ETV Bharat / sports

প্ৰথমে এগৰাকী দেশপ্ৰেমী হোৱা, তাৰ পিচতহে... : ৰিয়ান পৰাগক সমালোচনা কৰি এইদৰে ক’লে এছ শ্ৰীসান্থে - Sreesanth slams Riyan Parag

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 3:40 PM IST

Sreesanth advises Riyan Parag: টি-20 বিশ্বকাপ চোৱাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমালোচনাৰ সন্মুখীন অসমসন্তান ৰিয়ান পৰাগ ৷ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ এছ শ্ৰীসান্থে দেশপ্ৰেমী হ’বলৈ পৰামৰ্শ দিলে ৰিয়ানক ৷

Sreesanth advises Riyan Parag
Sreesanth slams Riyan Parag (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 2 জুলাই: ভাৰতীয় ক্ৰিকেট দলত স্থান লাভৰ পিচতেই সকলোৰে শুভেচ্ছা লাভ কৰা অসম সন্তান ৰিয়ান পৰাগ এইবাৰ সন্মুখীন হৈছে সমালোচনাৰ ৷ দলৰেই এজন প্ৰাক্তন খেলুৱৈয়ে সমালোচনা কৰিছে ৰিয়ানক ৷ টি-20 বিশ্বকাপ 2024 ৰ সন্দৰ্ভত এটা সাক্ষাৎকাৰত ৰিয়ানে কৰা মন্তব্যৰ বাবেই তেওঁক সমালোচনা কৰা হৈছে ৷

2024 ৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ খেল প্ৰদৰ্শন কৰা ৰিয়ান পৰাগে টুৰ্ণামেন্টটোত সংগ্ৰহ কৰিছিল মুঠ 531 ৰাণ ৷ ৰিয়ানৰ আই পি এলৰ প্ৰদৰ্শন চাই বহুতেই আশা প্ৰকাশ কৰিছিল যে 2024 টি-20 বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান পাব ৰিয়ানে ৷ কিন্তু কাৰ্যতঃ তেনে নহ’ল ৷

ইয়াৰ পিচতেই এটা প’ডকাষ্টত ৰিয়ানক টি-20 বিশ্বকাপ চোৱাৰ কথা সোধা হৈছিল ৷ ৰিয়ানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে তেওঁ টি-20 বিশ্বকাপ চাবলৈ যোৱা নাই ৷ ‘‘মই আৰু ক্ৰিকেট চাব নিবিচাৰোঁ, কাৰণ মই বিশ্বকাপ খেলিব বিচাৰোঁ ৷’’

লগতে পঢ়ক: বিদায়ী ভাষণত কি ক'লে ৰাহুল দ্ৰাবিড়ে ? - Rahul Dravid farewell speech

ৰিয়ানৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন পেচ বলাৰ তথা 2007 চনৰ টি-20 বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য এছ শ্ৰীসান্থে ৷ টি-20 বিশ্বকাপ 2024 ৰ ফাইনেলৰ সময়ত ষ্টাৰ স্প‘ৰ্টছৰ ধাৰাভাষ্যকাৰ হিচাপে থকা শ্ৰীসান্থে কয় যে কিছুমান যুৱকে দলত স্থান লাভ নকৰাৰ বাবেও বিশ্বকাপ নাচাওঁ বুলি কৈছে ৷ ৰিয়ান পৰাগক প্ৰথমে এজন দেশপ্ৰেমী হ’বলৈ পৰামৰ্শ দিয়ে শ্ৰীসান্থে ৷

‘‘মই কওঁ যে প্ৰথমে আপুনি এজন দেশপ্ৰেমী হোৱা উচিত, তাৰ পিচত আপুনি ক্ৰিকেটপ্ৰেমী হ’ব লাগিব ৷ যিসকলে দলটো বাচনি কৰিছে তেওঁলোকক সহৃদয়েৰে সমৰ্থন কৰা উচিত৷’’ শ্ৰীসান্থে কয় ৷

লগতে পঢ়ক: জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - Zimbabve Tour Of Indin Team

উল্লেখ্য যে, টি-20 বিশ্বকাপ খেলা ভাৰতীয় দলত স্থান লাভ নকৰিলেও শেহতীয়াকৈ জিম্বাব’ৱে ভ্ৰমণৰ বাবে নিৰ্বাচন কৰা দলত স্থান লাভ কৰিছে ৰিয়ান পৰাগে ৷ এই দলটোক নেতৃত্ব দিব যুৱ ক্ৰিকেটাৰ শুভমন গিলে ৷ 6 জুলাইৰ পৰা জিম্বাব’ৱেত পাঁচখনীয়া টি-20 শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল ৷ ইতিমধ্যে দলটো ৰাওনা হৈছে জিম্বাব’ৱেলৈ ৷

2007 চনত টি-20 বিশ্বকাপৰ প্ৰথমটো সংস্কৰণত এম এছ ধোনীৰ অধীনত খিতাপ জয় কৰিছিল ভাৰতে ৷ তাৰ 17 বছৰৰ পিচত এইবাৰ দক্ষিণ আফ্ৰিকাক ৰোমাঞ্চকৰ ফাইনেলত পৰাস্ত কৰি পুনৰ ট্ৰফী দখল কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে ৷

লগতে পঢ়ক: ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলত থাকিব নে বিৰাট-ৰোহিত ? - Champions trophy 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.