ETV Bharat / sports

নিৰ্বাচকৰ ভৰি স্পৰ্শ নকৰাৰ বাবেই দলত স্থান পোৱা নাছিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে - Gautam Gambhir

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:13 PM IST

Indian opener Gautam Gambhir: ভাৰতীয় প্রাক্তন অ’পেনাৰ গৌতম গম্ভীয়ে জুনিয়ৰ ক্ৰিকেট খেলাৰ দিনত নির্বাচকৰ ভৰি স্পর্শ নকৰাৰ বাবে তেওঁক প্রত্যাখ্যান কৰা বুলি প্রকাশ কৰিছে ৷ ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল এজন বাওঁহাতৰ বেটছমেন গম্ভীৰ ।

Indian opener Gautam Gambhir
GAUTAM GAMBHIR (ANI)

নিউজ ডেস্ক, 21 মে’: শেহতীয়াকৈ ভাৰতৰ প্রাক্তন অ’পেনাৰ গৌতম গম্ভীৰে প্রকাশ কৰিছে যে জুনিয়ৰ ক্ৰিকেট খেলাৰ সময়ত নির্বাচকক প্রণাম নকৰাৰ বাবেই তেওঁক প্রত্যাখ্যান কৰা হৈছিল ৷ বাওঁহতীয়াৰ বেটছমেন গম্ভীৰ এজন উৎকৃষ্ট ক্ৰিকেটাৰ আৰু তেওঁ প্ৰায়ে ভাৰতৰ প্ৰাক্তন বেটছমেন বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে ৰাষ্ট্ৰীয় দলৰ হৈ ইনিংছ মুকলি কৰিছিল । ক্ৰিকেটাৰগৰাকীয়ে নিজৰ উজ্জ্বল ষ্ট্ৰ’ক-প্লে’ৰে বিভিন্ন প্ৰত্যাহ্বান নেওচি আহি ৰাষ্ট্ৰীয় দলত গুৰুত্বপূৰ্ণ স্থান লাভ কৰে ।

"মই যেতিয়া ১২ বা ১৩ বছৰ বয়সৰ আছিলোঁ, প্ৰথমবাৰ ১৪ বছৰ অনূৰ্ধ টুৰ্ণামেণ্টৰ বাবে চেষ্টা চলোৱাৰ সময়ত মই নিৰ্বাচিত হোৱা নাছিলো ৷ কাৰণ মই নিৰ্বাচকৰ ভৰি স্পৰ্শ কৰা নাছিলো । তেতিয়াৰ পৰাই মই নিজকে সেই প্ৰতিশ্ৰুতি দিছিলো । মই কেতিয়াও কেতিয়াও কাৰো ভৰি স্পৰ্শ নকৰো আৰু মই কাকো মোৰ ভৰি স্পৰ্শ কৰিবলৈ নিদিওঁ ।’’ ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক তেওঁৰ প’ডকাষ্ট ‘কুট্টি ষ্ট’ৰীজ’ত এইদৰে কয় গম্ভীৰে ।

অশ্বিনে ঘৰুৱা চাৰ্কিটত অল ৰাউণ্ডাৰ হিচাপে নিজৰ নাম উজলাইছিল যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱাৰ সময়ত অফ স্পিনাৰগৰাকীয়ে তেওঁৰ বলিঙৰ ক্ষেত্ৰত বেছিভাগ অৰিহণা যোগাইছিল ৷ যাৰ বাবে তেওঁক নিম্ন ক্ৰমত বেটিং কৰিবলৈ পঠিওৱা হৈছিল । অফ স্পিনাৰগৰাকীয়ে এতিয়ালৈকে ১০০খন টেষ্ট, ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ত অংশগ্ৰহণ কৰি নিজৰ কৌশলী মন্ত্ৰৰে আপ্লুত কৰিছে অনুৰাগীক ।

অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যকালৰ কথা চিন্তা কৰি গম্ভীৰে মতামত দিছিল যে ভাৰতীয় জাৰ্চি পিন্ধি থকাৰ সময়ত তেওঁ নিজৰ বেটিং দক্ষতা সঘনাই প্ৰদৰ্শন কৰাৰ অধিক সুযোগ পাব লাগিছিল ।

লগতে পঢ়ক: কে কে আৰ বনাম এছ আৰ এইচ : প্ৰথমখন কোৱালিফায়াৰৰ পূৰ্বে এক বিশ্লেষণ - IPL 2024

‘‘অলপ হতাশজনক ! এই দেশখনত বেটৰ সৈতে যি সম্ভাৱনা আছে, বিশেষকৈ বগা বলৰ ক্ৰিকেটত, সেই সম্ভাৱনা দেখা নাই । মোৰ মনত আছে বহুদিনৰ আগতে মই কৈছিলো যে আপুনি ভাৰতৰ হৈ পাঁচ বা ছয় নম্বৰত সম্ভৱতঃ বেটিং খেলিব লাগে । কিন্তু হয় সেইটো এটা কথা, যিটো সম্ভৱতঃ এই দেশখনত হৈ নুঠিল ।’’ গম্ভীৰে কয় ৷

৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ১৫৬ খন খেলত গড়ে ২৮.০৬ ৰান কৰি ৫২২১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে লিষ্ট-এ ক্ৰিকেটত ৭৭.৩৫ ষ্ট্ৰাইক ৰেটত ১৩৪৬ ৰান সংগ্ৰহ কৰিছে । এদিনীয়াত তেওঁ ৬৩ ইনিংছত ৭০৭ ৰান সংগ্ৰহ কৰিছে ।

প্ৰবীণ অফ স্পিনাৰগৰাকীয়ে প্ৰায়ে সাহসী ন’কেৰে দলটোক কঠিন পৰিস্থিতিৰ পৰা উলিয়াই অনাৰ ক্ষমতা প্ৰদৰ্শন কৰি আহিছে । তেওঁ এতিয়ালৈকে ৩,৩০৯ টেষ্ট ৰাণ সংগ্ৰহ কৰিছে য’ত ১৪টা অৰ্ধশতক আৰু ৫টা শতক আছে । লগতে তেওঁৰ স্পিন বলিঙৰ দ্বাৰা দৰ্শকৰ চকু কপালত তুলিছে আৰু ৰাষ্ট্ৰীয় দলৰ বাবে ঘৰুৱা টেষ্ট শৃংখলাত প্ৰায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

লগতে পঢ়ক: আমি খেলুৱৈৰ গোপনীয়তাক সন্মান কৰো: ৰোহিত শৰ্মাৰ দাবীৰ প্ৰতি ষ্টাৰ স্প’ৰ্টছৰ প্ৰতিক্ৰিয়া - ROHIT SHARMA vs STAR SPORTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.