ETV Bharat / sports

ক্ৰিকেটপ্ৰেমীৰ মাজত দুখ: 8 দিনত ক্ৰিকেটক চিৰবিদায় 5 গৰাকীকৈ খেলুৱৈৰ - CRICKETERS RETIREMENT

author img

By ETV Bharat Sports Team

Published : Sep 1, 2024, 3:03 PM IST

Recently Retire 5 Cricketers: অতি কম দিনৰ ব্যৱধানত ক্ৰিকেটক চিৰবিদায় জনাইছে কেইবাগৰাকীও বিখ্যাত ক্ৰিকেটাৰে ৷ এই ক্ৰিকেটাৰসকলৰ নাম বাৰু জানেনে ? চাওক তেওঁলোক কোন ?

CRICKETERS RETIREMENT
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ: বিগত 8 দিনত পাঁচগৰাকীকৈ বিখ্যাত ক্ৰিকেটাৰৰ অৱসৰৰ ঘোষণাই আচৰিত কৰি তুলিছিল ক্ৰিকেটপ্ৰেমীসকলক । অৱসৰ গ্ৰহণ কৰা প্ৰতিগৰাকী ক্ৰিকেটাৰে স্থাপন কৰি থৈছে সুকীয়া সুকীয়া অভিলেখ । সকলো ক্ৰিকেটাৰে খেলৰ জৰিয়তে অনুৰাগীৰ মনত সাঁচ বহুৱাইছে যদিও অধিকাংশই দলৰ হৈ বেছিসংখ্যক মেচত অংশগ্ৰহণৰ সুযোগ লাভ নকৰিলে ৷

  • শিখৰ ধৱন

শিখৰ ধৱনৰ অৱসৰৰ লগে লগে ক্ৰিকেটৰ এক যুগৰ পৰিসমাপ্তি ঘটে । শেহতীয়াকৈ 24 আগষ্টত 'গব্বৰ' নামেৰে জনাজাত শিখৰ ধৱনে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । এগৰাকী অপেনাৰ হিচাপে ক্ৰিকেটাৰগৰাকী আক্ৰমণাত্মক বেটিং শৈলী আৰু ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে জনাজাত হৈ আহিছে ।

ৰোহিত শৰ্মাৰ সৈতে অপেনাৰ হিচাপে তেওঁৰ অংশীদাৰিত্ব আশ্বৰ্যজনক আছিল ৷ ধৱনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক মেচতে অৰ্জন কৰিছিল শতক । অৱসৰৰ পিছত ভাৰতীয় ক্ৰিকেটৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ লগতে খেলুৱৈসকলে অভিনন্দন জনাইছিল ধৱনক ।

  • বৰিন্দৰ চৰণ

দ্ৰুত বলিঙৰ দ্বাৰা অভিষেক মেচতে ধুমুহা সৃষ্টি কৰা বৰিন্দৰ চৰণে ধৱনৰ অৱসৰ ঘোষণাৰ কিছুদিনৰ পিছতে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । টি-20 অভিষেক মেচত 12 ৰাণৰ বিনিময়ত 4 টাকৈ উইকেট লাভ কৰি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাৰ খিতাপ অৰ্জন কৰিছে খেলুৱৈগৰাকীয়ে ৷ বলাৰগৰাকীৰ হঠাতে কৰা এই ঘোষণাই আচৰিত কৰি তুলিছিল সকলো ক্ৰিকেটপ্ৰেমীকে ৷

  • ডেভিদ মলান

বিস্ফোৰক বেটিঙৰ বাবে বিখ্যাত ইংলেণ্ডৰ ক্ৰিকেটাৰ ডেভিড মলানেও শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ঘোষণা কৰিছে অৱসৰ । এতিয়াৰে পৰা খেলুৱৈগৰাকীয়ে লীগৰ টি-20 ফৰ্মেটৰ ওপৰত গুৰুত্ব দিব । মলান এসময়ত টি-20 ক্ৰিকেটৰ শীৰ্ষ বেটছমেন আছিল । তেওঁ শ্ৰেষ্ঠ টি-20 খেলুৱৈ হোৱাৰো অভিলেখ গঢ়িছে ৷ ইয়াৰোপৰি ক্ৰিকেটাৰগৰাকীৰ নামত আছে তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰাৰ অভিলেখ ৷

CRICKETERS RETIREMENT
ডেভিদ মলান (IANS Photo)
  • বিল পুকোভস্কি

অষ্ট্ৰেলিয়াৰ বেটছমেন বিল পুকোভস্কিয়ে আঘাতৰ সমস্যাৰ বাবে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । প্ৰচুৰ সম্ভাৱনাৰে পুষ্ট ক্ৰিকেটাৰগৰাকীক আঘাতৰ সমস্যাই পৰৱৰ্তী সময়ত বাৰুকৈয়ে জুৰুলা কৰা পৰিলক্ষিত হয় ৷

  • শ্যানন গেব্ৰিয়েল

ৱেষ্ট ইণ্ডিজৰ দ্ৰুত বলাৰ শ্যানন গেব্ৰিয়েলেও আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা শেহতীয়াকৈ সন্ন্যাস গ্ৰহণ কৰিছে ৷ দ্ৰুত স্পেল আৰু বলিঙৰ বাবে জনাজাত গেব্ৰিয়েল ৱেষ্ট ইণ্ডিজৰ বলিং আক্ৰমণৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল । তেওঁৰ অৱসৰে কেৰিবিয়ান ক্ৰিকেটত এক খালী স্থান সৃষ্টি কৰে ৷ খেলুৱৈগৰাকীৰ কেৰিয়াৰত এনে বহুতো আশ্চৰ্যকৰ মুহূৰ্ত উপভোগ কৰিছিল অনুৰাগীসকলে ৷ ৱেষ্ট ইণ্ডিজ ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব বলাৰগৰাকী ।

লগতে পঢ়ক: অৱসৰ ঘোষণা কৰা ক্ৰিকেটাৰৰ সংখ্যা বৃদ্ধি: এইবাৰ এইগৰাকী খেলুৱৈয়ে এৰিলে ক্ৰিকেটৰ ময়দান - DAWID MALAN ANNOUNCES RETIREMENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.