ETV Bharat / sports

হায়দৰাবাদৰ সৈতে থকা স্মৃতি সুঁৱৰি আবেগিক ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ: সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো - DAVID WARNER - DAVID WARNER

David Warner remembers Charminar: অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰে শেহতীয়াকৈ সামাজিক মাধ্যমৰ এটা পোষ্টত তেলেগু লোকসকলৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা ফটোৰ মাধ্যমৰে প্ৰকাশ কৰিছে ৷ তেওঁ চাৰমিনাৰৰ এখন ফটো আপলোড কৰি প্ৰিয় ঠাইবোৰৰ ভিতৰত অন্যতম বুলি কেপচন লিখি দিয়ে ৷ লগতে উল্লেখ কৰে যে, তেওঁৰ সততে মনলৈ অহা ঠাইসমূহৰ ভিতৰত হায়দৰাবাদ হৈছে অন্যতম ৷

DAVID WARNER
ডেভিদ ৱাৰ্ণাৰৰ ফাইল ফটো (GETTY IMAGES)
author img

By ETV Bharat Sports Team

Published : Aug 27, 2024, 7:13 PM IST

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন ডেভিদ ৱাৰ্ণাৰৰ হৃদয়ত আছে নিজামৰ চহৰ খ্যাত হায়দৰাবাদৰ প্ৰতি এক সুকীয়া স্থান ৷ তেলেগু ক্ৰিকেট অনুৰাগীসকলৰ সৈতেও তেওঁৰ আছে এক বিশেষ সম্পৰ্ক ৷ কিয়নো প্ৰাক্তন ক্ৰিকেটাৰগৰাকী জড়িত হৈ আছিল আই পি এলৰ অন্যতম ফ্ৰেঞ্চাইজি দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে ।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে তেলেগু ছবিৰ নৃত্যৰ আধাৰত ভিডিঅ’ প্ৰস্তুত কৰি আপলোড কৰিছিল তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত । লগতে একাধিক তেলেগু সংলাপৰো লিপচিং কৰিছিল । ৱাৰ্ণাৰৰ এই পোষ্টসমূহ তেলেগু ক্ৰিকেট অনুৰাগীৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল আৰু সমানে সমানে তেওঁলোকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰায়ে তেলেগু অনুৰাগীসকলক প্ৰশংসাৰে ওপচাই তোলে ৷ শেহতীয়াকৈ খেলুৱৈগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো একেই ছবি পৰিস্ফুট হৈছে । 37 বছৰীয়া ৱাৰ্ণাৰে ৰঙীন পোহৰৰ মাজত জিলিকি থকা হায়দৰাবাদৰ চাৰমিনাৰৰ এখন ফটো শ্বেয়াৰ কৰিছে । ফটোখনৰ শিৰোনামত লিখিছিল এনেদৰে "মোৰ প্ৰিয় ঠাইবোৰৰ ভিতৰত অন্যতম ৷ যাক মই প্ৰায়ে মনত কৰো" ৷

ইয়াৰ পিছত নেটিজেনসকলে মন্তব্য কৰে যে হায়দৰাবাদৰ সৈতে ৱাৰ্ণাৰৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে । যদি ছানৰাইজাৰ্ছ হায়দৰাবাদে আগন্তুক নিলামত ৱাৰ্ণাৰক ক্ৰয় কৰে, তেন্তে ই খুবেই ভাল কথা হ’ব বুলি অনুৰাগীসকলে মত প্ৰকাশ কৰিছিল ।

ৱাৰ্ণাৰে 2014 ৰ পৰা 2021 চনলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰিছে ৷ তেওঁৰ নেতৃত্বত 2016 চনত আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল দলটোৱে ৷ বাওঁহতীয়া বেটছমেনগৰাকীয়ে আঠটা সংস্কৰণত ফ্ৰেঞ্চাইজিৰ হৈ মুঠ 95 খন মেচ খেলিছিল ।

তেওঁ 142.59 ষ্ট্ৰাইক ৰেটৰ সৈতে সংগ্ৰহ কৰিছিল 4,014 ৰাণ ৷ কিন্তু আই পি এল 2022 ৰ পূৰ্বে দলৰ পৰা বাদ পৰিছিল ডেভিদ ৱাৰ্ণাৰ আৰু দিল্লী কেপিটেলছে(ডিচি) তেওঁক নিলামত ক্ৰয় কৰিছিল । ইমান গুৰুত্বপূৰ্ণ খেলুৱৈক সমৰ্থন নকৰাৰ বাবে ফ্ৰেঞ্চাইজিটো তেতিয়া বহুত বিতৰ্কৰ অধীনলৈয়ো আহিছিল ।

ৱাৰ্ণাৰে প্ৰায়ে আল্লু অৰ্জুনৰ চিনেমা আৰু গান সামাজিক মাধ্যমত পোষ্ট কৰি থাকে, দুয়োজন তাৰকাই মাজে মাজে ইজনে-সিজনক অনলাইনত জন্মদিনৰ লগতে আন কেতবোৰ কাৰণত শুভেচ্ছা জনায় ৷ তেওঁ পুষ্পা ছবিৰ 'তাঘেদেলে' সংলাপটো কেইবাবাৰো অনুকৰণ কৰা সামাজিক মাধ্যমত অনুৰাগীসকলে প্ৰত্যক্ষ কৰিছিল ।

লগতে পঢ়ক: বিৰাট কোহলীয়ে ব্যৱহাৰ কৰা 10 টা ব্যয়বহুল ঘড়ী: মূল্য জানিলে চকু কপালত উঠিব আপোনাৰ - EXPENSIVE WATCHES OF VIRAT KOHLI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.