ETV Bharat / sports

বিৰাট কোহলীৰ ফিটনেছ মন্ত্ৰ কি: ক্ৰিকেটাৰগৰাকীৰ দৰে হ’ব বিচাৰিলে পঢ়ক এই খবৰ - VIRAT KOHLI FITNESS MANTRA

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 3:13 PM IST

Virat Kohli Diet Plan: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ ফিটনেছৰ ৰহস্য কি ? অনুৰাগীসকলে নিশ্চয় এই বিষয়ে জানিব বিচাৰে ৷ আমি তাৰকা বেটছমেনগৰাকীৰ খাদ্যাভ্যাসৰ বিষয়ে সদৰী কৰিম এই প্ৰতিবেদনত ৷

VIRAT KOHLI FITNESS MANTRA
বিৰাট কোহলী (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী কেৱল অভিলেখ গঢ়াতে নহয়, ফিটনেছতো আছে শীৰ্ষস্থানত । যদিও তেওঁৰ বয়স 35 বছৰ, তথাপিও তেওঁৰ ফিটনেছ এজন যুৱ খেলুৱৈৰ দৰেই । ইয়াৰ মুখ্য কাৰণ হৈছে নিয়মীয়া ব্যায়াম আৰু পুষ্টিকৰ আহাৰ ।

খেলপথাৰত হৰিণৰ দৰে দ্ৰুতগতিত দৌৰিব পৰা কোহলীয়ে কেইদিনমান পূৰ্বে এক সাক্ষাৎকাৰত তেওঁৰ ফিটনেছৰ ৰহস্য মুকলি কৰিছিল । আনকি সমগ্ৰ দিনটোত কোহলীয়ে কেনেধৰণে আহাৰ গ্ৰহণ কৰে, তাৰ বিষয়েও সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল ৷

কোহলীৰ ডায়েট প্লেন

ক্ৰিকেট ভাষ্যকাৰ যতীনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিৰাট কোহলীয়ে তেওঁৰ খাদ্যাভ্যাসৰ সন্দৰ্ভত শ্বেয়াৰ কৰিছিল কিছু কথা ৷ পুৱাৰ আহাৰত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে কণীৰ অমলেট, 3 টাকৈ কণীৰ বগা অংশ অথবা এটা সম্পূৰ্ণ কণী, পালেং শাক, সিজোৱা গাহৰি আৰু মাছ, অমিতা, ড্ৰেগন ফল, তৰমুজ, নিয়মীয়া পৰিমাণৰ চীজ, নাট বাটাৰ গ্ৰহণ কৰে । ইয়াৰ বাহিৰেও দিনে তিনিৰ পৰা চাৰি কাপ গ্ৰীণ টী সেৱন কৰে ।

কোহলীৰ দুপৰীয়াৰ খাদ্য

ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে দুপৰীয়াৰ ভাগত গ্ৰহণ কৰে গ্ৰীলড চিকেন, আলু, সেউজীয়া পাচলি আৰু সাগৰীয় খাদ্য ৷ ইয়াৰ লগতে কোহলীয়ে দুপৰীয়াৰ আহাৰ আৰু পুৱাৰ আহাৰৰ মাজৰ সময়খিনিত শুকান ফল খায় ৷ যিয়ে ক্ৰিকেটাৰগৰাকীৰ যৌৱন ধৰি ৰখাত অৰিহণা যোগায় ৷

বিৰাটৰ ব্যায়ামৰ শৈলী কেনেকুৱা

কোহলীয়ে সুষম আহাৰৰ লগতে ব্যায়ামৰ ক্ষেত্ৰতো যথেষ্ট সময় ব্যৱহাৰ কৰে ৷ তেওঁ দিনে 2 ঘণ্টাকৈ জিমত কটায় । তাৰোপৰি সপ্তাহত এদিন জিৰণি লয় । ব্যায়াম বুলিলে সাঁতোৰো অন্তৰ্ভুক্ত থাকে । ব্যায়ামৰ ৰুটিনখন আকৰ্ষণীয় কৰি ৰাখিবলৈ কিবা নতুন চেষ্টা কৰাটো বিৰাটৰ অভ্যাস ৷

প্ৰথমাৱস্থাত কোহলীয়ে গ্ৰহণ কৰিছিল জাংক ফুড ৷ কিন্তু কোহলীয়ে নিজেই পূৰ্বৰ এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে, এয়া তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ বাবে মাৰাত্মক প্ৰমাণিত হ’ব ৷ তাৰপিছতে নিজৰ জীৱনশৈলী সলনি কৰি সুষম আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিছিল তাৰকা বেটছমেনগৰাকীয়ে ৷

লগতে পঢ়ক: অত্যাধিক ক্ৰিকেট খেলে হৃদযন্ত্ৰৰ প্ৰতি মাতিব পাৰে ভাবুকি ! - HEART PROBLEM IN INDIAN CRICKETER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.