ETV Bharat / sports

মৃত্যুক জয় কৰি ক্ৰিকেট ময়দানলৈ ওভতা ক্ৰিকেটাৰসকল... - CRICKETER RETURNED AFTER ACCIDENT

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 5:12 PM IST

Cricketers who returned to field after road accident: ক্ৰিকেট জগতত এনে কেইগৰাকীমান ক্ৰিকেটাৰ আছে, যিসকলে পথ দুৰ্ঘটনাত পতিত হৈ বহু সময়ত মৃত্যুৰ সৈতে যুঁজ দিছে ৷ কিন্তু আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত পুনৰ ক্ৰিকেট খেলপথাৰত দেখা গৈছে এইসকল ক্ৰিকেটাৰক ৷ তেনে কেইগৰাকীমান ক্ৰিকেটাৰৰ কাহিনীৰে সজোৱা হৈছে এই প্ৰতিবেদন ৷

CRICKETER RETURNED AFTER ACCIDENT
মৃত্যুক জয় কৰি ক্ৰিকেট ময়দানলৈ ওভতা ক্ৰিকেটাৰসকল (IANS Photos)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: খেলপথাৰত বেটে-বলে সুসজ্জিত ৰূপত দেখা যায় ক্ৰিকেটাৰসকলক ৷ অনুৰাগীসকলেও নিচেই ওচৰৰ পৰা উপভোগ কৰিবলৈ বিচাৰে প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ খেল ৷ পিছে সকলো সময় একে নহয় ৷ বহুসময়ত নিজৰ প্ৰিয় ক্ৰিকেটাৰগৰাকী পথ দুৰ্ঘটনাত পতিত হৈ আঁতৰি থাকিবলগীয়া হয় খেলপথাৰৰ পৰা ৷

পিছে আঘাতৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত বহুকেইগৰাকী ক্ৰিকেটাৰে পুনৰ প্ৰত্যাৱৰ্তন কৰে ক্ৰিকেটৰ ময়দানলৈ ৷ এই প্ৰতিবেদনত তেনে একাংশ ক্ৰিকেটাৰৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে, যিসকলে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত বহু সময় আঁতৰি আছিল সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা ৷ কিন্তু সুস্থ হৈ উঠাৰ পিছতে তেওঁলোকে পুনৰ প্ৰত্যাৱৰ্তন কৰিছিল ক্ৰিকেট খেলপথাৰলৈ ৷

পথ দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰৰ প্ৰত্যাৱৰ্তন

  1. ঋষভ পন্ত: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন তথা উইকেটকীপাৰ ঋষভ পন্ত পথ দুৰ্ঘটনাত পতিত হোৱা ক্ৰিকেটাৰসকলৰ মাজৰে এজন । 2022 চনৰ 30 ডিচেম্বৰত ৰুৰকীত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল ক্ৰিকেটাৰগৰাকী ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পন্ত ৷ অৱশ্যে আঘাতৰ পৰা সুস্থ হৈ ক্ৰিকেটাৰগৰাকীয়ে 2024 চনত আই পি এলৰ জৰিয়তে খেলপথাৰলৈ উভতি আহে ৷ পৰৱৰ্তী সময়ত পন্তে ভাৰতীয় দলৰ হৈ টি-20 বিশ্বকাপ 2024 ত অংশগ্ৰহণ কৰে ৷ ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ মুখৰ পৰা উভতি অহাৰ কাহিনীটো অতি অনুপ্ৰেৰণাদায়ক আৰু সংগ্ৰামেৰে পৰিপূৰ্ণ ।
  2. ওশেন থমাছ: 2020 চনৰ ফেব্ৰুৱাৰীত জামাইকাত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ওশেন থমাছ দুৰ্ঘটনাত পতিত হয় ৷ নিজৰ বাহনেৰে আহি থকা অৱস্থাত ক্ৰিকেটাৰগৰাকী দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত তেওঁ দললৈ প্ৰত্যাৱৰ্তন কৰে ৷
  3. কৌশল লোকুৰাচ্চি: শ্ৰীলংকাৰ ক্ৰিকেট দলৰ স্পিন বলাৰ কৌশল লোকুৰাচ্চিয়ো পথ দুৰ্ঘটনাৰ বলি হৈছিল । 2003 চনৰ আগষ্টত সংঘটিত এই পথ দুৰ্ঘটনাত কান্ধত গুৰুতৰ আঘাত পাইছিল ক্ৰিকেটাৰগৰাকীয়ে ৷ এই দুৰ্ঘটনাত এগৰাকী মহিলাৰো মৃত্যু হৈছিল । এই কাৰণৰ বাবেই শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডেও খেলুৱৈগৰাকীক নিলম্বন কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত কৌশলে ক্ৰিকেটৰ ময়দানলৈ উভতি আহিছিল আৰু 2012 চনত তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰে ।
  4. মনচুৰ আলী খান পাটাউডি: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু এসময়ৰ এগৰাকী মহান ক্ৰিকেটাৰ মনচুৰ আলী খান পাটাউডিয়ো পথ দুৰ্ঘটনাৰ বলি হৈছিল । 20 বছৰ বয়সতে দুৰ্ঘটনাত পতিত হোৱা ক্ৰিকেটাৰগৰাকীৰ সোঁ-চকুটো আঘাতপ্ৰাপ্ত হৈছিল । ইয়াৰ পাছতো জীৱনযুদ্ধত হাৰ নামানি ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাই খেলুৱৈগৰাকীয়ে ৷ তেওঁ 46 খন টেষ্ট মেচত ভাৰতৰ হৈ 2000 ৰো অধিক ৰাণ সংগ্ৰহ কৰে ।
  5. কৰুণ নায়াৰ: ভাৰতীয় ক্ৰিকেটাৰ কৰুণ নায়াৰো দুৰ্ঘটনাত পতিত হৈছিল ৷ নায়াৰে 2016 চনত কেৰালাত এটা দুৰ্ঘটনাত পতিত হয় ৷ এখন নাৱেৰে নদী পৰিষ্কাৰ কৰাৰ পিছত মন্দিৰলৈ গৈ থকা অৱস্থাত নাওখন দুৰ্ঘটনাৰ সন্মুখীন হয় ৷ অৱশেষত গাঁওবাসীৰ প্ৰচেষ্টাত ক্ৰিকেটাৰগৰাকীক উদ্ধাৰ কৰা হয় ৷ এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু ঘটিছিল, কিন্তু ইয়াৰ পিছত কৰুণ নায়াৰ খেলপথাৰলৈ উভতি আহে । তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট ক্ৰিকেটত তিনিটাকৈ শতক অৰ্জন কৰিছে ।

লগতে পঢ়ক: জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছতে এইখন দেশত নিষিদ্ধ ক্ৰিকেট - BAN ON CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.