স্প’ৰ্টছ ডেস্ক: ছিংগাপুৰৰ ৰিজ’ৰ্টছ ৱৰ্ল্ড চেণ্টোচাত অনুষ্ঠিত হ'বলগীয়া বিশ্ব দবা চেম্পিয়নশ্বিপত দবাৰ পৰৱৰ্তী বিশ্ব চেম্পিয়নগৰাকীক বাছনি কৰা হ'ব । এই প্ৰতিযোগিতাত বৰ্তমানৰ বিশ্ব দবা চেম্পিয়ন চীনৰ ডিং লিৰেনক ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে এক চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে পৰাজিত কৰে ৷ তামিলনাডুৰ খেলুৱৈজনে তৃতীয় ৰাউণ্ডত লিৰেনক পৰাস্ত কৰিবলৈ সক্ষম হয় ।
চীনৰ লিৰেনক পৰাস্ত ডি গুকেশৰ
দুটা ৰাউণ্ডত অনুষ্ঠিত খেলখনত চীনৰ ডিং লিৰেনে প্ৰথম ৰাউণ্ডত বিজয়ী হয় । দ্বিতীয় ৰাউণ্ডৰ খেলখন অমীমাংসিতভাৱে সামৰণি পৰে ৷ বুধবাৰে অনুষ্ঠিত তৃতীয় ৰাউণ্ডৰ খেলখনত গুকেশে জয়লাভ কৰে ৷ বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত এয়া খেলুৱৈগৰাকীৰ প্ৰথমটো জয় । অৱশ্যে এতিয়াও প্ৰতিযোগিতাখনৰ 11 খন খেল বাকী আছে । সমগ্ৰ শৃংখলাটোত 13 খন খেল অনুষ্ঠিত হ’ব ।
The moment when @DGukesh won against Ding Liren in Game 3 of the World Chess Championship match! #DingGukesh #WorldChessChampionship2024 pic.twitter.com/egdqmFpoqG
— ChessBase India (@ChessbaseIndia) November 27, 2024
এই খেলখনত গুকেশে 37 তম পদক্ষেপত বিজয়ী হয় ৷ চীনৰ ডিং লিৰেন আৰু তামিলনাডুৰ ডি গুকেশ পইণ্ট তালিকাত 1.5-1.5 পইণ্ট লাভ কৰি সমতা স্থাপন কৰে ৷ এতিয়াও বাকী আছে 11 ৰাউণ্ডৰ খেল । 7.5 পইণ্টত উপনীত হোৱা প্ৰথমগৰাকী ব্যক্তিক পৰৱৰ্তী বিশ্ব দবা চেম্পিয়নৰূপে ঘোষণা কৰা হ'ব ।
ইয়াৰ পূৰ্বে ভাৰতৰ বিশ্বনাথন আনন্দে বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । আশা কৰা হৈছে যে, 18 বছৰীয়া খেলুৱৈজনে এই অভিলেখ গঢ়িব । যদি এনে হয় গুকেশে সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিব ।
দবা খেলৰ প্ৰায় 138 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়াৰ দেশসমূহৰ দুজন খেলুৱৈয়ে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে । চেম্পিয়নজনক ভাৰতীয় টকাৰ হিচাপত প্ৰদান কৰা হ’ব প্ৰায় 18 কোটি 80 লাখৰ পুৰস্কাৰ ৷
Judit Polgar: " gukesh has to win! if he wants to become a world champion he has to win this game"#DingGukesh pic.twitter.com/9LdRnVsCxA
— chess24 (@chess24com) November 27, 2024
তামিলনাডুৰ খেলুৱৈ ডি গুকেশে শেহতীয়াকৈ কানাডাৰ টৰণ্টোত অনুষ্ঠিত কেণ্ডিডেটছ দবা চেম্পিয়নশ্বিপত প্ৰথম স্থান লাভ কৰি বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে।