ETV Bharat / sports

টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে 'ষ্টপ ক্লক' জৰিমনা ভৰিলে আমেৰিকাই - T20 World Cup 2024 - T20 WORLD CUP 2024

Stop Clock Rule in Cricket : ভাৰতৰ বিৰুদ্ধে চলিত টি-20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচখনত ষ্টপ ক্লক নিয়মৰ বাবে আমেৰিকাক পাঁচ ৰাণৰ শাস্তি বিহা হয় । আমেৰিকা হৈছে এই নিয়মৰ দ্বাৰা জৰিমনা ভৰা প্ৰথমটো দল । কিন্তু এই নিয়মটো কি ? ইয়াৰ কাৰ্যকৰীকৰণ কেনেদৰে হয় আৰু নিয়মটোত কি ব্যতিক্ৰম আছে এই বিষয়ে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ।

Stop Clock Rule in Cricket
আমেৰিকাই প্ৰথমবাৰৰ বাবে ভৰিলে ষ্টপ ক্লক পেনাল্টি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 4:54 PM IST

স্পৰ্টছ ডেস্ক, ১৩ জুন : বুধবাৰে নাচাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ গ্ৰুপ মেখন এক ঐতিহাসিক মেচ হিচাপে পৰিগণিত হয় । অৱশ্যে নিশ্চিতভাৱে ভাৰতে ছুপাৰ এইটলৈ উন্নীত হোৱা বা বিৰাট কোহলীয়ে 'গ'ল্ডেন ডাক'ত আউট হোৱাক লৈ কোনো ইতিহাস সৃষ্টি হোৱা নাই । কিন্তু ইয়াৰ আঁৰত আছে আমেৰিকা । কিয়নো ক্ৰিকেটৰ 'ষ্টপ ক্লক' নিয়মৰ দ্বাৰা শাস্তি লোভ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে আমেৰিকা । দুয়োটা দলৰ মাজৰ মেচখন উত্তেজনাপূৰ্ণ হৈ পৰিছিল । কিন্তু আয়োজক দলটোৱে সঠিক মতে সময় ব্যৱহাৰত কৰা এক ত্ৰুটিৰ বাবে পাঁচ ৰাণৰ মূল্য ভৰিবলগা হয় । তাৰ পিচতে মেচৰ নিয়ন্ত্ৰণ তেওঁলোকৰ হাতৰ পৰা পিছলি যায় ।

উল্লেখ্য যে মেচখনত অৰ্শদীপ সিঙৰ কেৰিয়াৰ শ্ৰেষ্ঠ আৰু এতিয়ালৈকে টি-২০ বিশ্বকাপত যিকোনো ভাৰতীয় বলাৰৰ হৈ কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে আমেৰিকাৰ ইনিংছ ৮ উইকেটত ১১০ ৰাণত থমকি ৰয় । মেচখনৰ তাৰকা খেলুৱৈ অৰ্শদীপে নিজৰ নিৰ্ধাৰিত ৪ অভাৰত মাত্ৰ ৯ ৰাণ খৰচ কৰি বিপক্ষৰ চাৰিগৰাকী বেটাৰক পেভিলিয়নমুখী কৰে । আনহাতে, সূৰ্যকুমাৰ যাদৱে ভাৰতৰ হৈ এক দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে আৰু তেওঁৰ অৰ্ধশতকৰ সহায়ত ভাৰতে সাত উইকেটত বিজয়ৰ সোৱাদ লাভ কৰে ।

ভাৰত বনাম আমেৰিকাৰ মেচখনত প্ৰকৃততে কি ঘটিছিল ?

এই ঘটনাটো মেচখনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত সংঘটিত হৈছিল । সেই সময়ত দুয়োটা দলে জয়ৰ বাবে সমান সুযোগ পাইছিল । ১৬ নম্বৰ অভাৰ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতে তিনি উইকেটৰ বিনিময়ত ৭৬ ৰাণ সংগ্ৰহ কৰিছিল । জয়ৰ বাবে দলটোক অন্তিম পাঁচ অভাৰত ৩৫ ৰাণৰ প্ৰয়োজন আছিল । কিন্তু যশদীপ সিঙে তেওঁৰ অভাৰ আৰম্ভ কৰাৰ পূৰ্বে খেলপথাৰত থকা আম্পায়াৰে আমেৰিকাৰ অধিনায়ক এৰন জোনছক মাতি আনি কয় যে তেওঁৰ দলটোক পাঁচ ৰাণৰ পেনাল্টি ভৰোৱা হৈছে ।

এই শাস্তি ষ্টপ ক্লক নিয়মৰ অধীনত বিহা হৈছিল, যিটো আই চি চিয়ে চলিত বিশ্বকাপৰ পূৰ্বে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল । আন্তৰ্জাতিক ক্ৰিকেটত দলবোৰক সময় অপচয় কৰাত বাধা দিয়াত এই নিয়মটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

ষ্টপ ক্লক নিয়ম কি ?

ষ্টপ ক্লক নিয়মৰ আঁৰৰ ধাৰণাটো হৈছে এখন মেচ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শেষ হোৱাটো নিশ্চিত কৰা আৰু সময়ৰ অপচয় সীমিত কৰা । আই চি চিৰ এক বিবৃতি অনুসৰি, নিয়মটোত কোৱা হৈছে যে ফিল্ডিং দলটোক পৰৱৰ্তী অভাৰটো আৰম্ভ কৰিবলৈ 60 ছেকেণ্ডৰ অনুমতি দিয়া হৈছে ।

"এটা অভাৰ সম্পূৰ্ণ হোৱাৰ পিচত, ফিল্ডিং দলটোক পৰৱৰ্তী অভাৰটো আৰম্ভ কৰিবলৈ 60 ছেকেণ্ড সময় দিয়া হ'ব । সময়ৰ হিচাপ ৰাখিবলৈ খেলৰ স্থানত এটা ইলেক্ট্ৰ'নিক ঘড়ী থাকিব ।" আই চি চিৰ এক বিবৃতিত কোৱা হৈছে ।

ষ্টপ ক্লক নিয়মৰ কাৰ্যকৰীকৰণ

ষ্টপ ক্লক নিয়মত কোৱা হৈছে যে ফিল্ডিং পক্ষই পৰৱৰ্তী অভাৰটো ৬০ ছেকেণ্ডৰ ভিতৰত আৰম্ভ কৰিব লাগিব আৰু ষ্টেডিয়ামত থকা এটা ইলেক্ট্ৰ'নিক ঘড়ীয়ে ইয়াৰ হিচাপ ৰাখিব ।

কিন্তু ফিল্ডিং দলটোৱে যদি এই সময়সীমা অতিক্ৰম কৰে, তেওঁলোকক প্ৰথমে দুটা সতৰ্কবাণী জাৰি কৰা হ'ব । অৱশ্যে তাৰ পিচতো যদি সময়সীমা অতিক্ৰম কৰা হয়, তেন্তে প্ৰতিটো উলংঘনৰ বাবে তেওঁলোকক পাঁচ ৰাণৰ জৰিমনা বিহা হ'ব । সেয়েহে ফিল্ডিং দলে অভাৰ আৰম্ভ কৰাত পলম কৰিলে বেটিং দলৰ স্ক'ৰকাৰ্ডত পাঁচ ৰাণকৈ কমিব ।

আই চি চিয়ে এইটোও স্পষ্ট কৰি দিছে যে গ্ৰুপ আৰু ছুপাৰ এইট মেচত নিৰ্দিষ্ট সময়ৰ ভিতৰত পাঁচ অভাৰ সম্পূৰ্ণ কৰিব লাগে । আনহাতে, নকআউটৰ ক্ষেত্ৰত দহ অভাৰ সম্পূৰ্ণ হোৱাটো প্ৰয়োজনীয় ।

নিয়মটোৰ প্ৰথম ৰূপায়ণ

যোৱা নৱেম্বৰত গুজৰাটৰ আহমেদাবাদত এক সাংগঠনিক বৈঠকত আই চি চিৰ মুখ্য কাৰ্যবাহী সমিতিয়ে এই নিয়মটোত প্ৰথমে অনুমোদন জনাইছিল । প্ৰাৰম্ভিক পৰিকল্পনাটো আছিল, ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈ পৰীক্ষণভিত্তিত ষ্টপ ক্লক নিয়ম কাৰ্যকৰী কৰা । ইয়াৰ পিচত ইয়াক স্থায়ীভাৱে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

এই নিয়ম স্থায়ী কৰা হৈছে

ষ্টপ ক্লক নিয়মৰ পথ বাছনি কৰাৰ পিচত আই চি চিয়ে অৱশেষত সিদ্ধান্ত লয় যে ২০২৪ চনৰ মাৰ্চত আন্তৰ্জাতিক মেচসমূহত ইয়াক স্থায়িত্ব প্ৰদান কৰা হ'ব । উল্লেখ্য যে এই পৰীক্ষণবোৰে ক্ৰিকেট পৰিচালনা সমিতিক আকৰ্ষণীয় ফলাফল প্ৰদান কৰিছিল । সেয়েহে ১ জুনৰ পৰা ইয়াক খেলৰ এক বাধ্যতামূলক চৰ্ত কৰা হয় । আমেৰিকা আৰু কানাডাৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ মেচখন আছিল ষ্টপ ক্লক নিয়ম কাৰ্যকৰী হোৱা প্ৰথমখন মেচ ।

"মুখ্য কাৰ্যবাহী সমিতিৰ (চি ই চি) ওচৰত উপস্থাপন কৰা ফলাফলে দেখুৱাইছে যে প্ৰতিখন এদিনীয়া মেচত প্ৰায় ২০ মিনিট ৰাহি কৰা হৈছে । ১ জুন, ২০২৪ চনৰ পৰা সকলো সম্পূৰ্ণ সদস্যৰ এদিনীয়া আৰু টি-২০ মেচত এই নিয়মটো এতিয়া এক বাধ্যতামূলক খেলৰ চৰ্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।" আইচিচিৰ এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

নিয়মটোৰ ব্যতিক্ৰম

অৱশ্যে আই চি চিয়ে এই নিয়মটোৰ কিছু ব্যতিক্ৰমৰ কথাও উল্লেখ কৰিছে ।

"এই নিয়মৰ ক্ষেত্ৰত কেইটামান ব্যতিক্ৰম আছে । যদি ঘড়ীটো ইতিমধ্যে চলিবলৈ আৰম্ভ কৰা হৈছে, কিছুমান পৰিস্থিতিত ইয়াক বাতিল কৰিব পাৰি । এইবোৰৰ ভিতৰত আছে :

  • যেতিয়া অভাৰৰ মাজত উইকেটলৈ নতুন বেটাৰ এজন আহে;
  • যদি অফিচিয়েল ড্ৰিংকছ অন্তৰালৰ কথা ঘোষণা কৰা হয়;
  • বেটাৰ বা ফিল্ডাৰৰ আঘাতৰ ক্ষেত্ৰত যদি আম্পায়াৰসকলে চিকিৎসাৰ অনুমোদন জনায়;
  • ফিল্ডিং দলৰ নিয়ন্ত্ৰণৰ বাহিৰত যিকোনো পৰিস্থিতিৰ বাবে হেৰাবলগীয়া সময়ৰ বাবে ।" আই চি চিৰ বিবৃতিত প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক :হেট্ৰিকেৰে টি-২০ বিশ্বকাপৰ Super 8 ত ভাৰত - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.