স্পৰ্টছ ডেস্ক,৩১ মাৰ্চ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ দ্বাদশ খেলখনত দেওবাৰে গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰি হায়দৰাবাদে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত গুজৰাটে ১৯.১ অভাৰত তিনিটা উইকেট হেৰুৱাই নিজ লক্ষ্যত উপনীত হয় । ডেভিদ মিলাৰে জয়দেৱ উনাদকটৰ ২০ অভাৰৰ প্ৰথমটো বলত ছয় মাৰি দলটোৰ বিজয় নিশ্চিত কৰে ।
মিলাৰে চাৰিটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৭টা বলত ৪৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । একেদৰে বিজয় শংকৰে ১১টা বলত ১৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । সাই সুদৰ্শনে ৪৫ ৰানৰ ইনিংছ খেলে । এই জয়েৰে গুজৰাট টাইটানছে তিনিখন খেলৰ দুখনত জয়ী হৈ ৪ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থান দখল কৰিছে । একে সময়তে তিনিখন মেচৰ এখনত জয়েৰে দুটা পইণ্টৰ সহায়ত পঞ্চম স্থানত আছে হায়দৰাবাদ দল । হায়দৰাবাদৰ পৰৱৰ্তী মেচ হ’ব ৫ এপ্ৰিলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে । একে সময়তে ৪ এপ্ৰিলত গুজৰাটৰ দলে পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব ।
উল্লেখ্য যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত খেলখনত টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি ৮ টা উইকেট হেৰুৱাই ১৬২ ৰাণ সংগ্ৰহ কৰে । খেলখনত গুজৰাটৰ হৈ মোহিত শৰ্মাই সৰ্বাধিক ৩ টা উইকেট দখল কৰে । খেলখনত হায়দৰাবাদৰ কোনো এগৰাকী বেটছমেন সফল হ'ব নোৱাৰিলে । কোনো এগৰাকী বেটছমেনে ২০ৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰিলে । অভিষেক শৰ্মা আৰু আব্দুল ছামাদে সৰ্বাধিক ২৯ ৰাণকৈ কৰিবলৈ সক্ষম হয় ।
গুজৰাটে যিকোনো প্ৰকাৰে ঘৰুৱা খেলপথাৰত হায়দৰাবাদক পৰাস্ত কৰিব বিচাৰিব । আনহাতে হায়দৰাবাদ দলেও মুম্বাইৰ বিৰুদ্ধে আকৰ্ষণীয় বিজয়ৰ পিচত জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিছে ।
টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ল'লেও হায়দৰাবাদে গুজৰাটৰ সন্মুখত শক্তিশালী টাৰ্গেট ৰাখিবলৈ সক্ষম নহ'ল । গুজৰাটৰ বাবে ১৬২ ৰাণ যথেষ্ট নহয় যদিও হায়দৰাবাদৰ বলাৰৰ ওপৰত সকলো নিৰ্ভৰ কৰিব ।
এতিয়ালৈকে গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত মুঠ ৩ খন মেচ হৈছে । সেই খেল কেইখনত গুজৰাট শীৰ্ষত আছে । গুজৰাটে ২ খন মেচতে জয়ী হৈছে আনহাতে হায়দৰাবাদ দলে মাত্ৰ ১ খন মেচত জয়ী হৈছে ।
গুজৰাট আৰু হায়দৰাবাদ দুয়োটা দলে এই শৃংখলাত এতিয়ালৈকে ২ খনকৈ মেচ খেলিছে । এই দুয়োটা দলে এখনকৈ মেচত জয়ী হৈছে আৰু এখনকৈ খেলত পৰাস্ত হৈছে । বৰ্তমান আইপিএলৰ পইণ্ট তালিকাত গুজৰাট টাইটানছ আৰু হায়দৰাবাদৰ ২ পইণ্টকৈ আছে ।
বিগত মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এলত ইতিহাস ৰচনা কৰিছিল । মুম্বাইৰ বিৰুদ্ধে দলটোৱে আইপিএলৰ ইতিহাসৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল । মুম্বাইৰ সন্মুখত ২৭৭ ৰাণৰ লক্ষ্য ৰাখিছিল । যাৰ বাবে দলটোৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।
লগতে পঢ়ক :টি-২০ বিশ্বকাপ ২০২৪ৰ ভাৰতীয় দলৰ বাচনি এপ্ৰিল মাহৰ শেষ সপ্তাহত হোৱাৰ সম্ভাৱনা ! - T20 WORLD CUP