ETV Bharat / sports

কানপুৰত 41 বছৰীয়া পৰম্পৰা অটুট ৰাখিবলৈ সাজু ভাৰত; বাংলাদেশেও কঁকালত বান্ধিছে টঙালি - INDIA VS BANGLADESH 2ND TEST - INDIA VS BANGLADESH 2ND TEST

Green Park Stadium Kanpur Team India Stats: কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ ৷ এই ষ্টেডিয়ামখনক টীম ইণ্ডিয়াৰ অভেদ্য দুৰ্গ হিচাপে অভিহিত কৰা হয় ৷ কিয়নো বিগত প্ৰায় 41 বছৰ ধৰি এই খেলপথাৰত অজেয় হৈ আছে ভাৰতীয় ক্ৰিকেট দল ।

INDIA VS BANGLADESH 2ND TEST
গ্ৰীণপাৰ্ক ষ্টেডিয়াম কানপুৰৰ অভিলেখ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Sep 26, 2024, 7:03 PM IST

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: কানপুৰৰ ঐতিহাসিক গ্ৰীণপাৰ্ক ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ ৷ গ্ৰীণপাৰ্কত এয়া টীম ইণ্ডিয়াৰ 24 নং টেষ্ট মেচ ৷ বৰ্তমানলৈকে টীম ইণ্ডিয়াই গ্ৰীণপাৰ্ক ষ্টেডিয়ামত খেলিছে মুঠ 23 খন টেষ্ট মেচ ৷

আনহাতে, বাংলাদেশ হৈছে এনে এটা দল, যি প্ৰথমবাৰৰ বাবে এই খেলপথাৰত ভাৰতৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হ’ব ৷

41 বছৰত এবাৰো পৰাজিত হোৱা নাই ভাৰত

যদিহে গ্ৰীণপাৰ্ক ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ অভিলেখ লক্ষ্য কৰা যায়, তেন্তে দলটোৱে এই ষ্টেডিয়ামত অংশ লোৱা 13 খন টেষ্ট মেচ অমীমাংসিতভাৱে সামৰণি পৰিছে ৷ আনহাতে, দলটোৱে 7 খন টেষ্টত জয়লাভ কৰিছে । একে সময়তে, ভাৰতীয় দলটোৱে 3 খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে ।

এই খেলপথাৰত অন্তিমখন টেষ্ট মেচ 2021 চনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ৷ ৷ যিখন মেচৰ সামৰণি পৰিছিল অমীমাংসিতভাৱে ৷ টীম ইণ্ডিয়াই প্ৰায় 41 বছৰ পূৰ্বে এই খেলপথাৰত অন্তিমখন টেষ্ট মেচত পৰাজিত হৈছিল । 1983 চনৰ 21 অক্টোবৰত ৱেষ্ট ইণ্ডিজে ভাৰতক এক ইনিংছ আৰু 83 ৰাণত পৰাস্ত কৰিছিল । তাৰে পিছৰে পৰা বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে টীম ইণ্ডিয়াই ৷

বিৰাটৰ উপৰিও আন বহু ক্ৰিকেটাৰে লাভ কৰিব অভিলেখ স্থাপনৰ সুযোগ

গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ সহ-সঞ্চালক আৰ এন সিঙে কয় যে, এই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ভাৰত-বাংলাদেশৰ দ্বিতীয়খন টেষ্ট মেচত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে মাত্ৰ 35 ৰাণ সংগ্ৰহ কৰিলেই 27000 আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িব পাৰে ।

তাৰোপৰি তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এতিয়ালৈকে মুঠ 993 টা বাউণ্ডেৰী কোবাইছে । পুনৰ মাত্ৰ 7 টা বাউণ্ডেৰী কোবালেই কোহলীয়ে 1000 টা বাউণ্ডেৰী কোবোৱা পঞ্চমগৰাকী ভাৰতীয় বেটছমেনত পৰিণত হৈ অভিলেখ স্থাপনৰ সুযোগ লাভ কৰিব ৷

কেৱল এয়াই নহয়, শচীন তেণ্ডুলকাৰে 27 হাজাৰ ৰাণ সংগ্ৰহ কৰি গঢ়িছে অভিলেখ । যদি বিৰাট কোহলীয়ে 27,000 ৰাণ সংগ্ৰহ কৰে, তেন্তে তেওঁ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিব ।

একেদৰে যদি ভাৰতীয় খেলুৱৈ কে এল ৰাহুলে 99 ৰাণ সংগ্ৰহ কৰে, তেন্তে তেওঁ টেষ্ট ক্ৰিকেটত 3000 ৰাণ সম্পূৰ্ণ কৰা বেটছমেনৰ ক্লাবত যোগদান কৰিব । গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ তথ্য অনুসৰি, কে এল ৰাহুলে এতিয়ালৈকে 51 খন মেচ খেলিছে ।

বৰ্তমানলৈকে গ্ৰীণপাৰ্কত টীম ইণ্ডিয়াই খেলা মেচসমূহৰ অভিলেখ

  • 12 জানুৱাৰী 1952: ইংলেণ্ডে ভাৰতক আঠ উইকেটত পৰাস্ত কৰে
  • 12 ডিচেম্বৰ 1958: ৱেষ্ট ইণ্ডিজে ভাৰতক ২০৩ ৰাণত পৰাস্ত কৰে
  • 19 ডিচেম্বৰ 1959: ভাৰতে অষ্ট্ৰেলিয়াক ১১৯ ৰাণত পৰাস্ত কৰে
  • 1960 চনৰ 16 ডিচেম্বৰত ভাৰত-পাকিস্তানৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1961 চনৰ 1 ডিচেম্বৰত ভাৰত-ইংলেণ্ডৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1964 চনৰ 15 ফেব্ৰুৱাৰীত ভাৰত-ইংলেণ্ডৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1969 চনৰ 15 নৱেম্বৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1973 চনৰ 25 জানুৱাৰীত ভাৰত-ইংলেণ্ডৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1976 চনৰ 18 নৱেম্বৰত ভাৰত-নিউজিলেণ্ডৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1979 চনৰ 2 ফেব্ৰুৱাৰীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1979 চনৰ 2 অক্টোবৰত ভাৰতে অষ্ট্ৰেলিয়াক 153 ৰাণত পৰাস্ত কৰে
  • 1979 চনৰ 25 ডিচেম্বৰত ভাৰত-পাকিস্তানৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1982 চনৰ 30 জানুৱাৰীত ভাৰত-ইংলেণ্ডৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1983 চনৰ 21 অক্টোবৰত ৱেষ্ট ইণ্ডিজে ভাৰতক এটা ইনিংছ আৰু 83 ৰাণত পৰাস্ত কৰে
  • 1985 চনৰ 31 জানুৱাৰীত ভাৰত-ইংলেণ্ডৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1986 চনৰ 17 ডিচেম্বৰত ভাৰত-শ্ৰীলংকাৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 1996 চনৰ 8 ডিচেম্বৰত ভাৰতে দক্ষিণ আফ্ৰিকাক 280 ৰাণত পৰাস্ত কৰে
  • 1999 চনৰ 22 অক্টোবৰত ভাৰতে নিউজিলেণ্ডক আঠ উইকেটত পৰাস্ত কৰে
  • 2004 চনৰ 20 নৱেম্বৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত খেলা টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত
  • 2008 চনৰ 11 এপ্ৰিলত ভাৰতে দক্ষিণ আফ্ৰিকাক আঠ উইকেটত পৰাস্ত কৰে
  • 2009 চনৰ 24 নৱেম্বৰত ভাৰতে শ্ৰীলংকাক এক ইনিংছ আৰু 144 ৰাণত পৰাস্ত কৰে
  • 2016 চনৰ 22 ছেপ্টেম্বৰত ভাৰতে নিউজিলেণ্ডক 197 ৰাণত পৰাস্ত কৰে
  • 2021 চনৰ 25 নৱেম্বৰত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত টেষ্ট মেচখন অমীমাংসিতভাৱে সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.