ETV Bharat / sports

বক্সাৰ মেৰী কমৰ স্থানত প্ৰাক্তন শ্বুটাৰ গগন নাৰাঙক পেৰিছ অলিম্পিকৰ চেফ-ডি-মিছনৰ দায়িত্ব - Paris Olympic 2024 - PARIS OLYMPIC 2024

Paris Olympic 2024: পেৰিছ অলিম্পিকৰ বাবে ৪ বাৰৰ অলিম্পিয়ান প্ৰাক্তন শ্বুটাৰ গগন নাৰাঙক চেফ-ডি-মিছনৰ দায়িত্ব । বক্সাৰ মেৰী কমৰ স্থানত তেওঁক এই দায়িত্ব । ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষাৰ মতে ভাৰতীয় দলটোৱে এইবাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব ।

Paris Olympic 2024
ভাৰতৰ প্ৰাক্তন শ্বুটাৰ গগন নাৰাঙক চেফ-ডি-মিছনৰ দায়িত্ব (ANI PHOTO)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 1:28 PM IST

স্পৰ্টছ ডেস্ক,৯ জুলাই : অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ'ব ২০২৪ চনৰ পেৰিছ অলিম্পিক । তাৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন শ্বুটাৰ গগন নাৰাঙক চেফ-ডি-মিছনৰ দায়িত্ব । বক্সাৰ মেৰী কমৰ স্থানত নাৰাঙক এই দায়িত্ব দিয়া হৈছে । উল্লেখ্য যে ভাৰতে পেৰিছ অলিম্পিকৰ বাবে এক শক্তিশালী দল প্ৰেৰণ কৰিব । ২০২০ৰ টকিঅ' অলিম্পিকত কৈ এই দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে । টকিঅ' অলিম্পিকত ভাৰতে এটা স্বৰ্ণসহ ৭ টা পদক লাভ কৰিছিল ।

ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে এক্সৰ এটা পোষ্টত কয় যে ৪ বাৰৰ অলিম্পিয়ান আৰু ২০১২ চনৰ অলিম্পিক গেমছৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক বিজয়ী গগন নাৰাঙক ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া পেৰিছ ২০২৪ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলৰ চেফ-ডি-মিছন হিচাপে এম চি মেৰী কমৰ স্থানত বাছনি কৰা হৈছে ।

ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি তথা প্ৰাক্তন অলিম্পিয়ান পি টি ঊষাই কয় যে মেৰী কমৰ পদত্যাগৰ পৰিপ্ৰেক্ষিতত ৪১ বছৰীয়া গগন নাৰাঙক ডেপুটি চেফ-ডি-মিছনৰ পদৰ পৰা উন্নীত কৰাটো এটা স্বয়ংক্ৰিয় পছন্দ আছিল ।

পি টি ঊষাই পোষ্টটোৰ জৰিয়তে কয় যে ভাৰতে দলটোক নেতৃত্ব দিবলৈ এগৰাকী অলিম্পিক পদক বিজয়ীৰ সন্ধানত আছিল যিয়ে মেৰী কমৰ উপযুক্ত স্থান ল'ব পাৰে । পি টি ঊষাই লগতে ঘোষণা কৰে যে দুবাৰকৈ অলিম্পিক পদক লাভ কৰা প্ৰখ্যাত শ্বাটলাৰ পি ভি সিন্ধু হ'ব মহিলা ধ্বজাবাহক । লগতে উদ্বোধনী অনুষ্ঠানত পেডলাৰ এ শৰৎ কমলে এই দায়িত্ব ল'ব ।

পি টি ঊষাই লগতে আশা ব্যক্ত কৰি কয় যে ভাৰতৰ খেলুৱৈসকলে পেৰিছ ২০২৪ অলিম্পিক গেমছত সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদান কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত । উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশৰ পি ভি সিন্ধুৱে ২০১৬ চনৰ ৰিঅ' ডি জেনেৰিঅ' অলিম্পিকত ৰূপৰ পদক আৰু ২০২০ চনৰ টকিঅ' অলিম্পিকত মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰিছিল ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকলৈ ৰাওনা ভাৰতীয় পুৰুষ হকী দল - PARIS OLYMPIC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.