স্প’ৰ্টছ ডেস্ক: সম্প্ৰতি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন মেচত ব্যৱহাৰ কৰা হৈছিল পিংক বল ৷ এই মেচখনতে ট্ৰেভিছ হেড আৰু মহম্মদ চিৰাজৰ মাজত ঘটিছিল কিছু বিতৰ্কৰ সূত্ৰপাত ৷ যাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙে ৷
বিগত সময়ৰে পৰা খেলৰ সৈতে সম্পৰ্কিত যিকোনো বিষয়তে স্পষ্ট মতামত প্ৰকাশ কৰি আহিছে প্ৰাক্তন ক্ৰিকেটাৰ সিঙে ৷
হেড-চিৰাজে লাভ কৰা শাস্তি সামান্য কঠোৰ
এডিলেইড টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 140 ৰাণৰ বিস্ফোৰক ইনিংছ খেলা ট্ৰেভিছ হেড আউট হোৱাৰ পিছতে মহম্মদ চিৰাজ আৰু হেডৰ মাজত বিবাদ আৰম্ভ হৈছিল । প্ৰকৃততে চিৰাজৰ সম্পূৰ্ণ টছ বলত ক্লিনব’ল্ড হৈছিল হেড । ইয়াৰ পিছতে পিটচত দুয়োৰে মাজত বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ৷
The end of a sensational innings! 🗣️#AUSvIND pic.twitter.com/kEIlHmgNwT
— cricket.com.au (@cricketcomau) December 7, 2024
যাৰ বাবে আই চি চিয়ে চিৰাজক বিহিছিল 20% জৰিমনা ৷ আনহাতে, আই চি চি আচৰণ বিধিৰ অনুচ্ছেদ 2.13 উলংঘা কৰাৰ অপৰাধত হেড আৰু চিৰাজক জৰিমনা বিহা হৈছিল ৷
হৰভজন সিঙে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰা আই চি চিৰ সিদ্ধান্তক অতি কঠোৰ বুলি বৰ্ণনা কৰিছে । সিঙে দুয়োগৰাকী খেলুৱৈক বিতৰ্কটো এৰি গাব্বা টেষ্টত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে ৷
Just a couple of mates clarifying things...#AUSvIND pic.twitter.com/XzcInyAKLK
— 7Cricket (@7Cricket) December 8, 2024
আগবাঢ়ি যাওক আৰু পৰৱৰ্তী মেচত মনোনিৱেশ কৰক: হৰভজন
ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা বাৰ্তালাপত হৰভজনে কয়, "ঠিক আছে, মই ভাবো আই চি চি খেলুৱৈসকলৰ বাবে সামান্য কঠোৰ । এইবোৰ খেলপথাৰত ঘটে । অৱশ্যে কি ঘটিছিল, সেয়া পাহৰি আগবাঢ়ি যাওক । খেলুৱৈসকলে মিত্ৰতা কৰিছে আৰু ইজনে-সিজনৰ সৈতে বাৰ্তালাপ কৰিছে । যি কি নহওক, আই চি চিয়ে খেলুৱৈসকলক শাস্তি দিছে । এতিয়া তাক একাষৰীয়াকৈ ৰাখি আগবাঢ়ি যাওক, যিটো স্পষ্টভাৱে পৰিলক্ষিত হ’ব ব্ৰীছবেনত । এই সকলো বিতৰ্কৰ সলনি ক্ৰিকেটৰ ওপৰত গুৰুত্ব দিয়ক, যথেষ্ট হ’ল" ৷
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ 14-18 ডিচেম্বৰলৈ ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব । দুখন টেষ্ট মেচৰ পিছত শৃংখলাটো বৰ্তমান 1-1 ত টাই হৈ আছে ।
লগতে পঢ়ক: ক্ৰিকেটৰ ওপৰত নিষেধাজ্ঞা জাৰি আই চি চিৰ !