ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা - Ind SA Womens Cricket Series

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:21 PM IST

Updated : May 31, 2024, 1:33 PM IST

Ind SA Women's Cricket Series : ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাটো তিনিখন এদিনীয়া মেচৰ শৃংখলাৰে আৰম্ভ হ'ব । আনহাতে, টেষ্ট মেচ আৰু টি-২০ শৃংখলা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । তিনিওটা ফৰ্মেটৰ বাবে বাঁওহতীয়া তাৰকা বেটাৰ স্মৃতি মান্ধানাক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে । অপেনাৰ শ্বেফালী বাৰ্মাকো দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ।

Ind SA Women's Cricket Series
হৰমনপ্ৰীত কৌৰ (File Photo)

স্প’ৰ্টছ ডেস্ক, ৩১ মে' : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ঘৰুৱা শৃংখলাত মহিলা ক্ৰিকেট তাৰকা হৰমনপ্ৰীত কৌৰে ভাৰতীয় মহিলা দলক আটাইকেইটা ফৰ্মেটত নেতৃত্ব দিব । বি চি চি আয়ে বৃহস্পতিবাৰে নিশা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এদিনীয়া, টেষ্ট আৰু টি-২০ দলটোৰ নাম ঘোষণা কৰে ।

দেশৰ সৰ্বোচ্চ ক্ৰিকেট সংস্থাটোৱে লগতে উল্লেখ কৰে যে বেটাৰ জেমিমা ৰড্ৰিগছ আৰু অলৰাউণ্ডাৰ পূজা বস্ত্ৰকাৰে এই শৃংখলাত অংশগ্ৰহণ কৰাটো তেওঁলোকৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব । আনহাতে, তিনিওটা ফৰ্মেটৰ বাবে বাঁওহতীয়া তাৰকা বেটাৰ স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে । অপেনাৰ শ্বেফালী বাৰ্মাকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে অসমৰ উমা চেত্ৰী অভিজ্ঞ ৰিচা ঘোষৰ সৈতে তিনিওটা ফৰ্মেটৰ বাবে দ্বিতীয় উইকেটকীপাৰ । উল্লেখ্য যে ১৬ জুনৰ পৰা বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰে এই শৃংখলাটো আৰম্ভ হ'ব । আনহাতে, একমাত্ৰ টেষ্ট মেচখন আৰু টি-২০ শৃংখলাটো চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

তিনিখন এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দল

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগছ *, ৰিচা ঘোষ (উইকেটকীপাৰ), উমা চেত্ৰী (উইকেটকীপাৰ), দয়ালান হেমলতা, ৰাধা যাদৱ, আশা শোভানা, শ্ৰেয়াঙ্কা পাটিল, চাইকা ঈশাক, পূজা বস্ত্ৰকাৰ *, ৰেণুকা সিং ঠাকুৰ, অৰিন্ধতী ৰেড্ডী, প্ৰিয়া পুনিয়া ।

একমাত্ৰ টেষ্টৰ বাবে ভাৰতীয় দলটো

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, শুভ সতীশ, জেমিমা ৰড্ৰিগছ *, ৰিচা ঘোষ (উইকেটৰক্ষক), উমা চেত্ৰী (উইকেটকীপাৰ), দীপ্তি শৰ্মা, স্নেহ ৰাণা, চাইকা ঈশাক, ৰাজেশ্বৰী গায়কোৱাড়, পূজা বস্ত্ৰকাৰ *, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, মেঘনা সিং, প্ৰিয়া পুনিয়া ।

তিনিখন মেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, দয়ালান হেমলতা, উমা চেত্ৰী (উইকেটকীপাৰ), ৰিচা ঘোষ (উইকেটকীপাৰ), জেমিমা ৰড্ৰিগছ *, সজনা সজীৱন, দীপ্তি শৰ্মা, শ্ৰেয়াঙ্কা পাটিল, ৰাধা যাদৱ, অমনজোত কৌৰ, আশা শোভানা, পূজা বস্ত্ৰকাৰ *, ৰেণুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী । ষ্টেণ্ডবাই : চাইকা ঈশাক

লগতে পঢ়ক :ভাৰতৰ জাৰ্চি পিন্ধাৰ অনুভৱটো বেলেগ; ভাৰতীয় দললৈ ঘূৰি অহা ঋষভ পণ্টে ক’লে - Rishabh Pant Return To Indian Team

লগতে পঢ়ক :টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বেই জানি লওক এই টুৰ্ণামেন্টৰ সম্পূৰ্ণ তথ্য - ICC T20 Cricket World Cup 2024

Last Updated : May 31, 2024, 1:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.