ETV Bharat / sports

"প্ৰিয় কোহলী-ৰোহিত অনুগ্ৰহ কৰি অৱসৰ লওক...", শৃংখলা হেৰুওৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ সমালোচনা - IND VS NZ TEST SERIES

Fans Reaction Star Player: পুনে টেষ্টত পৰাজয়ৰ পিছত হতাশ ভাৰতীয় অনুৰাগী ৷ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ দাবী ৷

IND VS NZ TEST SERIES
বিৰাট কোহলী আৰু ৰোহিত শৰ্মা (ANI and IANS photo)
author img

By ETV Bharat Sports Team

Published : Oct 27, 2024, 12:20 PM IST

স্প’ৰ্টছ ডেস্ক: 69 বছৰৰ পিছত ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয় ভাৰতৰ ৷ পুনে টেষ্টত ঘৰুৱা দলটোৱে 113 ৰাণৰ ব্যৱধানত আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰে ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে দুখনকৈ টেষ্টত ভাৰতে একেৰাহে পৰাজয়বৰণ কৰাৰ পিছত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অনুৰাগীৰ মাজত ৷

এই জয়ৰ লগে লগে ভাৰতৰ বিৰুদ্ধে ঘৰুৱা মেচত 69 বছৰীয়া পৰাজয়ৰ ধাৰাও ভংগ কৰে নিউজিলেণ্ডে ।

ভাৰতে ক্ৰমাগত 18 টা টেষ্ট শৃংখলাৰ পিছত অনুষ্ঠিত ঘৰুৱা শৃংখলাটোত পৰাজয়ৰ সন্মুখীন হয় ৷ ভাৰতৰ এই পৰাজয়ত স্বাভাৱিকতে হতাশ হৈ পৰা অধিকাংশ অনুৰাগীয়ে দলটোৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক অৱসৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

IND VS NZ TEST SERIES
নেট অনুশীলনৰ সময়ত ৰোহিত-কোহলী (IANS Photo)

ক্ষুব্ধ অনুৰাগীসকলে দুয়োগৰাকী ক্ৰিকেটাৰক টেষ্ট দলত অন্তৰ্ভুক্ত নকৰাৰ বাবে বাছনি সমিতিকো অনুৰোধ জনাইছে ৷

IND VS NZ TEST SERIES
ৰোহিত শৰ্মা (IANS Photo)

ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে যেনেদৰে কেৰিয়াৰৰ শেষৰফালে উচিত সিদ্ধান্ত গ্ৰহণ কৰিছিল, ঠিক একে সিদ্ধান্ত ৰোহিত-কোহলীয়ে লোৱাটোও বিচাৰিছে একাংশ অনুৰাগীয়ে ৷

পুনে টেষ্টত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল দুয়োগৰাকী ক্ৰিকেটাৰ । ভাৰতৰ অধিনায়কজনে 0 আৰু 8 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কোহলীয়ে 1 আৰু 17 ৰাণ সংগ্ৰহ কৰিছিল । এই টেষ্ট মেচখনত ভাৰতে জয় লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিব বুলি আশাবাদী আছিল অনুৰাগীসকল ৷

IND VS NZ TEST SERIES
বিৰাট কোহলী (AFP Photo)

এজন ব্যৱহাৰকাৰীয়ে লিখিছিল এইদৰে, "ৰোহিত শৰ্মা বা বিৰাট কোহলীক চকু মুদি সমৰ্থন কৰা বন্ধ কৰক" ৷

ৰোহিতে 2016 চনৰ পৰা আৰু কোহলীয়ে 2012 চনৰ পৰা ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰা নাই ৷ অৱশ্যে শচীন তেণ্ডুলকাৰে 40 বছৰ বয়সলৈকে ৰঞ্জী মেচত অংশগ্ৰহণ কৰাৰ লগতে কেৰিয়াৰৰ অন্তিমখন খেল অৱসৰৰ 15 দিন পূৰ্বে খেলিছিল ৷ যদিহে শচীনৰ দৰে খেলুৱৈৰ ক্ষেত্ৰত এয়া সম্ভৱ, তেন্তে আনসকলৰ ক্ষেত্ৰত কিয় অসম্ভৱ বুলি অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: 69 বছৰৰ পিছত ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক পৰাজয়, নিউজীলেণ্ডে দখল কৰিলে টেষ্ট শৃংখলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.