ETV Bharat / sports

চৌদি লীগত অভব্য আচৰণৰ অভিযোগ; ৰোনাল্ডোক এখন মেচৰ বাবে নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:50 PM IST

Ronaldo Suspended From Saudi League : ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে এখন মেচৰ সময়ত খেলপথাৰত অশ্লীল ইংগিত দিছিল । এই বিষয়ত গ্ৰহণ কৰা পদক্ষেপত তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হৈছে । ইফালে এই বাতৰি প্ৰকাশৰ লগে লগে তেওঁৰ অনুৰাগীসকল মৰ্মাহত হৈছে ।

ৰোনাল্ডোক এখন মেচৰ বাবে নিলম্বন
ৰোনাল্ডোক এখন মেচৰ বাবে নিলম্বন

স্পৰ্টছ ডেস্ক, ২৯ ফেব্ৰুৱাৰী : পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোক এখন মেচৰ পৰা নিলম্বন কৰা হৈছে । চৌদি প্ৰ' লীগত আল নাছাৰৰ হৈ খেলি খেলি থকা অৱস্থাত অশ্লীল ইংগিত দিয়াৰ অভিযোগত তেওঁক এখন মেচৰ বাবে নিলম্বন কৰা হৈছে । উল্লেখ্য যে ৰোনাল্ডো হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ । সেয়ে তেওঁৰ দ্বাৰা এনে আচৰণ সংঘটিত কৰাটোত অনুৰাগীসকলৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে । কিয়নো অনুৰাগীসকলে তেওঁক বহুত ভালপায় । সেয়েহে এখন মেচৰ বাবে তেওঁক নিলম্বন কৰাটো তেওঁৰ অনুৰাগীসকলৰ বাবে এক ডাঙৰ আঘাত ।

উল্লেখ্য যে দেওবাৰে আল নাছাৰে স্থানীয় প্ৰতিদ্বন্দ্বী আল চাবাবক ৩-২ গ'লত পৰাস্ত কৰে । ইয়াৰ পিছত ৰোনাল্ডোৱে বিপক্ষ দলৰ সমৰ্থকসকলক উদ্দেশ্যি অশালীন ইংগিত দিয়ে । সেই সময়ত দৰ্শকসকলে তেওঁৰ চিৰ প্ৰতিদ্বন্দ্বী লিঅ'নেল মেছিৰ নামত 'মেছি মেছি' উচ্চাৰণ কৰি শ্লোগান দি আছিল । তাতেই খড়গহস্ত হৈ পৰে ৰোনাল্ডো । আনহাতে, বৃহস্পতিবাৰে চৌদি আৰব ফুটবল ফেডাৰেচনৰ অনুশাসন আৰু নৈতিক সমিতিয়ে এই নিলম্বনৰ কথা ঘোষণা কৰে । তেওঁৰ দলটোৱে পৰৱৰ্তী মেচখনত আল-হাজামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

ইফালে ৰিয়েল মাদ্ৰিদ আৰু ম্যানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন তাৰকা ৰোনাল্ডোৱে আল চাবাবক প্ৰায় ৫,০০০ ডলাৰ আৰু চৌদি ফুটবল ফেডাৰেচনক তাৰ আধা পৰিমাণৰ জৰিমনা পৰিশোধ কৰিব লাগিব ।

উল্লেখ্য যে এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ আপীলো কৰিব নোৱাৰে । ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ'নেল মেছি হৈছে ফুটবল জগতৰ দুগৰাকী প্ৰখ্যাত খেলুৱৈ । এনে পৰিস্থিতিত প্ৰায়ে দুয়োগৰাকী তাৰকা ফুটবলাৰৰ অনুৰাগীসকলৰ মাজত সংঘৰ্ষ হয় । কিন্তু বৰ্তমান অনুৰাগীসকলৰ কাৰ্যকলাপ সন্দৰ্ভত ৰোনাল্ডোৰ এই প্ৰতিক্ৰিয়াৰ বাবে এতিয়া তেওঁ মূল্য ভৰিব লাগিব ।

লগতে পঢ়ক :বিচিচিআইৰ বাৰ্ষিক চুক্তিৰ পৰা বাহিৰ হ'ল শ্ৰেয়স আয়াৰ আৰু ঈশান কিষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.