ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপ: ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতক প্ৰয়োজন চিৰবৈৰী পাকিস্তানৰ সহায় !

India semi final qualification: মহিলা টি 20 বিশ্বকাপৰ খবৰ ৷ আজি আছে নিউজিলেণ্ড আৰু পাকিস্তানৰ মেচ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 11:36 AM IST

ICC WOMENS T20 WORLD CUP 2024
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল (AP Photos)

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: সম্প্ৰতি চলি থকা আই চি চি মহিলা টি 20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত পৰাস্ত ভাৰত ৷ দেওবাৰে অনুষ্ঠিত গ্ৰুপৰ শেষৰখন মেচত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে ৷

হৰমনপ্ৰীত নেতৃত্বাধীন টীম ইণ্ডিয়াই 152 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 142 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে মেচখনত মাত্ৰ 9 ৰাণত জয় লাভ কৰে কেংগাৰু বাহিনীয়ে ৷ এই পৰাজয়ে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত দলটোক উপনীত হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে ৷ অৱশ্যে এতিয়াও শীৰ্ষ 4 ত উপনীত হ’বলৈ দলটোৱে লাভ কৰিব পাৰে সুযোগ ৷ পিছে এয়া কেনেদৰে সম্ভৱ ?

ছেমি ফাইনেলত উপনীত হ’বলৈ টীম ইণ্ডিয়াৰ সমীকৰণ

অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পিছত মহিলা টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতৰ হাতত আছে এক বিকল্প সুযোগ ৷ অৱশ্য়ে সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া নিউজিলেণ্ড আৰু পাকিস্তানৰ মেচখনৰ ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব ভাৰতৰ এই যাত্ৰাৰ ভৱিষ্যত ৷

যদিহে উক্ত মেচখনত পাকিস্তানে জয় লাভ কৰে, তেন্তে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা সজীৱ হৈ থাকিব ৷

চাৰিখন খেলৰ ভিতৰত দুখনত জয়ী হোৱা ভাৰত বৰ্তমান গ্ৰুপ এ ৰ দ্বিতীয় স্থানত আছে ৷ এই মুহূৰ্তত নিউজিলেণ্ডতকৈ উন্নত নেট ৰাণৰেট আছে ভাৰতৰ । অৱশ্যে, নিউজিলেণ্ডৰ যিকোনো জয়ে 3 টা জয়ৰ সৈতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । কিন্তু যিকোনো ধৰণৰ পৰাজয় কিৱি দলৰ বাবে মাৰাত্মক প্ৰতিপন্ন হোৱাৰ সম্ভাৱনা অধিক ৷

আনকি সোমবাৰে সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নিউজিলেণ্ড-পাকিস্তানৰ মেচখনত নিউজিলেণ্ডে সমতা অৰ্জন কৰিলে বা চুপাৰ অভাৰত পৰাজিত হ'লেও তেওঁলোকৰ নেট ৰাণৰ হাৰ ভাৰততকৈ কম হ'ব ।

ছেমি ফাইনেলত প্ৰৱেশৰ বাবে পাকিস্তানৰ সমীকৰণ

ইয়াৰ মাজতে ভাৰতৰ নেট ৰাণ ৰেটক অতিক্ৰম কৰিবলৈ পাকিস্তানক বৃহৎ জয়ৰ প্ৰয়োজন । যদি দলটোৱে প্ৰথমে বেটিং কৰে, তেন্তে তেওঁলোকে মুঠ স্ক’ৰৰ ওপৰত নিৰ্ভৰ কৰি 47 ৰ পৰা 60 ৰাণৰ ভিতৰত জিকিব লাগিব । দলটোৰ মুঠ ৰাণ যিমানে বেছি হয়, ছেমি ফাইনেলৰ অৰ্হতা নিশ্চিত কৰিবলৈ বিজয়ৰ ব্যৱধান সিমানে বেছি হ’ব ।

যদি দলটোৱে প্ৰতিপক্ষই নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি দ্বিতীয় পৰ্যায়ত বেটিং কৰে, তেন্তে দলটোৱে 57 বা 56 টা বল বাকী থকা অৱস্থাত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব লাগিব, যিটো পুনৰ মুঠ স্ক'ৰৰ ওপৰত নিৰ্ভৰ কৰিব । যদি তেওঁলোকে নিউজিলেণ্ডৰ স্ক'ৰ অতিক্ৰম কৰি বাউণ্ডেৰীৰে মেচখন সমাপ্ত কৰে, তেন্তে তেওঁলোকে মুঠ ৰাণ অতিক্ৰম কৰিবলৈ কেইটামান অতিৰিক্ত বলৰ সহায় ল’ব পাৰে ।

ভাৰতে বিচাৰিছে পাকিস্তানৰ বিজয়

সেয়েহে ছেমি ফাইনেলত উপনীত হ'বলৈ বৃহৎ ব্যৱধানত নহ’লেও পাকিস্তান জয়ী হোৱাটো কামনা কৰিছে ভাৰতীয় অনুৰাগীসকলে ৷ বিপৰীতে মাত্ৰ নিউজিলেণ্ডে মেচখন জিকিলেই হ’ল ৷ ইয়াৰোপৰি অষ্ট্ৰেলিয়াই ইতিমধ্যে গ্ৰুপ বিজয়ী হিচাপে ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰি ৰাখিছে ৷

আনহাতে, গ্ৰুপ বি-ৰ ছেমি ফাইনেলিষ্ট হ'ব ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ যিকোনো দুটা দল । দক্ষিণ আফ্ৰিকাৰ যোগ্যতা অৰ্জনৰ সম্ভাৱনা প্ৰায় নিশ্চিত । ইয়াৰ মাজতে 15 অক্টোবৰ অৰ্থাৎ মঙলবাৰে ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগা মেচখন হ’ব একপ্ৰকাৰ কোৱাৰ্টাৰ ফাইনেলৰ দৰে ৷

লগতে পঢ়ক: বিশ্বকাপৰ ছেমি ফাইনেলৰ দিশে ভাৰত; শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.