ETV Bharat / sports

এডিলেইড টেষ্টত পৰাজয়; ডব্লিউ টি চি পইণ্ট তালিকাত অৱনমিত ভাৰত - WTC POINTS TABLE

India in wtc points table: এডিলেইড টেষ্টত মুখথেকেচা টীম ইণ্ডিয়াৰ ৷ ডব্লিউ টি চি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত ৷

WTC POINTS TABLE
ডব্লিউ টি চি পইণ্ট তালিকাত অৱনমিত ভাৰত (ICC)
author img

By ETV Bharat Sports Team

Published : Dec 8, 2024, 3:26 PM IST

স্প’ৰ্টছ ডেস্ক: এডিলেইডৰ অভেলত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰে । যাৰ ফলত অষ্ট্ৰেলিয়াই পাঁচখন খেলৰ শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷

অষ্ট্ৰেলিয়াৰ এই বিজয়ত অধিনায়ক পেট কামিন্সে 14 অভাৰত 57 ৰাণ ব্যয় কৰি 5 টা উইকেট দখলৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

ট্ৰেভিছ হেডলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা

অষ্ট্ৰেলিয়াই কোনো উইকেট অবিহনেই ভাৰতে নিৰ্ধাৰণ কৰা 19 ৰাণৰ সহজ লক্ষ্য অতিক্ৰম কৰে ৷ দ্বিতীয় টেষ্ট মেচখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ভ্ৰমণকাৰী দলটো তেওঁলোকৰ প্ৰথম ইনিংছত 180 ৰাণত আউট হৈছিল ।

প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত 337 ৰাণ সংগ্ৰহ কৰি মেচখনত ভাৰতৰ বিৰুদ্ধে 157 ৰাণৰ অগ্ৰগতি লাভ কৰে । ট্ৰেভিছ হেডে আগবঢ়োৱা বিস্ফোৰক শতকৰ বাবে প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ ক্ৰিকেটাৰগৰাকীয়ে প্ৰথম ইনিংছত 141 টা বলত 140 ৰাণ সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক 157 ৰাণৰ অগ্ৰগতি দিয়াত পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ।

নীতিশ কুমাৰ ৰেড্ডীৰ সৰ্বাধিক ৰাণ

এডিলেইডৰ দ্বিতীয় ইনিংছতো ভাৰতীয় বেটছমেনসকল ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় ৷ যাৰ বাবে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে মাত্ৰ 175 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰে ৷

এই মেচখনত অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় ৷ খেলুৱৈগৰাকীয়ে টেষ্ট মেচত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে পাঁচটা উইকেট দখল কৰে ৷ আনহাতে, স্কট বোলাণ্ডে তিনিটা আৰু মিচেল ষ্টাৰ্কে দুটা উইকেট দখল কৰে ৷ যাৰ ফলত ভাৰতে মাত্ৰ 19 ৰাণৰ লক্ষ্যহে প্ৰতিপক্ষৰ সন্মুখত নিৰ্ধাৰণ কৰি দিবলৈ সক্ষম হয়, যিটো অষ্ট্ৰেলিয়াই মাত্ৰ 3.2 অভাৰতে অৰ্জন কৰে ।

ডব্লিউ টি চি পইণ্ট তালিকাৰ তৃতীয় স্থানত ভাৰত

এডিলেইডত হোৱা পৰাজয়ে ভাৰতীয় দলটোক তীব্ৰ আঘাত দিছে । দ্বিতীয় টেষ্টত পৰাজিত হোৱাৰ পিছত ভাৰত ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ পৰা অৱনমিত হৈ তৃতীয় স্থান লাভ কৰিছে ৷ ফলস্বৰূপে, ডব্লিউ টি চিৰ ফাইনেলৰ পথো ভাৰতৰ বাবে কঠিন হৈ পৰিছে ৷ দলটোৱে আগন্তুক আটাইকেইখন মেচতে লক্ষণীয় প্ৰদৰ্শন দাঙি ধৰিব লাগিব । লগতে এই শৃংখলাৰ বাকী থকা আটাইকেইখন মেচতে ভাৰতে জয়লাভ কৰিব লাগিব ৷

WTC POINTS TABLE
ডব্লিউ টি চি পইণ্ট তালিকা (ICC)

অষ্ট্ৰেলিয়া বনাম ভাৰতৰ দ্বিতীয় টেষ্টৰ সংক্ষিপ্ত স্ক'ৰ

ভাৰত 36.5 অভাৰত 180 আৰু 175 (নীতিশ কুমাৰ ৰেড্ডী 42, ঋষভ পন্ত 28, পেট কামিন্স 5-57, স্কট বোলেণ্ড 3-51)

অষ্ট্ৰেলিয়া 337 আৰু 19/0

লগতে পঢ়ক: দেৱজিৎ লন শইকীয়াৰ কান্ধত গুৰু দায়িত্ব...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.