ETV Bharat / sports

বিশ্বকাপৰ নায়ক হাৰ্দিক পাণ্ডিয়াক মুম্বাইৰ বাসগৃহত উষ্ম আদৰণি - Hardik Gets Grand Welcome

Hardik Gets Grand Welcome: স্বদেশত উপস্থিত হোৱাৰ পিচতে টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলক ব্যাপক আদৰণি জনোৱা দেখা গৈছে । ইফালে বিশ্বকাপৰ অন্যতম নায়ক হাৰ্দিক পাণ্ডিয়া মুম্বাইৰ বাসগৃহত উপস্থিত হোৱাৰ পিচতে অনুৰাগীসকলে তেওঁক উষ্ম আদৰণি জনোৱা দেখা গৈছে ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 2:09 PM IST

Hardik Gets Grand Welcome
বিশ্বকাপৰ নায়ক হাৰ্দিক পাণ্ডিয়াক মুম্বাইৰ বাসগৃহত উষ্ম আদৰণি (ETV Bharat)

স্পৰ্টছ ডেস্ক,৮ জুলাই : সকলোৰে জীৱনত উত্থান-পতন থাকে । কেতিয়াবা যদি আপোনাৰ বেয়া দিন চলি থাকে, কেতিয়াবা আকৌ সেই দিনৰ সমাপ্তি হৈ ভাল দিন আহে । শেহতীয়া প্ৰায় এবছৰ ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ বাবে উত্থান-পতনৰ সময় আছিল । কেৰিয়াৰে হওক বা পাৰিবাৰিক সমস্যাই হওক । এই সময়খিনি তেওঁৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ আছিল ! সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল পাণ্ডিয়া ।

অৱশ্যে টি-২০ বিশ্বকাপে তেওঁৰ জীৱনৰ এই প্ৰত্যাহ্বানবোৰৰ সমাপ্তি ঘটালে । প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে তেওঁ আজি নায়ক । বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ অন্তিম অভাৰে সকলো সলনি কৰিলে । বিশ্বকাপ জয়ৰ পিচতে সকলোৱে খেলুৱৈগৰাকীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে । সমালোচনা নহয় উদযাপনৰ বিষয় হৈ পৰিছে পাণ্ডিয়া ।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ তথা উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়া মুম্বাইৰ বাসগৃহত উপস্থিত হোৱাৰ পিচতে অনুৰাগীসকলে ধুমধামেৰে তেওঁক আদৰণি জনায় । তেওঁৰ উষ্ম আদৰণিৰ ভিডিঅ' সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।

এই ভিডিঅ'টোত হাৰ্দিক পাণ্ডিয়াক তেওঁৰ ভাতৃ তথা ক্ৰিকেটাৰ ক্ৰুণাল পাণ্ডিয়া, ভগ্নী আৰু মাতৃৰ সৈতে দেখা গৈছে । তেওঁক অনুৰাগীসকলৰ ভিৰৰ মাজত থিয় হৈ থকা দেখা গৈছে । এই সময়ছোৱাত অনুৰাগীসকলে তেওঁৰ ওপৰত ফুল ছটিয়াইছে । একেদৰে অনুৰাগীসকলে তেওঁলোকৰ ফোনত হাৰ্দিক পাণ্ডিয়াৰ আদৰণিৰ মুহূৰ্তবোৰ ধৰি ৰখাৰ চেষ্টা কৰিছে । হাৰ্দিক পাণ্ডিয়াকো এই সময়ত যথেষ্ট আনন্দিত দেখা গৈছে ।

উল্লেখ্য যে টি-২০ বিশ্বকাপত হাৰ্ডিক পাণ্ডিয়াই ভাৰতৰ হৈ অন্তিম অভাৰ কৰিছিল । আকৰ্ষণীয় বলিঙৰ বাবে দক্ষিণ আফ্ৰিকা ৭ ৰাণত পৰাজিত হৈছিল আৰু ভাৰত চেম্পিয়ন হয় । পাণ্ডিয়াই বিশ্বকাপত ৮ খন মেচত ১৪৪ ৰাণ সংগ্ৰহ কৰিছিল । লগতে ১১ টা উইকেটো দখল কৰিছিল ।

লগতে পঢ়ক :ডব্লিউটিচি আৰু চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে ৰোহিত শৰ্মাক ভাৰতৰ অধিনায়ক ঘোষণা - WTC And Champions Trophy 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.