৷ ছেমছনে ব্যক্তিগত 10 ৰাণত ক্ৰিজৰ পৰা বিদায় লয় ৷ দলীয় 25 ৰাণত ভাৰতে হেৰুৱাই দ্বিতীয়টো উইকেট ৷

পৰৱৰ্তী সময়ত অতি কম সময়ৰ ভিতৰতে ভাৰতে হেৰুৱাই অধিনায়ক সূৰ্যকুমাৰ যাদৱ(8) ৰ উইকেট ৷ অৱশ্যে ৰিংকু সিং আৰু নীতিশ ৰেড্ডীৰ অৰ্ধশতকৰ সহায়ত দলটোৱে সংগ্ৰহ কৰে 222 ৰাণৰ বিশাল স্ক’ৰ ৷ প্ৰত্যুত্তৰত বাংলাদেশে সংগ্ৰহ কৰে 135 ৰাণ ৷

নীতিশ-ৰিংকুৰ প্ৰদৰ্শন

নীতিশে মেচখনত 64 টা বলত সংগ্ৰহ কৰিছিল 74 ৰাণ, য’ত আছিল 7 টা ছয় আৰু 4 টা চাৰি ৷ ৰিংকু সিঙেও মেচখনত আগবঢ়াইছিল 53 ৰাণৰ এক সুন্দৰ অৰ্ধশতকীয় ইনিংছ ৷ ক্ৰিকেটাৰগৰাকীয়ে 27 টা বল খেলি 3 টা ছয় আৰু 5 টা চাৰিৰ সহায়ত সম্পূৰ্ণ কৰিছিল অৰ্ধশতক ।

ভাৰতে বান্ধি দিয়া 222 ৰাণ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে যদিও বিপক্ষৰ বলাৰসকলৰ আগত বেছি সময় তিষ্ঠিব নোৱাৰিলে আলহী দলটো ৷ ভাৰতৰ বলাৰসকলৰ সন্মুখত বাংলাদেশৰ বেটিং বিপৰ্যয় ঘটিবলৈ ধৰে ৷

মাহমুদুল্লাহৰ বাহিৰে কোনো এজন বেটছমেনে বাংলাদেশৰ হৈ সংগ্ৰহ কৰিব নোৱাৰিলে 20 তকৈ অধিক ৰাণ ৷ মাহমুদুল্লাই দলটোৰ হৈ সৰ্বাধিক 41 ৰাণৰ ইনিংছ আগবঢ়ায় ৷ বাংলাদেশৰ অধিনায়ক নাজমুল হাছান শান্তোৱে 7 টা বলত 11 ৰাণ, লিটন দাসে 14, পাৰভেজ হাছানে 16 আৰু টৌহিদ হৃদয়ে 2 ৰাণ সংগ্ৰহ কৰে ।

ভাৰতৰ হৈ 7 জন বলাৰে কৰিছিল বলিং

ভাৰতৰ শক্তিশালী বলিং বিভাগৰ তৰফৰ পৰা 7 জনকৈ বলাৰে বাংলাদেশৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টি 20 ত বলিং কৰে ৷ লগতে প্ৰতিগৰাকী বলাৰে উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

দলটোৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু নীতিশ ৰেড্ডীয়ে দুটাকৈ উইকেট দখল কৰে ৷ ভাৰতীয় অলৰাউণ্ডাৰ ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰৰ উপৰিও মুখ্য বলাৰ অৰ্শদীপ সিং আৰু ময়ংক যাদৱে এটাকৈ উইকেট দখল কৰে ।

তিনিখন মেচৰ টি 20 শৃংখলাটোৰ দুখনত জিকি ভাৰতে ইতিমধ্যে দখল কৰিছে শৃংখলা ৷ এই শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ 12 অক্টোবৰত হায়দৰাবাদৰ উপ্পল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক: বিশ্বকাপৰ ছেমি ফাইনেলৰ দিশে ভাৰত; শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.