ETV Bharat / sports

ডুৰাণ্ড কাপত কোনকেইখন মেচ অধিক উপভোগ্য হ'ব ? - Durand Cup 2024

Durand Cup 2024 : দেশৰ অন্যতম সন্মানীয় ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ ২৭ জুলাইৰ পৰা আৰম্ভ হ'ব । ১৩৩ সংখ্যক এইবাৰৰ ডুৰাণ্ড কাপ অধিক আকৰ্ষণীয় হোৱাৰ প্ৰত্যাশা কৰা হৈছে । কোনকেইখন মেচক লৈ অধিক চৰ্চা চলিছে এবাৰ চাওঁ আহক ।

author img

By ANI

Published : Jul 25, 2024, 2:52 PM IST

Durand Cup 2024
ডুৰাণ্ড কাপৰ এখন মেচৰ ফাইল ফটো (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৫ জুলাই : ২০২৪-২৫ বৰ্ষৰ ছিজনৰ ডুৰাণ্ড কাপ ফুটবল ২৭ জুলাইত কলকাতাত আৰম্ভ হ'ব । ১৩৩ সংখ্যক এইবাৰৰ এই সন্মানীয় প্ৰতিযোগিতাখনত বৰ্তমান চেম্পিয়ন মোহন বাগান ছুপাৰ জায়াণ্টে ডাউনটাউন হিৰোজ এফ চিৰ মুখামুখি হ'ব ।

প্ৰতিযোগিতাখনত ৰাউণ্ড-ৰবীন লীগ ফৰ্মেটত 24 টা দলে প্ৰতিদ্বন্দ্বিতা কৰিব । ইয়াত ছয়টা গ্ৰুপ থাকিব । গ্ৰুপৰ বিজয়ী ছয়টা দল আৰু দুটা দ্বিতীয় শ্ৰেষ্ঠ স্থানৰ দলে নকআউট ৰাউণ্ডলৈ উন্নীত হ'ব । গ্ৰুপ এ-ত আছে দুটা শ্ৰেষ্ঠ দল মোহনবাগান এছ জি আৰু ইষ্ট বেংগল এফ চি । ইয়াৰ উপৰি আছে ডাউনটাউন হিৰোজ এফচি আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ এফ টি ।

২০২৩ ডুৰাণ্ড কাপৰ পৰা ফাইনেলিষ্ট দুটা দলে পুনৰবাৰ একেটা গ্ৰুপত স্থান লাভ কৰিছে ।

১৩৩ সংখ্যক ডুৰাণ্ড কাপত উপভোগ্য শীৰ্ষ মেচকেইখন হৈছে :

মোহনবাগান ছুপাৰ জায়েণ্ট বনাম ইষ্ট বেংগল এফ চি : বিগত ছিজনৰ ফাইনেলিষ্ট দল দুটাই ১৮ আগষ্টত কলকাতাৰ আইকনিক ছল্ট লেক ষ্টেডিয়ামত মুখামুখি হ'বলৈ সাজু হৈছে ।

প্ৰতিযোগিতাখনৰ এই দুটা কিংবদন্তী দলৰ মাজত প্ৰতিযোগিতামূলক ইতিহাসৰ বাবে এই গ্ৰুপ এ-ৰ এই মেচখন যথেষ্ট আকৰ্ষণীয় হ'ব ।

মহম্মেদান এছ চি বনাম বেংগালুৰু এফ চি : বেংগালুৰু এফ চি আৰু মহম্মেদান এছ চিৰ মাজৰ মেচখন গ্ৰুপ বি-ৰ মুখ্য আকৰ্ষণ হ'ব । এই গ্ৰুপত ভাৰতীয় নৌসেনা আৰু ইণ্টাৰ কাশীও আছে । আগন্তুক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে বেংগালুৰু এফ চিয়েও দলটোক শক্তিশালী কৰিছে ।

কেৰালা ব্লাষ্টাৰ্ছ এফ চি বনাম মুম্বাই চিটি এফ চি : কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াঙ্গনত ১ আগষ্টত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে মুম্বাই চিটি এফ চি অৱতীৰ্ণ হ'ব । এই মেচখন প্ৰতিযোগিতাখনৰ গ্ৰুপ চি-ৰ আটাইতকৈ আকৰ্ষণীয় মেচবোৰৰ ভিতৰত এখন হ'ব । এই গ্ৰুপত পঞ্জাব এফ চিকে ধৰি তিনিটা আই এছ এল দল আছে ।

ওড়িশা এফ চি বনাম নৰ্থ-ইষ্ট ইউনাইটেড এফ চি : ওড়িশা এফ চি আৰু নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ১৬ আগষ্টত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত গ্ৰুপ ই-ত মুখামুখি হ'ব । পূৰ্বৰ ছিজনত ওড়িশা এফ চি য়ে ৰিজাৰ্ভ দলৰ সৈতে গ্ৰুপ পৰ্যায়ৰ পৰায়ে প্ৰস্থান কৰিছিল । আনহাতে, নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ইষ্ট বেংগল এফ চিৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বে ছেমি ফাইনেলত উপনীত হৈছিল ।

জামছেদপুৰ এফ চি বনাম চেন্নায়ান এফ চি : ৪ আগষ্টত জে আৰ ডি স্পৰ্টছ কমপ্লেক্সত জামছেদপুৰ এফ চি আৰু চেন্নায়ান এফ চিৰ মাজৰ আন এখন আকৰ্ষণীয় মেচ দৰ্শকে উপভোগ কৰিবলৈ পাব ।

চেন্নায়ান এফ চিয়ে বিগত ছিজনৰ আই এছ এলত প্লে-অফত উপনীত হৈছিল । আনহাতে, জামছেদপুৰ এফ চিয়ে লীগ পৰ্যায়ত দশম স্থান লাভ কৰাৰ পূৰ্বে প্লে-অফৰ প্ৰবল দাবীদাৰ আছিল । দুয়োটা দলে আগন্তুক ছিজনৰ বাবে নতুন সংযোজনেৰে দলক শক্তিশালী কৰিছে ।

লগতে পঢ়ক :পেৰিছ অলিম্পিক ২০২৪ : ভাৰতে লাভ কৰিব পৰা ১০ টা ডাঙৰ কৃতিত্ব আৰু অভিলেখ - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ ২০২৪ অলিম্পিক: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত নীতা আম্বানী - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.