ETV Bharat / sports

6 মিনিট, 10 বল, 50 ৰাণ... ইংলেণ্ডৰ এগৰাকী বেটছমেনৰ ঐতিহাসিক কৃতিত্ব

Wi vs eng 2nd T20i: ক্ৰিকেটত বহু বেটিং অভিলেখ আছে । এগৰাকী বেটছমেনে মাত্ৰ 6 মিনিটতে 10 টা বলত সংগ্ৰহ কৰিছিল 50 ৰাণ ৷

FASTEST HUNDRED IN T20
উইল জেক (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 11, 2024, 4:05 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰিকেটত আছে আমোদজনক বহু অভিলেখ ৷ কিন্তু যোৱা আই পি এল ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলি ইংলেণ্ডৰ বেটছমেন উইল জেকে যি অভিলেখ অৰ্জন কৰিছিল, সেয়া সদায় দেখিবলৈ পোৱা নাযায় । মাত্ৰ 6 মিনিটতে 10 টা বলত 50 ৰাণ সংগ্ৰহ কৰি নতুন ইতিহাসৰ সৃষ্টি কৰে এইগৰাকী বেটছমেনে ।

কোনখন মেচত স্থাপন হৈছিল এই অভিলেখ

আচলতে আই পি এল 2024 ৰ 45 সংখ্যক মেচখন খেলিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই । উক্ত মেচখনত কোহলীয়ে চাৰি আৰু ছয় আৰু আনফালে উইল জেকে ছয়ৰ বৰষুণ দিছিল । গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা এই মেচখনত দুয়োগৰাকী বেটছমেনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই বহু অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

আৰ চি বিৰ অভিলেখসংখ্যক জয়

উক্ত মেচখনত টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰি গুজৰাটে 20 অভাৰত তিনিটা উইকেট হেৰুৱাই 200 ৰাণ সংগ্ৰহ কৰে । যি আছিল আই পি এলত প্ৰথম বেটিং কৰি গুজৰাট টাইটানছে সংগ্ৰহ কৰা সৰ্বাধিক স্ক’ৰ ৷

প্ৰত্যুত্তৰত বিৰাট কোহলী আৰু উইল জেকৰ বিস্ফোৰক অংশীদাৰিত্বৰ বাবে আৰ চি বিয়ে গুজৰাটক 9 উইকেটত পৰাস্ত কৰে । আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক মুঠ ৰাণ সংগ্ৰহ কৰে আৰ চি বিয়ে । আমোদজনকভাৱে দলটোৱে এই সফলতা লাভ কৰিছিল যেতিয়া মেচখন শেষ হ’বলৈ 24 টা বল বাকী আছিল ।

জেক শতক অৰ্জনকাৰী পঞ্চমগৰাকী দ্ৰুততম বেটছমেন

আৰ চি বিৰ হৈ এই মেচখনত উইল জেকে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল । মাত্ৰ 41 টা বলত শতক অৰ্জন কৰে ক্ৰিকেটাৰগৰাকীয়ে । যি আছিল খেলুৱৈগৰাকীৰ আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক ।

ইফালে তেওঁ 243.90 ষ্ট্ৰাইক ৰেটত পাঁচটা চাৰি আৰু 10 টা ছয় কোবায় । তেওঁৰ এই ইনিংছৰ বাবেই আৰ চি বিয়ে 16 অভাৰত এটা উইকেট হেৰুৱাই 206 ৰাণ সংগ্ৰহ কৰি 9 উইকেটত জয়লাভ কৰে ।

আমোদজনক কথাটো হ’ল যে, জেক আই পি এলৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা পঞ্চমগৰাকী বলাৰত পৰিগণিত হয় । মাত্ৰ 30 টা বলত শতক অৰ্জন কৰা ক্ৰিছ গেইলৰ নাম এই তালিকাৰ শীৰ্ষত আছে । জেকে মাত্ৰ 10 টা বলত 50 ৰ পৰা 100 ৰাণৰ মাইলৰ খুঁটিত উপনীত হৈছিল ।

ইয়াৰ জৰিয়তে জেকে ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰে । প্ৰবীণ খেলুৱৈগৰাকীয়ে মাত্ৰ 13 টা বলৰ মুখামুখি হৈ 50 ৰ পৰা 100 ৰাণ সংগ্ৰহ কৰে । কিন্তু জেকক এই আই পি এল ছিজনৰ বাবে আৰ চি বিয়ে ধৰি ৰাখিব পৰা নাই ।

কোহলী আৰু জেকৰ মাজত সৰ্ববৃহৎ অংশীদাৰিত্ব

201 ৰাণৰ লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ ক্ৰিজত নমা আৰ চি বিয়ে সেইখন মেচত 40 ৰাণত হেৰুৱাইছিল প্ৰথমটো উইকেট । ইয়াৰ পাছতে তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা উইল জেকে দ্বিতীয় উইকেটৰ বাবে বিৰাট কোহলীৰ সৈতে 133 ৰাণৰ অপৰাজিত অংশীদাৰিত্ব গঢ়ি তোলে ৷ গুজৰাট টাইটানছৰ বিৰুদ্ধে আই পি এলত এয়াই আছিল সৰ্ববৃহৎ অংশীদাৰিত্ব ।

লগতে পঢ়ক: আৰিয়ানৰ পৰা আনায়ালৈ... প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ ভিডিঅ’ই লগাইছে তোলপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.