ETV Bharat / sports

দুলীপ ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শনৰে ঈশান কিষাণৰ শতক অৰ্জন - DULEEP TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 12, 2024, 7:51 PM IST

Ishan Kishan: ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন ঈশান কিষাণে হেৰুওৱা ছন্দ ঘূৰাই পাইছে ৷ ক্ৰিকেটাৰগৰাকীয়ে দুলীপ ট্ৰফীত অংশগ্ৰহণ কৰি ইণ্ডিয়া চি-ৰ হৈ অৰ্জন কৰিছে শতক ৷ পঢ়ক বিতং খবৰ...

DULEEP TROPHY 2024
দুলীপ ট্ৰফীত ঈশান কিষাণ (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: ভাৰতৰ যুৱ উইকেটকীপাৰ বেটছমেন ঈশান কিষাণে আকৌ এবাৰ প্ৰদৰ্শন কৰিছে নিজৰ বেটিং দক্ষতা । দুলীপ ট্ৰফীত বাওঁহতীয়া বেটছমেনজনে আক্ৰমণাত্মক প্ৰদৰ্শন কৰি অৰ্জন কৰিছে শতক ৷ বৃহস্পতিবাৰে ইণ্ডিয়া চি-ৰ হৈ খেলি ঈশান কিষাণে ইণ্ডিয়া বি-ৰ বিৰুদ্ধে শতক অৰ্জন কৰে ।

ইণ্ডিয়া চি দলৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাড়ে আঘাতৰ বাবে খেলৰ পৰা বাদ পৰে ৷ কিন্তু ঈশান কিষাণে তেওঁৰ শৈলীত খেলখনত সম্পূৰ্ণ কৰে শতক । কিষাণে এই শতকটো প্ৰায় 90 ৰ ষ্ট্ৰাইক ৰেটত অৰ্জন কৰিছিল । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এয়া ক্ৰিকেটাৰগৰাকীৰ সপ্তমটো শতক । প্ৰায় দুবছৰৰ পিছত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শতক অৰ্জন কৰে কিষাণে ।

প্ৰথমখন খেলৰ পৰা বাদ ঈশান

ঈশান কিষাণে প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ খেলুৱৈজন আঘাতৰ বাবে প্ৰথমখন খেলৰ পৰা বাদ পৰিছিল । কিন্তু সুস্থ হোৱাৰ পিছত ঈশানে দুৰ্দান্ত ফৰ্মলৈ উভতি আহে । খেলুৱৈগৰাকীৰ বেটিং বিক্ৰমত ইণ্ডিয়া বি-ৰ বলাৰসকল দিশহাৰা হৈ পৰে ৷ বিশেষকৈ স্পিনাৰসকল বেটছমেনগৰাকীৰ আগত তিষ্ঠিব নোৱাৰিলে ৷ ঈশানে ৱাশ্বিংটন সুন্দৰৰ বিৰুদ্ধে ভাল শ্বট খেলি খেলখনত 111 ৰাণ সংগ্ৰহ কৰে ।

ঈশানৰ বাবে দুলীপ ট্ৰফী গুৰুত্বপূৰ্ণ

ঈশান কিষাণৰ বাবে দুলীপ ট্ৰফী টুৰ্ণামেণ্ট অতি গুৰুত্বপূৰ্ণ । তেওঁ দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ বাহিৰত আছিল আৰু যদি তেওঁ এই প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰে, তেন্তে ভাৰতীয় বাছনি সমিতিয়ে তেওঁৰ নাম বিবেচনা কৰিব পাৰে ।

ঈশানে অলপতে বুচি বাবু টুৰ্ণামেণ্টতো অংশগ্ৰহণ কৰিছিল । উক্ত শৃংখলাতো ক্ৰিকেটাৰগৰাকীয়ে শতক অৰ্জন কৰে ৷ অৱশ্যে ঈশান বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচিত হোৱা নাই আৰু টি-20 শৃংখলাৰ বাবে এতিয়াও ঘোষণা কৰা হোৱা নাই ভাৰতীয় দলটো ৷ তিনিখন খেলৰ টি-20 শৃংখলাত স্থান লাভ কৰাটো এই সময়ত হ’ব ঈশান কিষাণৰ ডাঙৰ লক্ষ্য ৷

লগতে পঢ়ক: টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা বাংলাদেশৰ: কোনে পালে স্থান, কোন পৰিল বাদ - IND VS BAN TEST SERIES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.