ETV Bharat / sports

টি-২০ বিশ্বকাপ : ইংলেণ্ডৰ বিৰুদ্ধে ৭ ৰাণত জয়লাভ দক্ষিণ আফ্ৰিকাৰ - T20 world cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 22, 2024, 8:17 AM IST

T20 WC 2024 Eng vs SA : এক তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচত দক্ষিণ আফ্ৰিকাই ছুপাৰ এইটৰ এখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে সাত ৰাণত বিজয় সাব্যস্ত কৰে । হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনে এক দৃঢ়তাপূৰ্ণভাৱে খেলিলেও তেওঁলোকৰ পাৰ্টনাৰশ্বিপ কিন্তু ইংলেণ্ডক সফল সমাপ্তিৰ দিশে নিবলৈ পৰ্যাপ্ত নাছিল ।

T20 WC 2024 Eng vs SA
জয়লাভৰ পিচত দক্ষিণ আফ্ৰিকাৰ বিজয় উল্লাস (AP Photo)

স্পৰ্টছ ডেস্ক, ২২ জুন : কুইণ্টন ডি ককৰ এক আক্ৰমণাত্মক অৰ্ধশতক আৰু বলাৰসকলৰ সমূহীয়া প্ৰদৰ্শনৰ বলত দক্ষিণ আফ্ৰিকাই ছুপাৰ এইটৰ দ্বিতীয়খন মেচত ইংলেণ্ডক পৰাস্ত কৰে । এক সুন্দৰ আৰম্ভণি সত্ত্বেও দলীয় স্ক'ৰ আশা কৰা ধৰণে আগবঢ়াবলৈ সক্ষম নোহোৱা দক্ষিণ আফ্ৰিকাই সম্পূৰ্ণ অনুশাসনেৰে বলিং কৰি ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰে ।

টছত পৰাজিত হৈ বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰা দক্ষিণ আফ্ৰিকাৰ ডি ককৰ ৩৮ বলৰ ৬৫ ৰাণৰ মাৰমুখী ইনিংছ সত্ত্বেও কিন্তু ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ৬ উইকেটত ১৬৩ ৰাণতে বান্ধি ৰাখিবলৈ সক্ষম হয় । কিন্তু হেৰী ব্ৰুক (৫৩) আৰু লিয়াম লিভিংষ্টনৰ (৩৩) যুঁজাৰু ইনিংছেও ইংলেণ্ডক জয়ৰ সোৱাদৰ পৰা বঞ্চিত কৰি ৰাখে । ইংলেণ্ডে নিৰ্ধাৰিত অভাৰত ছয় উইকেটৰ বিনিময়ত ১৫৬ ৰাণতে থমকি ৰয় ।

লগতে পঢ়ক :সূৰ্যকুমাৰ যাদৱৰ অভিলেখৰে ভাৰতৰ হাতত ধৰাশায়ী আফগানিস্তান - T20 World Cup 2024

ব্ৰুক আৰু লিভিংষ্টনে ইংলেণ্ডক খেলৰ মাজলৈ ঘূৰাই অনাৰ বাবে যুঁজ দিয়ে আৰু অতি ভাল প্ৰদৰ্শন কৰে । কিন্তু দক্ষিণ আফ্ৰিকাই স্নায়ু যুঁজত ইংলেণ্ডৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আৰু বিশ্বকাপত বিজয়ৰ ধাৰা অব্যাহত ৰাখে ।

উল্লেখ্য যে, অন্তিম চাৰি অভাৰত ইংলেণ্ডক জয়ৰ বাবে ৪৬ ৰাণৰ প্ৰয়োজন আছিল । ১৭ নম্বৰ অভাৰত ২১ ৰাণ সংগ্ৰহ কৰি ইংলেণ্ডে জয়ৰ সম্ভাৱনা উজ্জীৱিত কৰি ৰাখে যদিও কাগিছো ৰাবাডাই (২/৩২) ১৮ নম্বৰ অভাৰত লিভিংষ্টনক (১৭ বলত ৩৩, ৩ টা চাৰি, ২ টা ছয়) আউট কৰি ইংলেণ্ডৰ আশাত চেঁচাপানী ঢালে ।

আনহাতে, পিছত মাৰ্কো জানচেনে নিজৰ অন্তিম অভাৰত মাত্ৰ সাত ৰাণ খৰচ কৰাত ইংলেণ্ডক জয়ৰ বাবে অন্তিম অভাৰত ১৪ ৰাণৰ প্ৰয়োজন হয় । কিন্তু এই ৰাণ সংখ্যা সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল ইংলেণ্ড আৰু অৱশেষত মেচখনত ৭ ৰাণত পৰাজয়বৰণ কৰে ।

লগতে পঢ়ক :চলিত টি-২০ বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক কামিন্সৰ; কেংগাৰু বাহিনীৰ হাতত 28 ৰাণত পৰাস্ত বাংলাদেশ - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.