ETV Bharat / sports

লক্ষ্ণৌৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত চি এছ কে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 10:41 PM IST

Updated : Apr 24, 2024, 8:45 AM IST

CSK VS LSG IPL 2024: লক্ষ্ণৌৱে ঘৰুৱা খেলপথাৰত অন্তিমখন খেলত চেন্নাইক পৰাভূত কৰাৰ পাচত মঙলবাৰে পুনৰ দ্বিতীয়খন মেচত দলটোক ৬ উইকেটত পৰাস্ত কৰে ৷ ইয়াৰ লগতে পইন্ট তালিকাত চেন্নাই পঞ্চম স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে চতুৰ্থ স্থান দখল কৰে লক্ষ্ণৌৱে ৷

CSK VS LSG IPL 2024
IPL 2024

নিউজ ডেস্ক, ২৩ এপ্ৰিল: লক্ষ্ণৌ ছুপাৰ জায়েন্টছে একেৰাহে দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিছে । লক্ষ্ণৌৱে নিজৰ ঘৰুৱা খেলপথাৰ একনাত চেন্নাইক ৮ উইকেটত পৰাস্ত কৰাৰ পাছত পুনৰ চেপাউকত ৬ উইকেটত পৰাস্ত কৰে । চেন্নাইয়ে প্ৰথমে বেটিং কৰি ৪ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে । চেন্নাইৰ হৈ ১০৮ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ঋতুৰাজ গাইকোৱাদে । প্ৰত্যুত্তৰত লক্ষ্ণৌৱে ১৯.৩ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । মাৰ্কাছ ষ্টয়নিছে ৬৩টা বলত ১২৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

এই জয়েৰে লক্ষ্ণৌ দলে পইণ্ট তালিকাত চতুৰ্থ স্থান দখল কৰে । আনহাতে পঞ্চম স্থানলৈ অৱনমিত হয় চেন্নাই । চেন্নাইয়ে পৰৱৰ্তী মেচ ২৮ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব, আনহাতে লক্ষ্ণৌৱে ২৭ এপ্ৰিলত একনাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত মঙলবাৰে অনুষ্ঠিত হয় আই পি এল ২০২৪ ৰ ৩৯ সংখ্যক মেচখন ।

এই খেলখত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলে । বেটিং কৰিবলৈ আহি চেন্নাই দলে মাত্ৰ ৪ ৰাণতে আজিংক্য ৰাহানেৰ উইকেট হেৰুৱায় । তাৰ পিচতে দলৰ স্ক'ৰ ৪৯ হৈ থকা সময়তে ১১ ৰাণ কৰি ডেৰীল মিচেলো পেভিলিয়নলৈ ওভতে । কিন্তু অধিনায়ক তথা অপেনাৰ ৰুতুৰাজ গাইকোৱাড আৰু ৰবীন্দ্ৰ জাদেজাই দলৰ স্ক'ৰ আগুৱাই নিয়ে । ১৬ ৰাণ কৰি জাদেজা আউট হোৱাৰ পিচত খেলপথাৰত নামে শিৱম দুবে ।

শিৱম আৰু ৰুতুৰাজৰ পাৰ্টনাৰশ্বিপে দিশহাৰা কৰি তোলে লক্ষ্ণৌৰ বলাৰক । দুয়োগৰাকী বেটছমেনেই এটাৰ পিচত আন এটাকৈ বল বাউণ্ডেৰীলৈ কোবাবলৈ ধৰে । মাত্ৰ ২৭ টা বলত ৩ টা বাউণ্ডেৰী আৰু ৭ টা ছিক্সাৰৰ সহায়ত ৬৬ ৰাণ কৰি ১৯.৪ অভাৰত আউট হয় শিৱম । ইফালে অধিনায়ক ৰুতুৰাজে অতি দৰ্শনীয়ভাৱে খেলি ৬০ টা বলত ১২ টা বাউণ্ডেৰী আৰু ৩ টা ছিক্সাৰ কোবাই ১০৮ ৰাণত অপৰাজিত হৈ থাকে । নিৰ্ধাৰিত ২০ অভাৰত চেন্নাই দলে ২১০ ৰাণ সংগ্ৰহ কৰে আৰু লক্ষ্ণৌক ২১১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ।

ইফালে দ্বিতীয় ইনিংছত বেটিং আৰম্ভ কৰি কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে লক্ষ্ণৌৰ অপেনাৰ কুইন্টন ডি কক । অধিনায়ক কে এল ৰাহুলেও ১৬ ৰাণ কৰিয়েই আউট হয় । দেৱদত্ত পাড়িক্কলো ১২ ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় । অৱশ্যে মাৰ্কাচ ষ্টইনিছে ৬১ আৰু নিকোলাচ পুৰানে ২ ৰাণ কৰি খেলি আছে ।

দুয়োটা দলে এই পৰ্যন্ত ৭খন খেল খেলিছে আৰু উভয়েই ৪ খনকৈ মেচত জয়লাভ কৰিছে । চেন্নাই আৰু লক্ষ্ণৌৱে পইণ্ট তালিকাত ক্ৰমে ৪ৰ্থ আৰু ৫ম স্থানত আছে । দুয়োটা দলৰ মাজৰ অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ৪ খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰ ভিতৰত লক্ষ্ণৌৱে ২ খন খেলত জয়লাভ কৰিছে আৰু চেন্নাইয়ে ১ খন খেলত জয়লাভ কৰিছে । দুয়োটা দলৰ মাজত ১খন মেচ অমীমাংসিত হৈ ৰৈছে ।

লগতে পঢ়ক: ৰিয়ান পৰাগৰ টি-২০ বিশ্বকাপত অন্তৰ্ভুক্তি সন্দৰ্ভত ডাঙৰ মন্তব্য এৰন ফিঞ্চৰ - Riyang Parag IN IPL 2024

Last Updated : Apr 24, 2024, 8:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.