ETV Bharat / sports

আফগানিস্তানৰ ক্ৰিকেট দলত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক: লাভ কৰিলে গুৰু দায়িত্ব - AFGHANISTAN NEW ASSISTANT COACH

author img

By ETV Bharat Sports Team

Published : Aug 22, 2024, 4:06 PM IST

Afghanistan Cricket Board: এতিয়াৰে পৰা আফগানিস্তান ক্ৰিকেট দলত দেখা যাব এখন চিনাকী মুখ ৷ টীম ইণ্ডিয়াৰ এগৰাকী প্ৰাক্তন প্ৰশিক্ষকক দেখা যাব আফগানিস্তানৰ ক্ৰিকেট দলত ৷ আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে যাক দিছে গুৰু দায়িত্ব ৷ পঢ়ক বিতং খবৰ...

AFGHANISTAN NEW ASSISTANT COACH
ৰামকৃষ্ণণ শ্ৰীধৰ (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে(এ চি বি) বুধবাৰে ভাৰতৰ প্ৰাক্তন ফিল্ডিং প্ৰশিক্ষক ৰামকৃষ্ণণ শ্ৰীধৰক নিযুক্তি দিয়ে আফগানিস্তান ক্ৰিকেট দলত ৷ শ্ৰীধৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এখন টেষ্ট আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন এদিনীয়া মেচৰ শৃংখলাৰ বাবে দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে ।

"আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এখন টেষ্ট মেচ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন এদিনীয়া শৃংখলাৰ বাবে ৰামকৃষ্ণণ শ্ৰীধৰক ৰাষ্ট্ৰীয় দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে," এনেদৰে বিবৃতিৰ জৰিয়তে ঘোষণা কৰে ব’ৰ্ডখনে ৷

2014 চনৰ আগষ্টৰ পৰা 2021 চনৰ নৱেম্বৰলৈকে 7 বছৰতকৈও অধিক সময় ভাৰতৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা 54 বছৰীয়া শ্ৰীধৰে ভাৰতৰ ঘৰুৱা ক্ৰিকেটত 35 খন প্ৰথম শ্ৰেণী আৰু 15 খন "তালিকা এ" ৰ মেচ খেলাৰ অভিজ্ঞতা লাভ কৰিছে ৷

শ্ৰীধৰ 300 তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ প্ৰশিক্ষণ কৰ্মচাৰীৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য আছিল, যাৰ ভিতৰত আছে দুখন আই চি চি এদিনীয়া বিশ্বকাপ আৰু দুখন টি-20 বিশ্বকাপৰ মেচ ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) ত কিংছ ইলেভেন পঞ্জাৱৰ(বৰ্তমানৰ পঞ্জাৱ কিংছ) সৈতে তেওঁৰ কাৰ্যকালৰ দ্বাৰা প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ অধিক বৃদ্ধি পাইছিল, য’ত তেওঁ 2014 চনৰ পৰা 2017 চনলৈ স্পিন বলিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । লক্ষণীয়ভাৱে পঞ্জাৱে 2014 চনত আই পি এলৰ ফাইনেলত উপনীত হৈছিল ৷

ইয়াৰোপৰি, শ্ৰীধৰে ভাৰতৰ যুৱ ক্ৰিকেটত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ৷ ভাৰতীয় অনুৰ্ধ-19 ৰাষ্ট্ৰীয় দলৰ সহকাৰী প্ৰশিক্ষক আৰু স্পিন বলিং প্ৰশিক্ষক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে । শ্ৰীধৰে 2008 চনৰ পৰা 2014 চনলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত সহকাৰী ফিল্ডিং আৰু স্পিন বলিং প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক: তিনি স্তম্ভৰ বাবেই সম্ভৱ হ’ল বিশ্বকাপৰ খিতাপ: কাৰ কথা ক’লে ৰোহিত শৰ্মাই - 3 PILLARS OF INDIAN CRICKET TEAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.