ETV Bharat / sports

17 বছৰীয়া ডি গুকেশৰ শিৰত বিশ্ব চেম্পিয়নৰ খিতাপ - FIDE Candidates 2024

author img

By ANI

Published : Apr 22, 2024, 12:13 PM IST

CHESS CHAMPION 2024 : পূৰ্বৰ অভিলেখ ভংগ কৰি ডি গুকেশ হ’ল FIDE Candidates Chess Tournament 2024 ৰ নতুন চেম্পিয়ন ৷ 17 বছৰীয়া কিশোৰগৰাকী পৰিণত হ’ল প্ৰতিযোগিতাখনৰ সৰ্বকনিষ্ঠ খেলুৱৈত ৷ ইয়াৰ পূৰ্বে এই খিতাপ দখল কৰিছিল গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দে ৷

FIDE Candidates 2024
ডি গুকেশ হ’ল দবা জগতৰ নতুন চেম্পিয়ন

স্প’ৰ্টছ ডেস্ক, 22 এপ্ৰিল : দবা জগতৰ বাবে এক সুখবৰ ৷ এগৰাকী 17 বছৰীয়া ভাৰতীয় কিশোৰে দখল কৰিলে FIDE Candidates Chess Tournament 2024 ৰ চূড়ান্ত খিতাপ ৷ সোমবাৰে ইতিহাস ৰচি প্ৰতিযোগিতাখনৰ শেষত বিজয়ীৰ হাঁহি মাৰিবলৈ সক্ষম হয় ডি গুকেশ নামৰ কিশোৰগৰাকী ৷

ইয়াৰ লগে লগে খিতাপ দখলকাৰী দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হয় গুকেশ ৷ পূৰ্বে দবা জগতৰ একছত্ৰী সম্ৰাটৰূপে পৰিচিত খেলুৱৈ বিশ্বনাথন আনন্দে দখল কৰিছিল এই খিতাপ ৷ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল টৰণ্ট’ চহৰত ৷

উল্লেখ্য যে, 14 টা ৰাউণ্ডৰ খেলৰ অন্তত গুকেশে বিজয়ীৰ হাঁহি মাৰিবলৈ সমৰ্থ হয় ৷ প্ৰতিযোগিতাখনৰ 14নং ৰাউণ্ডটো 9/14 পইণ্টত ড্ৰ’ হোৱাত গুকেশ নিশ্চিত বিজয়ৰ দিশে গতি কৰে ৷ এই প্ৰতিযোগিতাখনত খেলুৱৈগৰাকীৰ প্ৰতিদ্বন্দ্বী আছিল আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰা ৷ এই জয়ৰ লগে লগে প্ৰতিযোগিতাখনৰ খিতাপ দখলকাৰীত পৰিণত হয় ভাৰতীয় খেলুৱৈগৰাকী ৷

এই জয়ৰ পাচতে গুকেশে বিশ্ব দবা চেম্পিয়নশ্বিপত বৰ্তমানৰ বিশ্ব চেম্পিয়ন চীনৰ ডিং লিৰেনক প্ৰত্যাহ্বান জনোৱাটো স্পষ্ট হৈ পৰিছে ৷ বিশ্বনাথন আনন্দৰ পাচতে ক্লাছিকেল ৱৰ্ল্ড চেম্পিয়নশ্বিপ খিতাপৰ বাবে যুঁজ দিয়া দ্বিতীয়জন ভাৰতীয়ত পৰিগণিত হৈছে খেলুৱৈগৰাকী ৷ আনন্দে 2000-2013 ৰ ভিতৰত পাঁচবাৰকৈ খিতাপ দখল কৰাৰ পাচত মেগনাছ কাৰ্লচেনৰ হাতত পৰাজিত হৈছিল ৷ সম্প্ৰতি এই প্ৰতিযোগিতাত যোগ দিবলৈ খেলুৱৈগৰাকীয়ে অপাৰগতা প্ৰকাশ কৰে ৷

বিশ্ব দবা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত 14 খন খেল অনুষ্ঠিত কৰা হয় ৷ এগৰাকী খেলুৱৈয়ে 7.5 বা তাতকৈ বেছি পইণ্ট লাভ কৰিলে তাৰ পিছত আৰু কোনো খেল খেলা নহয় ৷ ১৪ খন খেলৰ পাচত যদি স্ক’ৰ টাই হয়, তেন্তে টাইব্ৰেকৰ জৰিয়তে ফলাফলৰ সিদ্ধান্ত লোৱা যায় ৷

ডি গুকেশৰ এনে সফলতাত অভিনন্দন জ্ঞাপন কৰিছে বিশ্বনাথন আনন্দে ৷ আনন্দে খেলুৱৈগৰাকীৰ সফলতাত এনেদৰে লিখিছে যে, ‘‘সকলোতকৈ কম বয়সীয়া খেলুৱৈত পৰিণত হোৱা গুকেশক অভিনন্দন ৷ খেলুৱৈগৰাকীয়ে যেনেদৰে খেলি পৰিস্থিতি চম্ভালিছে ৷ তাৰবাবে সমগ্ৰ দবা পৰিয়াল গৌৰৱান্বিত ৷ বিশেষকৈ প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকী নিজে অধিক সুখী বুলি প্ৰকাশ কৰে ৷

লগতে চাওক: টিম ডেভিদ আৰু কায়েৰন পোলাৰ্ডক আচৰণবিধি ভংগ কৰাৰ বাবে জৰিমনা - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.